December 10, 2025 11:19 AM

views 20

অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ বিমান পৰিবহন সংস্থাটোলৈ কাৰণ দৰ্শোৱাৰ জাননী

যোৱা পহিলা ডিচেম্বৰৰ পৰা বাতিল আৰু উৰণ-অৱতৰণৰ বিলম্ব হোৱা ঘটনাক লৈ অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে বিমান পৰিবহন সংস্থাটোলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। ইয়াৰ লগতে এই ঘটনাৰ কঠোৰ তদন্ত আৰম্ভ কৰা হৈছে। তদন্তৰ ফলাফল অনুসৰি বিমান সেৱা নীতি আৰু আইন অনুসৰি কঠোৰ আৰু যথাযথ ব্যৱস্থা লোৱা হ'ব। ইপিনে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এন ডি এৰ এখন বৈঠকত সাংসদসকলক উদ্দ্যেশি কয়, যে সাধাৰণ নাগৰিকসকলৰ অসুবিধা হোৱাকৈ কোনো বোজা হৈ উঠা উচিত নহয়। কালি সদনত এই বিষয়টোলৈ আলোচনা অনুষ্ঠিত হয়। আলোচনাত ভাগ লৈ কেন্দ্...

December 6, 2025 8:37 PM

views 21

ইণ্ডিগ’ এয়াৰলাইনছৰ বিমান সেৱাত খেলিমেলিৰ বাবে গুৱাহাটীৰ গোপানীথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত যাত্ৰীসকল আজিও চৰম অসুবিধাৰ সন্মুখীন

ইণ্ডিগ' এয়াৰলাইনছৰ বিমান সেৱাত হোৱা খেলিমেলিৰ বাবে দেশৰ অন্য প্ৰান্তৰ লগতে গুৱাহাটীৰ গোপানীথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰতো যাত্ৰীসকলে আজিও চৰম অসুবিধাৰ সন্মুখীন হয়। বিমানৰ উৰণ আৰু অৱতৰণত হোৱা খেলিমেলিৰ বাবে যাত্ৰীসকলে বিমান বন্দৰতে ঘণ্টা ঘণ্টা জুৰি সময় অতিবাহিত কৰিবলগা হৈছে। এনে খেলিমেলিৰ বাবে ৰাজ্যৰ ৮গৰাকী প্ৰতিভাৱান খেলুৱৈয়ে ৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত অংশগ্ৰহণৰ পৰা বঞ্চিত হ'বলগা হয়। অহা ৮ ডিচেম্বৰৰ পৰা গুজৰাটত হ'বলগীয়া চতুর্থ মিনি নেচনেল বেডমিণ্টন প্রতিযোগিতাত অংশ ল'বলৈ নাহৰ...

December 6, 2025 8:05 PM

views 22

তৎকালীনভাৱে যাত্ৰীসকলৰ বকেয়া ধন উভতাই দিবলৈ ইণ্ডিগো’ বিমান সংস্থাক নিৰ্দেশ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ইণ্ডিগো' বিমান সংস্থাক তৎকালীনভাৱে যাত্ৰীসকলৰ বকেয়া ধন উভতাই দিবলৈ নিৰ্দেশ দিছে। কাইলৈ নিশা ৮ বজাৰ ভিতৰত ধন ঘুৰাই দিয়া প্রক্রিয়া বাধ্যতামূলকভাৱে সম্পূৰ্ণ কৰিবলৈ মন্ত্রালয়ে সংস্থাটোক নির্দেশ দিছে। লগতে যাত্রা বাতিল হোৱাৰ ফলত যিসকল যাত্ৰীয়ে সময়ৰ সালসলনি কৰিছিল তেনে যাত্ৰীৰ পৰা অতিৰিক্ত কোনো মাচুল আৰোপ নকৰিবলৈও মন্ত্ৰালয়ৰ ফালৰ পৰা কোৱা হৈছে। এই প্ৰক্ৰিয়াত পলম কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মন্ত্ৰালয়ে সকীয়াই দিছে। উল্লেখযোগ্য যে এই ধন উভতাই দিয়া প্ৰক্ৰ...

