■ আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি হলকাৰ ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত অষ্ট্ৰেলিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন বিয়লি ৩ বজাত আৰম্ভ হ’ব।
কলম্বোত যোৱা নিশা অনুষ্ঠিত ৰাউণ্ড ৰবীন লীগ পৰ্যায়ৰ এখন বর্ষাবিঘ্নিত খেলত দক্ষিণ আফ্রিকাই পাকিস্তানক ১৫০ ৰানত পৰাস্ত কৰে। ডাক ৱৰ্থ লুইছ পদ্ধতিৰে দলটোৱে মেৰিজেন কেপৰ অলৰাউণ্ড প্ৰদৰ্শন আৰু লৌৰা ৱলভাৰ্ডছৰ ৯০ ৰানৰ সহায়ত পাকিস্তানক পৰাস্ত কৰে। বৰষুণৰ বাবে আৰম্ভ হওঁতে বিলম্ব হোৱাৰ পাছত খেলখন ৪০ অভাৰত সীমিত কৰা হয়। দক্ষিণ আফ্ৰিকাই ৯টা উইকেটৰ বিনিময়ত ৩১২ ৰান সংগ্ৰহ কৰে। এই জয়ৰ ফলত দক্ষিণ আফ্ৰিকা পইণ্ট তালিকাৰ শীৰ্ষত অধিষ্ঠিত হোৱাৰ লগতে প্ৰতিযোগিতাৰ পৰা পাকিস্তানৰ বিদায় নিশ্চিত কৰে। ৬ খন খেলৰ পৰা দক্ষিণ আফ্ৰিকাই এতিয়ালৈকে ১০ পইণ্ট অৰ্জন কৰিছে।
অলিম্পিকত দুবাৰকৈ পদক বিজেতা জেভলিন খেলুৱৈ নীজ চোপ্ৰাক সেনাবাহিনীত সন্মানীয় লেফটেনেণ্ট কৰ্ণেলৰ মৰ্যাদা প্ৰদান কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু স্থলসেনা বাহিনীৰ মুৰববী জেনেৰেল উপেন্দ্ৰ দ্বীবেদীৰ উপস্থিতিত খেলুৱৈগৰাকীক এই সন্মান প্ৰদান কৰা হয় ৷
Site Admin | October 22, 2025 2:51 PM | Cricket | ICC Women World Cup | SPORTS
আই চি চি মহিলা বিশ্বকাপত আজি বিয়লি ৩ বজাত অষ্ট্ৰেলিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