December 23, 2025 12:35 PM

views 27

গোৱাৰ জিলা পঞ্চায়তৰ নিৰ্বাচনত বিজেপি-এম জি পিৰ মিত্রজোঁটে লাভ কৰা সমর্থনৰ বাবে গোৱাবাসীক প্ৰধানমন্ত্ৰী মোদীৰ ধন্যবাদ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱাৰ জিলা পঞ্চায়তৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী আৰু মহাৰাষ্ট্ৰবাদী গোমান্তক পার্টী মিত্রজোঁটে লাভ কৰা সমর্থনৰ বাবে গোৱাবাসীক ধন্যবাদ জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ কয়, যে ইয়াৰ ফলত ৰাজ্যখনৰ উন্নয়নৰ বাবে এন ডি এৰ প্ৰচেষ্টা সফল হ'ব। তেওঁ কয়...

December 23, 2025 12:34 PM

views 32

গোৱাৰ জিলা পঞ্চায়তৰ নিৰ্বাচনত জয়লাভৰ বাবে মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দামোদৰ জি নায়িকক জে পি নাড্ডা-অমিত শ্বাহৰ অভিনন্দন

কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ অধ্যক্ষ জে পি নাড্ডাই গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত আৰু দলৰ ৰাজ্যিক সভাপতি দামোদৰ জি নায়িকক জিলা পঞ্চায়তৰ নিৰ্বাচনত জয়লাভ কৰাৰ বাবে অভিনন্দন জনায়। সামাজিক মাধ্যমযোগে দিয়া এটা পষ্টত শ্ৰীনাড্ডাই পঞ্চায়ত নিৰ্বাচনত বিজেপি তথা ইয়াৰ মিত্ৰজোঁট মহাৰাষ্ট্রবাদী গোমান্ত...

December 23, 2025 12:32 PM

views 26

গোৱা জিলা পঞ্চায়ত নিৰ্বাচনত বিজেপি-এম জি পিৰ মিত্ৰজোঁটৰ সংখ্যাগৰিষ্ঠতা লাভ

সদ্য সমাপ্ত গোৱা জিলা পঞ্চায়ত নিৰ্বাচনত বিজেপি-এম জি পিৰ মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্যখনৰ ৫০খন জিলা পঞ্চায়ত আসনৰ ভিতৰত ৩০খনতকৈও অধিক আসনত দুয়োটা দলে জয়লাভ কৰে। আনহাতে কংগ্ৰেছে ১০খন আৰু আপ তথা ৰিভ'লিউচনৰী গোৱান পাৰ্টীয়ে এখনকৈ আসন লাভ কৰে। যোৱা ২০ ডিচেম্বৰত ভোটগ্রহণ হোৱা ...

December 23, 2025 11:50 AM

views 31

বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমকে ধৰি সীমান্ত অঞ্চলসমূহত ভাৰতীয় চোৰাং চোৱা সংস্থাসমূহৰ বিশেষ সতর্কতা জাৰি

প্ৰতিৱেশী ৰাষ্ট্র বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় চোৰাং চোৱা সংস্থাসমূহে দেশখনৰ সৈতে থকা সীমান্ত অঞ্চলসমূহত বিশেষ সতর্কতা জাৰি কৰিছে। চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা মতে প্রতিবেশী ৰাষ্ট্ৰখনৰ সুৰক্ষা সংস্থাসমূহ দেশখনৰ পৰিস্থিতি নিয়ন্ত্ৰণত ব্যস্ত হৈ থকাৰ সুযোগ লৈ একাংশ মৌলবাদী...

December 23, 2025 11:49 AM

views 16

বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত নতুনকৈ ১,৮৩০টা ভোটগ্রহণ কেন্দ্ৰ স্থাপনত নিৰ্বাচন আয়োগৰ অনুমোদন

নির্বাচন আয়োগে অসমৰ সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত নতুনকৈ এহেজাৰ ৮৩০ টা ভোটগ্রহণ কেন্দ্র স্থাপনৰ বাবে অনুমোদন জনাইছে। ইয়াৰ ফলত ৰাজ্যখনত মুঠ ভোটগ্রহণ কেন্দ্ৰৰ সংখ্যা ৩১ হাজাৰ ৪৮৬ লৈ বৃদ্ধি পাব। ৰাজ্যিক নির্বাচন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে, পূৰ্বে ৰাজ্যখনত ২৯ হাজাৰ ৬৫৬ টা ভোটগ্রহণ ...

