January 27, 2025 3:38 PM

views 32

একাধিক অষ্ট্ৰেলিয়ান অ’পেন খিতাপ জয় কৰা জানিক ছিনাৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত

মেলবৰ্ণৰ ৰড লেভাৰ এৰেনাত কালি অনুষ্ঠিত অষ্ট্ৰেলিয়ান অপেনৰ পুৰুষৰ একক শাখাৰ চূড়ান্ত খেলত আলেকজেণ্ডাৰ ঝভেৰেভক ৬-৩, ৭-৬, ৬-৩ ছেটত পৰাস্ত কৰি ইটালীৰ জানিক ছিনাৰে খিতাপ দখল কৰে। এই জয়ৰ জৰিয়তে ইটালীৰ ২৩ বছৰীয়া খেলুৱৈগৰাকীয়ে ১৯৯২-৯৩ বৰ্ষত জিম কুৰিয়ৰৰ পিছত একাধিক অষ্ট্ৰেলিয়ান অ'পেন খিতাপ জয় কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়। তৃতীয়খন গ্ৰেণ্ড শ্লেমৰ ফাইনেল খেলা ছিনাৰৰ এইটো তৃতীয়টো বৃহৎ খিতাপইফালে, প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছৰ ফাইনেলত আমেৰিকাৰ টেইলৰ টাউনচেণ্ড আৰু চেক খেলুৱৈ কেটেৰিন...