December 11, 2025 11:51 AM

views 15

ইণ্ডিগ’ৰ কৰ্পৰেট কাৰ্যালয়ত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ বিশেষ তদাৰকী গোট গঠন

বিমান বাতিল আৰু বিমান উৰণত বিলম্ব হোৱাক কেন্দ্ৰ কৰি গুৰুগ্ৰামৰ ইণ্ডিগ'ৰ কৰ্পৰেট কাৰ্যালয়ত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে বিশেষ তদাৰকী গোট গঠন কৰিছে। সঞ্চালকালয়ে ঘোষণা কৰে, যে এই পদক্ষেপৰ লক্ষ্য হৈছে বিমান উৰণত বিলম্ব আৰু বাতিলৰ ফলত যাত্রীসকলে সম্মুখীন হোৱা অসুবিধা দূৰ কৰা। উপ-মুখ্য বিমান পৰিচালন পৰিদৰ্শক কেপ্তেইন বিক্ৰম শৰ্মাৰ নেতৃত্বত গঠিত এই আঠজনীয়া দলটোৱে বিমানৰ বিভিন্ন ক্ষেত্ৰ নিৰীক্ষণ কৰিব। প্রতিদিনে বিমান সংস্থাটোৰ কাৰ্যালয়ত দুগৰাকী সদস্যক নিয়োজিত কৰা হ'ব। লগতে অসামৰিক বিমান পৰিবহণ সঞ্চা...

December 6, 2025 8:37 PM

views 21

ইণ্ডিগ’ এয়াৰলাইনছৰ বিমান সেৱাত খেলিমেলিৰ বাবে গুৱাহাটীৰ গোপানীথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত যাত্ৰীসকল আজিও চৰম অসুবিধাৰ সন্মুখীন

ইণ্ডিগ' এয়াৰলাইনছৰ বিমান সেৱাত হোৱা খেলিমেলিৰ বাবে দেশৰ অন্য প্ৰান্তৰ লগতে গুৱাহাটীৰ গোপানীথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰতো যাত্ৰীসকলে আজিও চৰম অসুবিধাৰ সন্মুখীন হয়। বিমানৰ উৰণ আৰু অৱতৰণত হোৱা খেলিমেলিৰ বাবে যাত্ৰীসকলে বিমান বন্দৰতে ঘণ্টা ঘণ্টা জুৰি সময় অতিবাহিত কৰিবলগা হৈছে। এনে খেলিমেলিৰ বাবে ৰাজ্যৰ ৮গৰাকী প্ৰতিভাৱান খেলুৱৈয়ে ৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত অংশগ্ৰহণৰ পৰা বঞ্চিত হ'বলগা হয়। অহা ৮ ডিচেম্বৰৰ পৰা গুজৰাটত হ'বলগীয়া চতুর্থ মিনি নেচনেল বেডমিণ্টন প্রতিযোগিতাত অংশ ল'বলৈ নাহৰ...