October 28, 2025 11:09 AM

views 56

কাইলৈ গুৱাহাটীত আই চি চি মহিলা বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল

● আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেল কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব। বি চি চি আইৰ সচিব দেৱজিৎ লন শ‍ইকীয়াই কালি এখন সংবাদমেলত এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে ছেমি ফাইনেলৰ বাবে বৰ্ষাপাৰা ষ্টেডিয়ামত সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। কাইলৈ ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অসমত প্ৰথমবাৰৰ বাবে হ'বলগীয়া মহিলা বিশ্বকাপ ক্রিকেটৰ ছেমি ফাইনেল খেলখনৰ বাবে বুক মাই শ্বত টিকট উপলব্ধ বুলি শ্ৰীশ‍ইকীয়াই জানিবলৈ দিয়ে।

October 22, 2025 2:51 PM

views 51

আই চি চি মহিলা বিশ্বকাপত আজি বিয়লি ৩ বজাত অষ্ট্ৰেলিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ

■ আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি হলকাৰ ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত অষ্ট্ৰেলিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি ৩ বজাত আৰম্ভ হ'ব। কলম্বোত যোৱা নিশা অনুষ্ঠিত ৰাউণ্ড ৰবীন লীগ পৰ্যায়ৰ এখন বর্ষাবিঘ্নিত খেলত দক্ষিণ আফ্রিকাই পাকিস্তানক ১৫০ ৰানত পৰাস্ত কৰে। ডাক ৱৰ্থ লুইছ পদ্ধতিৰে দলটোৱে মেৰিজেন কেপৰ অলৰাউণ্ড প্ৰদৰ্শন আৰু লৌৰা ৱলভাৰ্ডছৰ ৯০ ৰানৰ সহায়ত পাকিস্তানক পৰাস্ত কৰে। বৰষুণৰ বাবে আৰম্ভ হওঁতে বিলম্ব হোৱাৰ পাছত খেলখন ৪০ অভাৰত সীমিত কৰা হয়। দক্ষিণ আফ্ৰিকাই ৯ট...

October 22, 2025 1:01 PM

views 42

আই চি চি মহিলা বিশ্বকাপত দক্ষিণ আফ্রিকাই পাকিস্তানক ১৫০ ৰানত পৰাস্ত

● আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ কলম্বোত কালি নিশা অনুষ্ঠিত খেলত দক্ষিণ আফ্রিকাই পাকিস্তানক ১৫০ ৰানত পৰাস্ত কৰে। বৰ্ষাবিঘ্নিত খেলখনত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰি ৪০ অভাৰত ৯টা উইকেট হেৰুৱাই ৩১২ ৰান সংগ্ৰহ কৰে। ডি এল এছ পদ্ধতিৰে দলটোৱে মেৰিজেন কেপৰ অলৰাউণ্ড প্ৰদৰ্শন আৰু লৌৰা ৱলভাৰ্ডছৰ ৯০ ৰানৰ সহায়ত পাকিস্তানক পৰাস্ত কৰে। দলটোৰ হৈ ছুনে লুছে ৬১ ৰান আৰু মেৰিজেন কেপে ৬৪ ৰানৰ বৰঙণি আগবঢ়ায়। এই জয়ৰ ফলত দক্ষিণ আফ্ৰিকা পইণ্ট তালিকাৰ শীৰ্ষত অধিষ্ঠিত হোৱাৰ লগতে প্ৰতিযোগিতাৰ পৰা পাকিস্তানৰ...

October 12, 2025 9:20 PM

views 114

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত অস্ট্রেলিয়াক জয়ৰ বাবে ভাৰতৰ ৩৩১ ৰাণৰ লক্ষ্য নির্ধাৰণ

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি বিশাখাপট্টনমত অনুষ্ঠিত এখন খেলত ভাৰতে অস্ট্রেলিয়াক জয়ৰ বাবে ৩৩১ ৰাণৰ লক্ষ্য নির্ধাৰণ কৰি দিছে। খেলখনত ভাৰতে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি ৪৮ অভাৰ আৰু ৫ টা বলত আটাইকেইটা উইকেট হেৰুৱাই ৩৩০ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ স্মৃতি মান্ধানাই সর্বাধিক ৮০ ৰাণ কৰে। প্ৰতীকা ৰাৱলে ৭৫ ৰাণৰ বৰঙণি আগবঢ়ায়। ইয়াৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই ৩৪ অভাৰত ৩ টা উইকেট হেৰুৱাই ২২১ৰান সংগ্ৰহ কৰি খেলি আছে।

October 2, 2025 1:01 PM

views 47

আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপ প্রতিযোগিতাত অস্ট্রেলিয়াৰ হাতত নিউজিলেণ্ড পৰাস্ত

আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপ প্রতিযোগিতাত যোৱা নিশা ইন্দোৰৰ হোলকাৰ ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ডিফেণ্ডিং চেম্পিয়ন অস্ট্রেলিয়াই নিউজিলেণ্ডক ৮৯ ৰানত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱা অষ্ট্ৰেলিয়াই ৪৭ অভাৰ ৩ টা বলত ৩২৬ ৰাণ সংগ্ৰহ কৰে। এছলেই গার্ডনাৰে সৰ্বাধিক ১১৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে অ'পেনাৰ ফিবি লিচফিল্ডে ৪৫ ৰান সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ জেছ কেৰ আৰু লিয়া টাহুহুৱে ৩টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত নিউজিলেণ্ডে মাত্র ২৩৭ ৰানত আটাইকেইটা উইকেট হেৰুৱায়। অধিনায়ক ছফী ডেভ...