July 4, 2025 6:39 PM

views 24

ওদালগুৰিৰ শুক্লাইত নেহেৰু মেমোৰিয়েল হাইস্কুলৰ আধাৰশিলা স্থাপন বিশ্বজিৎ দৈমাৰীৰ

অসম বিধানসভাৰ অধ্যক্ষ তথা পানেৰী সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে আজি নাবাৰ্ডৰ গ্ৰাম্য আন্তঃগাথনি উন্নয়ন আঁচনিৰ অধীনত ওদালগুৰি জিলাৰ শুক্লাইত নেহেৰু মেমোৰিয়েল হাইস্কুলৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত কমল মেধি, বিশিষ্ট সমাজকর্মী জৌশ্রাং বড়ো আৰু ফতিক কছাৰীৰ লগতে বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক শিক্ষক, প্রাক্তন শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্র-ছাত্রী তথা ভালেমান বিশিষ্ট লোক উপস্থিত থাকে।

February 7, 2025 9:01 PM

views 17

কোকৰাঝাৰত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি আৰু ছহিদ বেদীৰ ভূমিপূজন

বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আজি কোকৰাঝাৰ চহৰৰ ৰবীন্দ্ৰ নগৰত ভাৰতীয় জন সংঘৰ প্ৰতিষ্ঠাপক তথা শিক্ষাবিদ, ৰাজনীতিক, সমাজকর্মী ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি আৰু ছহিদ বেদীৰ ভূমিপূজন কৰে। মুখ্যমন্ত্ৰীৰ ১০ লাখ টকাৰ আৰ্থিক অনুদানেৰে এই ছহিদ বেদী আৰু প্ৰতিমূৰ্তি কৰা হ'ব। ইয়াৰ বাবে শ্ৰী দৈমাৰীয়েও নিজাববীয়াকৈ ১ লাখ টকাৰ আর্থিক অনুদান আগবঢ়ায়। এই কাৰ্যসূচী বি টি চিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উত্তৰ অসমৰ বৌদ্ধিক প্ৰমুখ ৰথীন্দ্ৰ সিনহা, বিজেপিৰ সভানেত্ৰী কবি...

December 19, 2024 8:11 PM

views 33

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত কোকৰাঝাৰত উপস্থিত হোৱা বিধানসভাৰ প্রতিনিধি দলৰ বিটিচি সচিবালয় পৰিদৰ্শন

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত কালি কোকৰাঝাৰত উপস্থিত হোৱা বিধানসভাৰ প্রতিনিধি দলটোৱে আজি কোকৰাঝাৰত থকা বিটিচি সচিবালয় পৰিদৰ্শন কৰে। দলটোৱে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, বিটিচি বিধায়িনী পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োকে ধৰি অন্যান্য শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত অহা বছৰৰ ফেব্ৰুৱাৰীত কোকৰাঝাৰত হ'বলগীয়া এদিনীয়া বাজেট অধিৱেশনৰ প্রস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। ১১ গৰাকী বিধায়কসহ এই দলটোক বিটিআৰৰ মুৰববী প্রমোদ বড়োৱে আদৰণি জনায়। তেওঁ লগতে কোকৰাঝাৰত এদিন...

June 28, 2024 7:57 PM

views 26

দুদিনীয়া কাৰ্যসূচীৰে অসম বিধানসভাত ৰাজ্যৰ স্বায়ত্ব শাসিত পৰিষদসমূহৰ সন্মিলন

অসম বিধানসভাৰ উদ্যোগত ৰাজ্যৰ স্বায়ত্ব শাসিত পৰিষদসমূহৰ এখন সন্মিলন আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দিছপুৰৰ অসম বিধানসভাত অনুষ্ঠিত হৈছে। ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰা সন্মিলনখনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে স্বায়ত্ব শাসিত পৰিষদসমূহক শক্তিশালী আৰু কৰ্মদক্ষ কৰা, কামকাজ পৰিচালনা শৃংখলিত কৰাৰ বাবে বিধি প্ৰস্তুত কৰা, পৰিষদসমূহৰ বিভাগীয় কামকাজসমূহ সহজে আৰু আইন অনুসৰি সম্পন্ন কৰাৰ বাবে বিধি প্ৰস্তুত কৰা আদি উদ্দেশ্যেৰে এ...