ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত কোকৰাঝাৰত উপস্থিত হোৱা বিধানসভাৰ প্রতিনিধি দলৰ বিটিচি সচিবালয় পৰিদৰ্শন

May be an image of 5 people and hospital

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত কালি কোকৰাঝাৰত উপস্থিত হোৱা বিধানসভাৰ প্রতিনিধি দলটোৱে আজি কোকৰাঝাৰত থকা বিটিচি সচিবালয় পৰিদৰ্শন কৰে। দলটোৱে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, বিটিচি বিধায়িনী পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োকে ধৰি অন্যান্য শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়।

বৈঠকত অহা বছৰৰ ফেব্ৰুৱাৰীত কোকৰাঝাৰত হ’বলগীয়া এদিনীয়া বাজেট অধিৱেশনৰ প্রস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। ১১ গৰাকী বিধায়কসহ এই দলটোক বিটিআৰৰ মুৰববী প্রমোদ বড়োৱে আদৰণি জনায়।

তেওঁ লগতে কোকৰাঝাৰত এদিনীয়া কাৰ্যসূচীৰে বিধানসভা অধিৱেশন অনুষ্ঠিত কৰা বিষয়টোক ঐতিহাসিক বুলি মন্তব্য কৰে। ইয়াৰ পাছতে প্ৰতিনিধি দলটোৱে বিছমুৰীৰ পৰা সৰলপাৰা অভিমুখী আৰু ছান্থাইবাৰীৰ পৰা ভূটান অভিমুখী পথটো পৰিদৰ্শন কৰে। কোকৰাঝাৰ ভ্ৰমণৰ অন্তত প্ৰতিনিধি দলটো চিৰাঙৰ কেইবাটাও উন্নয়নমূলক প্রকল্প পৰিদৰ্শন কৰিবলৈ ৰাওনা হয়।