October 17, 2025 1:02 PM

views 56

আই চি চি মহিলা বিশ্বকাপত অষ্ট্ৰেলিয়া ছেমি ফাইনেলত প্ৰৱেশ

● আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত অষ্ট্ৰেলিয়াই প্ৰথমটো দল হিচাপে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত যোৱানিশা বিশাখাপট্টনমত অনুষ্ঠিত এখন খেলত অস্ট্রেলিয়াই বাংলাদেশক ১০ উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই ১৯৯ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি এলিছা হিলি আৰু ফোবি লিটছফিল্ডৰ সুন্দৰ বেটিঙৰ সহায়ত মাত্র ২৪ অভাৰ ৫টা বলতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'বলৈ সমৰ্থ হয়। হিলিয়ে ৭৭টা বলত ১১৩ ৰান আৰু লিটছফিল্ডে ৮৪ ৰান কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে, বাংলাদেশে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান...

October 14, 2025 11:54 AM

views 50

আই চি চি মহিলা বিশ্বকাপত বিয়লি ৩ বজাত শ্রীলংকা নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ

● আই চি চি মহিলা এদিনীয়া ক্রিকেট বিশ্বকাপৰ কালি বিশাখাপট্টনমত অনুষ্ঠিত এখন খেলত দক্ষিণ আফ্রিকাই বাংলাদেশক ৩ উইকেটত পৰাস্ত কৰে। খেলখনত বাংলাদেশে প্রথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত শ্বাৰ্মিন আখটাৰ আৰু শ্ব'ৰ্ণা আখটাৰৰ অৰ্ধশতকৰ সহায়ত ৬ উইকেটৰ বিনিময়ত ২৩২ ৰান কৰে। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত অভাৰ শেষ হ'বলৈ তিনিটা বল বাকী থকা অৱস্থাত ৭টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। দলৰ হৈ ক্ল’ ট্রায়ন আৰু মাৰিজেন কেপে অর্ধশতক কৰে। ট্রায়নক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়। কালিৰ এই জয়ৰ পাছত দক...

October 7, 2025 12:32 PM

views 48

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আজি বিয়লি ৩ বজা বাংলাদেশ ইংলেণ্ডৰ মুখামুখি হ’ব

আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হ'বলগীয়া খেলত বাংলাদেশ ইংলেণ্ডৰ মুখামুখি হ'ব। খেলখন বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হ'ব। বিশ্বকাপত দুয়োটা দলে ইতিমধ্যে একোখনকৈ খেলত জয়ী হৈছে। ইপিনে ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত কালি অনুষ্ঠিত খেলত দক্ষিণ আফ্রিকাই নিউজিলেণ্ডক ৬ উইকেটত পৰাস্ত কৰে। খেলখনত জয়ৰ বাবে প্ৰয়োজন হোৱা ২৩২ ৰান দক্ষিণ আফ্ৰিকাই ৪ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে। দলৰ হৈ তাজমিন ব্ৰিটছে ১০১ আৰু ছুনে লুছে অপৰাজিত ৮৩ ৰান কৰে। তাজমিন ব্ৰিটছক প্লেয়াৰ...

September 16, 2025 8:56 PM

views 39

আই চি চি মহিলা ক্রিকেটৰ এদিনীয়া বেটিঙৰ ৰেংকিঙত ভাৰতীয় মহিলা ক্রিকেট দলৰ অধিনায়ক স্মৃতি মান্ধানাৰ পুনৰ শীৰ্ষ স্থান অৰ্জন

ভাৰতীয় মহিলা ক্রিকেট দলৰ অধিনায়ক স্মৃতি মান্ধানাই আই চি চি মহিলা ক্রিকেটৰ এদিনীয়া বেটিঙৰ ৰেংকিঙত পুনৰ শীৰ্ষ স্থান অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইংলেণ্ডৰ মহিলা ক্রিকেট দলৰ অধিনায়ক স্কীপাৰ নেট স্কীভাৰ ফ্ৰণ্টক অতিক্ৰম কৰি তেওঁ এই স্থান দখল কৰিছে। যোৱা দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মান্ধানাই ৬৩ টা বলত ৫৮ ৰান কৰিবলৈ সমৰ্থ হৈছিল। তেওঁ ইংলেণ্ডৰ অধিনায়কগৰাকীতকৈ ৪ পইণ্টত আগবাঢ়ি আই চি চি ৰেংকিঙত ৭ পইণ্টেৰে শীৰ্ষ স্থান দখল কৰিছে।

January 21, 2025 11:25 AM

views 38

মহিলাৰ ১৯ বছৰ অনুৰ্ধৰ আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰত মালয়েছিয়াৰ মুখামুখি

মহিলাৰ ১৯ বছৰ অনুৰ্ধৰ আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ দ্বিতীয় সংস্কৰণৰ গ্রুপ-এৰ এখন খেলত আজি, যোৱাবাৰৰ চেম্পিয়ন ভাৰত মালয়েছিয়াৰ মুখামুখি হ'ব। খেলখন দুপৰীয়া কুৱালালামপুৰৰ বেয়ুমাছ অভেল ষ্টেডিয়ামত আৰম্ভ হ'ব। গ্ৰুপ-এৰ আন এখন খেলত ৱেষ্ট ইণ্ডিজে শ্রীলংকা বিৰুদ্ধে খেলিব। খেলখন নিশা ৮ বজাত আৰম্ভ হ'ব। ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৯ উইকেটত বিজয় সাব্যস্ত কৰি প্ৰতিযোগিতাত নিজৰ অভিযান আৰম্ভ কৰিছে।

October 13, 2024 11:59 AM

views 55

মহিলা টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰত

মহিলা টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। বিয়লি চাৰে ৩ বজাত শ্বাৰজাহত হ'বলগীয়া গ্ৰুপ-বিৰ এখন খেলত ইংলেণ্ড স্কটলেণ্ডৰ সন্মুখীন হ'ব। একেদৰে ভাৰত একেটা স্থানত হ'বলগীয়া আজিৰ আনখন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। গ্ৰুপ-এৰ এই খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ'ব। ইপিনে, দক্ষিণ আফ্রিকাই যোৱানিশা ডুবাইত অনুষ্ঠিত গ্রুপ-বিৰ এখন খেলত বাংলাদেশক ৭ উইকেটত পৰাস্ত কৰে। খেলখনত দক্ষিণ আফ্ৰিকাই ১০৭ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰ আৰু দুটা ...