ইণ্ডিগ’ এয়াৰলাইনছৰ বিমান সেৱাত খেলিমেলিৰ বাবে গুৱাহাটীৰ গোপানীথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত যাত্ৰীসকল আজিও চৰম অসুবিধাৰ সন্মুখীন

ইণ্ডিগ’ এয়াৰলাইনছৰ বিমান সেৱাত হোৱা খেলিমেলিৰ বাবে দেশৰ অন্য প্ৰান্তৰ লগতে গুৱাহাটীৰ গোপানীথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰতো যাত্ৰীসকলে আজিও চৰম অসুবিধাৰ সন্মুখীন হয়। বিমানৰ উৰণ আৰু অৱতৰণত হোৱা খেলিমেলিৰ বাবে যাত্ৰীসকলে বিমান বন্দৰতে ঘণ্টা ঘণ্টা জুৰি সময় অতিবাহিত কৰিবলগা হৈছে। এনে খেলিমেলিৰ বাবে ৰাজ্যৰ ৮গৰাকী প্ৰতিভাৱান খেলুৱৈয়ে ৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত অংশগ্ৰহণৰ পৰা বঞ্চিত হ’বলগা হয়। অহা ৮ ডিচেম্বৰৰ পৰা গুজৰাটত হ’বলগীয়া চতুর্থ মিনি নেচনেল বেডমিণ্টন প্রতিযোগিতাত অংশ ল’বলৈ নাহৰকটীয়া, শিৱসাগৰ, তিনিচুকীয়া, লখিমপুৰ আৰু যোৰহাটৰ খেলুৱৈকেইগৰাকীয়ে আজি বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈছিলহি। গুজৰাটলৈ যোৱা বিমান বাতিল হোৱাৰ পৰিপ্ৰেক্ষিতত অভিভাৱক আৰু খেলুৱৈসকল বিমান বন্দৰতে আবদ্ধ হৈ থাকিবলগীয়া হয়। ইণ্ডিগ’ বিমান কর্তৃপক্ষই খেলুৱৈসকলক কোনো ধৰণৰ সুবিধা আগ নবঢ়োৱাৰ লগতে বিমান বাতিল হোৱাৰ পিছতো টিকটৰ মূল্য ওভতাই নিদিয়া বুলি অভিভাৱকসকলে অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে চৰকাৰক গুজৰাটলৈ যোৱাৰ বাবে বিকল্প ব্যৱস্থা কৰি দিয়াৰ বাবেও অনুৰোধ জনায়।