পেৰুৰ লীমাত অনুষ্ঠিত আই এছ এছ এফ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপ শ্বুটিং প্রতিযোগিতাৰ মহিলাৰ ২৫ মিটাৰ পিষ্টল শাখাত ভাৰতৰ দিৱাংশীয়ে সোণৰ পদক অৰ্জন কৰিছে। প্ৰতিযোগিতাৰ কালি চতুর্থ দিনটোত অনুষ্ঠিত চূড়ান্ত খেলখনত ভাৰতৰ প্ৰতিযোগীগৰাকীক ইটালীৰ ক্ৰিষ্টিনা মাগনানীক পৰাভূত কৰি শীৰ্ষ স্থানত উপনীত হয়। এই প্রতিযোগিতাত ফ্ৰান্সৰ হেল’ইজ ফ’ৰে তৃতীয় স্থান দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতৰ তেজস্বীনী আৰু বিভূতি ভাটিয়া লগ লাগি মহিলাৰ জুনিয়ৰ প্ৰতিযোগিতাৰ ২৫ মিটাৰ পিষ্টল শাখাত খিতাপ অৰ্জন কৰা দিবাংশীয়ে একেখন প্রতিযোগিতাত দ্বৈত সোণৰ পদক লাভৰ কৃতিত্ব অর্জন কৰিছে।
উল্লেখযোগ্য যে আই এছ এছ এফ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপ শ্বুটিং প্রতিযোগিতাত দহটা সোণ, এটা ৰূপ আৰু তিনিটা ব্ৰঞ্জকে ধৰি মুঠ ১৪টা পদকেৰে পদকৰ তালিকাত সম্প্ৰতি শীর্ষ স্থান অধিকাৰ কৰি আছে। এই তালিকাত আমেৰিকা যুক্তৰাষ্ট্ৰ দ্বিতীয় আৰু ইটালী তৃতীয় স্থানত থকাৰ বিপৰীতে চীন সম্প্ৰতি চতুর্থ স্থানত আছে।
Site Admin | October 2, 2024 3:53 PM | issf shooting | SPORTS
আই এছ এছ এফ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপ শ্বুটিঙত মহিলাৰ ২৫ মিটাৰ পিষ্টল শাখাত ভাৰতৰ দিৱাংশীৰ সোণৰ পদক অৰ্জন