ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আই চি চি মহিলা বিশ্বকাপত অষ্ট্ৰেলিয়া ছেমি ফাইনেলত প্ৰৱেশ

● আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত অষ্ট্ৰেলিয়াই প্ৰথমটো দল হিচাপে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত যোৱানিশা বিশাখাপট্টনমত অনুষ্ঠিত এখন খেলত অস্ট্রেলিয়াই বাংলাদেশক ১০ উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই ১৯৯ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি এলিছা হিলি আৰু ফোবি লিটছফিল্ডৰ সুন্দৰ বেটিঙৰ সহায়ত মাত্র ২৪ অভাৰ ৫টা বলতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ সমৰ্থ হয়। হিলিয়ে ৭৭টা বলত ১১৩ ৰান আৰু লিটছফিল্ডে ৮৪ ৰান কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে, বাংলাদেশে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ৫০ অভাৰত ৯ উইকেটৰ বিনিময়ত ১৯৮ ৰান সংগ্ৰহ কৰে। দলৰ হৈ সুভনা মস্তেৰিয়ে সৰ্বাধিক ৬৬ ৰান কৰে। কালিৰ খেলখনকে ধৰি ৫ খন খেলৰ পৰা অষ্ট্ৰেলিয়াই ৯ পইণ্ট সংগ্ৰহ কৰি পইণ্ট তালিকাৰ শীৰ্ষ স্থানত আছে।

প্রতিযোগিতাত আজি কলম্বোত হ’বলগীয়া এখন খেলত দক্ষিণ আফ্রিকা শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন বিয়লি ৩ বজাত আৰম্ভ হ’ব।