● আই চি চি মহিলা এদিনীয়া ক্রিকেট বিশ্বকাপৰ কালি বিশাখাপট্টনমত অনুষ্ঠিত এখন খেলত দক্ষিণ আফ্রিকাই বাংলাদেশক ৩ উইকেটত পৰাস্ত কৰে। খেলখনত বাংলাদেশে প্রথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত শ্বাৰ্মিন আখটাৰ আৰু শ্ব’ৰ্ণা আখটাৰৰ অৰ্ধশতকৰ সহায়ত ৬ উইকেটৰ বিনিময়ত ২৩২ ৰান কৰে। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত অভাৰ শেষ হ’বলৈ তিনিটা বল বাকী থকা অৱস্থাত ৭টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। দলৰ হৈ ক্ল’ ট্রায়ন আৰু মাৰিজেন কেপে অর্ধশতক কৰে। ট্রায়নক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়। কালিৰ এই জয়ৰ পাছত দক্ষিণ আফ্ৰিকা পইণ্ট তালিকাত তৃতীয় স্থানলৈ উন্নীত হোৱাৰ লগতে বাংলাদেশ ষষ্ঠম স্থানতে থাকে।
প্রতিযোগিতাত আজি কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত শ্রীলংকা নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি ৩ বজাত আৰম্ভ হ’ব।