একাধিক অষ্ট্ৰেলিয়ান অ’পেন খিতাপ জয় কৰা জানিক ছিনাৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত

মেলবৰ্ণৰ ৰড লেভাৰ এৰেনাত কালি অনুষ্ঠিত অষ্ট্ৰেলিয়ান অপেনৰ পুৰুষৰ একক শাখাৰ চূড়ান্ত খেলত আলেকজেণ্ডাৰ ঝভেৰেভক ৬-৩, ৭-৬, ৬-৩ ছেটত পৰাস্ত কৰি ইটালীৰ জানিক ছিনাৰে খিতাপ দখল কৰে। এই জয়ৰ জৰিয়তে ইটালীৰ ২৩ বছৰীয়া খেলুৱৈগৰাকীয়ে ১৯৯২-৯৩ বৰ্ষত জিম কুৰিয়ৰৰ পিছত একাধিক অষ্ট্ৰেলিয়ান অ’পেন খিতাপ জয় কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়। তৃতীয়খন গ্ৰেণ্ড শ্লেমৰ ফাইনেল খেলা ছিনাৰৰ এইটো তৃতীয়টো বৃহৎ খিতাপইফালে, প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছৰ ফাইনেলত আমেৰিকাৰ টেইলৰ টাউনচেণ্ড আৰু চেক খেলুৱৈ কেটেৰিনা চিনিয়াকোভাৰ শীৰ্ষ বাছনিপ্ৰাপ্ত যুটিটোৱে খিতাপ দখল কৰে। যুটিটোৱে তৃতীয় বাছনিপ্ৰাপ্ত লাটভিয়াৰ জেলেনা অষ্টাপেংকো আৰু টাইৱানৰ ছিয়ে ছু-ৱেইক ৬-২, ৬-৭, ৬-৩ ছেটতপৰাস্ত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।