December 6, 2025 4:01 PM

views 31

বিমান বাতিলকৰণে সৃষ্টি কৰা পৰিৱেশ আৰু যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেৰ ৰে’লৰ উপলভ্যতাত গুৰুত্ব

দেশজুৰি বিমান বাতিলকৰণে সৃষ্টি কৰা পৰিৱেশ আৰু যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেই সুচল যাত্ৰা আৰু ৰে’ল গাড়ীৰ উপলভ্যতাত গুৰুত্ব দিছে। দেশত মুঠ ৩৭ খন ৰে’লগাড়ীত ১১৬ টা অতিৰিক্ত ডবা সংযোগ কৰা হৈছে। দক্ষিণ ৰে’লৱেই আটাইতকৈ বেছি সংখ্যক ডবা সংযোগ কৰিছে।

December 6, 2025 3:58 PM

views 23

ইণ্ডিগ’ এয়াৰ লাইন্সৰ বিমান সেৱাৰ বিপৰ্যয়ক লৈ তদন্ত ঘোষণা কেন্দ্ৰৰ

● কেন্দ্ৰীয় চৰকাৰে ইণ্ডিগ' এয়াৰ লাইন্সৰ বিমান সেৱাৰ বিপৰ্যয়ক লৈ তদন্ত ঘোষণা কৰিছে। ইয়াৰ বাবে এখন চাৰ্জিনীয়া সমিতি গঠন কৰা হৈছে। ১৫ দিনৰ ভিতৰত এই বিপর্যয়ৰ কাৰণ আৰু গাফিলতি সন্দৰ্ভত অনুসন্ধান কৰি প্ৰতিবেদন দাখিল কৰিবলৈ সমিতিখনক নিৰ্দেশ দিয়া হৈছে। সমিতিখনে বিমান পৰিবহণ সংস্থাটোৰ কৰ্মচাৰী, পাইলটকে ধৰি কৰ্তৃপক্ষৰ অৱহেলা সন্দৰ্ভতো তদন্ত কৰিব । দিল্লী বিমান বন্দৰত পৰিস্থিতি ক্ৰমান্বয়ে স্বাভাবিক হৈ অহা বুলি প্ৰকাশ কৰা হৈছে। এটা নিৰ্দেশনাত দিল্লী বিমান বন্দৰ প্ৰাধিকৰণৰ তৰফৰ পৰা যাত্ৰীসকলক জনোৱা হ...

December 6, 2025 11:42 AM

views 35

ইণ্ডিগ’ এয়াৰ লাইন্সৰ বিমান সেৱাৰ বিপৰ্যয়ক লৈ কেন্দ্ৰীয় চৰকাৰৰ তদন্ত ঘোষণা

কেন্দ্ৰীয় চৰকাৰে ইণ্ডিগ' এয়াৰ লাইন্সৰ বিমান সেৱাৰ বিপৰ্যয়ক লৈ তদন্ত ঘোষণা কৰিছে। ইয়াৰ বাবে এখন চাৰিজনীয়া সমিতি গঠন কৰা হৈছে। ১৫ দিনৰ ভিতৰত এই বিপৰ্যয়ৰ কাৰণ আৰু গাফিলতি সন্দৰ্ভত অনুসন্ধান কৰি প্ৰতিবেদন দাখিল কৰিবলৈ সমিতিখনক নির্দেশ দিয়া হৈছে। সমিতিখনে বিমান পৰিবহণ সংস্থাটোৰ কৰ্মচাৰী, পাইলটকে ধৰি কৰ্তৃপক্ষৰ অৱহেলা সন্দৰ্ভতো তদন্ত কৰিব। ইপিনে, অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে ইণ্ডিগ'ৰ বিমান সেৱা আজি সামান্য উন্নত হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে চৰকা...