ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসম ৰাজ্যিক বিত্ত আয়োগৰ দলৰ ৰাজ্য চৰকাৰৰ ভিন্ন বিভাগৰ জিলা বিষয়াসকলৰ সৈতে আলোচনা

অসম ৰাজ্যিক বিত্ত আয়োগৰ এটা দলে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাৰ নেতৃত্বত কালি সন্ধিয়া বৰপেটাত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ বিভাগবোৰৰ জিলা বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত জিলাখনৰ ৰাজ্য চৰকাৰৰ বিভাগবোৰৰ হোৱা সমস্যা আৰু বাজেটৰ বিষয়কলৈ এই আলোচনা অনুষ্ঠিত হয়। আলোচনাত অধ্যক্ষতা কৰা ৰানা প্রতাপ কলিতাই তৃণমূল পৰ্যায়ৰ শাসন ব্যৱস্থাক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি দক্ষতা বৃদ্ধিৰ বাবে সকলোকে আহ্বান জনায়। ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত থকা সমস্যাবোৰ জিলাখনৰ ৰাজ্য চৰকাৰৰ বিভাগবোৰৰ মুৰববীসকলক শীঘ্ৰে দাখিল কৰিবলৈ আহ্বান জনায়। মুৰব্বীসকলে দাখিল কৰা সমস্যাৰ ভিত্তিতে সমাধানৰ পৰামৰ্শ আগবঢ়াব বুলিও কলিতাই প্ৰকাশ কৰে। আলোচনাত অসম চৰকাৰৰ বিশেষ সচিব, বিত্ত বিভাগৰ যুটীয়া সঞ্চালক আৰু সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগৰ পৰামৰ্শ দাতা উপস্থিতি থাকে।