December 23, 2025 11:48 AM

views 40

কাৰ্বি আংলঙত অবৈধ দখলকাৰীক উচ্ছেদৰ দাবীত প্রতিবাদ, মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বাসগৃহত অগ্নিসংযোগ

পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামত পি জি আৰ আৰু ভি জি আৰ ভূমিৰ পৰা অবৈধ দখলকাৰীক উচ্ছেদৰ দাবীত কাৰ্বি ছাত্ৰ সন্থাকে ধৰি কেইবাটাও কাৰ্বি জাতীয় সংগঠনে চলাই থকা প্রতিবাদে কালি হিংসাত্মক ৰূপ ধাৰণ কৰে। একাংশ প্ৰতিবাদকাৰীয়ে কালি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পৈত...

December 23, 2025 11:47 AM

views 13

বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰত হোৱা আক্ৰমণৰ পাছত অসমৰো ভিন্ন প্ৰান্তত প্ৰতিবাদ

বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। বাঙালী যুৱ মঞ্চ, ধুবুৰী আৰু সনাতন সমাজে কালি সন্ধিয়া ধুবুৰীৰ পাচমোৰ অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰি এই ঘটনাক নিন্দা কৰাৰ লগতে বাংলাদেশত হিন্দুৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী উত্থাপন কৰে। ব...

December 23, 2025 11:45 AM

views 88

২৯ ডিচেম্বৰত মুকলি হ’ব জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ আৰু গুৱাহাটী আৰক্ষী আয়ুক্তালয়; চূড়ান্ত পৰ্যায়ৰ কাম-কাজ পৰিদৰ্শন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে গুৱাহাটীৰ খানাপাৰাত অহা ২৯ ডিচেম্বৰত উদ্বোধন কৰিবলগীয়া নৱনিৰ্মিত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ আৰু গুৱাহাটী আৰক্ষী আয়ুক্তালয় ভৱন নিৰ্মাণৰ চূড়ান্ত পৰ্যায়ৰ কাম-কাজ কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে দুয়োটা স্থান পৰিদৰ্শন কৰি উদ্বো...

December 23, 2025 11:42 AM

views 10

অহা ২৯ ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব বটদ্ৰৱা সাংস্কৃতিক প্রকল্প; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকল্পস্থলী পৰিদৰ্শন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক বিশ্বমানৰ আধ্যাত্মিক আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে অভিলাষী প্রকল্প হিচাপে গ্ৰহণ কৰা বটদ্ৰৱা সাংস্কৃতিক প্রকল্প অহা ২৯ ডিচেম্বৰত উদ্বোধন কৰা হ'ব। ৰাজ্য চৰকাৰে দখলমুক্ত কৰা ১৬২ বিঘা ভূমিত ২১৭ কোটি টকা ব্যয়ৰে এই প্ৰকল্প আটক ধুনীয়া...

December 23, 2025 11:40 AM

views 6

কাছাৰ জিলাত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন মন্ত্ৰী পীযূষ হাজৰিকাৰ

কাছাৰ জিলাত কালি মন্ত্ৰী পীযূষ হাজৰিকাই কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। লক্ষীপুৰত কালি মন্ত্ৰীগৰাকীয়ে বৰাক নৈৰ খহনীয়া প্ৰতিৰোধ ব্যৱস্থা আঁচনিৰ আধাৰশিলা স্থাপন কৰে। চাৰি কোটি পুঁজি ধাৰ্য্য কৰা এই প্ৰকল্পত লক্ষীপুৰ বিধানসভা সমষ্টিৰ এটা বৃহৎ অংশ নৈৰ খহনীয়াৰ পৰা সুৰক্ষিত কৰিবলৈ জিঅ' বেগ, পার্ক...