● আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত বিশেষভাৱে সক্ষম লোকসকলৰ সৱলীকৰণৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তি আৰু প্ৰতিস্থানসমূহক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব। বিশেষভাৱে সক্ষম লোকসকলৰ সৱলীকৰণ, সমৰ্পন তথা তেওঁলোকৰ সাহসৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই অনুষ্ঠানত বিশেষভাৱে সক্ষম ছাত্র-ছাত্রী, বিশেষভাৱে সক্ষম লোকসকলৰ সৱলীকৰণ মন্ত্ৰালয়ৰ বিষয়া, জ্যেষ্ঠ ৰাজনীতিবিদ, বিভিন্ন উদ্যোগৰ অংশীদাৰসকলৰ লগতে ভালেমান গণ্যমান্য ব্যক্তি উপস্থিত থকাৰ কথা।
Site Admin | December 3, 2025 12:27 PM | Akashvani | Akashvani News | Droupadi Murmu | Physically Handicap | President of india
আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব