November 16, 2025 12:03 PM

views 35

বড়ো সাহিত্য সভাই ভিন ভিন ভাষাৰ সৈতে বড়ো ভাষাক সাঁকোৰ দৰে গাঁঠি লোৱাত অগ্রণী ভূমিকা গ্রহণ কৰিছেঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

বড়ো সাহিত্য সভাৰ আজি ৭৪ সংখ্যক প্রতিষ্ঠা দিবস। এই উপলক্ষে বিটিআৰৰ জিলাকেইখনত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাৰ দিনটোত সভাৰ পূৰ্বৰ কাণ্ডাৰীসকলক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে সকলোকে অভিনন্দন জ্ঞাপন কৰিছে। মুখ্যমন্ত্রী শর্মাই সামাজিক মাধ্যমযো...

November 16, 2025 11:59 AM

views 32

নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিকৰ ৪৫০০টা খালী শিক্ষক পদত অচিৰেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব

ৰাজ্যৰ শিক্ষা বিভাগে নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিকৰ ৪৫০০টা খালী শিক্ষক পদত অচিৰেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব। এই ক্ষেত্ৰত প্রাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে ইতিমধ্যে শিক্ষক পদৰ বাবে পূর্বে অনুষ্ঠিত পৰীক্ষাত উত্তীর্ণ প্রার্থীসকলৰ নথি পৰীক্ষণৰ কাম কাইলৈ আৰম্ভ কৰিব বুলি প্রকাশ কৰে। উল্লেখ...

November 16, 2025 11:54 AM

views 38

হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৬ৰ অনলাইন আবেদনৰ সময়সীমা ২০ নৱেম্বৰলৈ পুনৰ বৃদ্ধি

হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৬ৰ অনলাইন আবেদনৰ সময়সীমা পুনৰ বৃদ্ধি কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কালি এটা নির্দেশনাযোগে এইকথা প্রকাশ কৰিছে। অনলাইন আবেদনৰ বাবে কাইলৈৰ পৰা অহা ২০ নৱেম্বৰলৈ নির্দিষ্ট পোর্টেল মুকলি কৰি দিয়া হ'ব। শিক্ষার্থীসকলে ২১ নৱেম্বৰ পৰ্যন্ত মাছুল আদায় দিব পাৰিব। প্ৰ-...

November 16, 2025 11:49 AM

views 46

বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা লণ্ডনলৈ ৰাওনা

বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আজি লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা কালি লণ্ডনলৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে ফে'চবুক লাইভ যোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে এই চুক্তি সফল হ'লে ৫০০ ...

November 16, 2025 11:40 AM

views 55

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ভাৰতীয় প্ৰেছ কাউন্সিলৰ প্ৰতিষ্ঠাৰ উদযাপনৰ লগতে সংবাদ মাধ্যমৰ স্বাধীনতা আৰু বিশ্বজুৰি সাংবাদিকসকলৰ ভূমিকা সম্পৰ্কে সজাগ, সচেতন কৰাৰ বাবে এই দিৱস উদযাপন কৰা হয়। এইবাৰৰ প্ৰেছ দিৱসৰ মূল বিষয় হৈছে নতুন সাহসী বিশ্বত সাংবাদিকতা-সংবাদ মাধ্যমৰ স্বাধীনতা আৰু গণ মাধ্যমৰ ক্ষেত্ৰত ক...

November 16, 2025 11:31 AM

views 27

নয়দাৰ শ্বহীদ বিজয় সিং পঠিক ক্রীড়া প্ৰকল্পত ১৮ খন দেশৰ ১৩০ গৰাকী বক্সাৰে বিশ্ব বক্সিং কাপ ফাইনেল প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব

বিশ্ব বক্সিং কাপ ফাইনেল প্ৰতিযোগিতা আজিৰে পৰা অহা ২০ নৱেম্বৰলৈ নয়দাৰ শ্বহীদ বিজয় সিং পঠিক ক্রীড়া প্ৰকল্পত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ব্রাজিল, পোলেণ্ড আৰু কাজাখস্তানত অনুষ্ঠিত তিনিখন বিশ্বকাপৰ পিছত এই বিশ্বকাপ ফাইনেল হৈছে ২০২৫ চনৰ বিশ্ব বক্সিং কাপ ছিৰিজ ছিজনৰ চূড়ান্ত খেল। এই প্রতিযোগিতাত ১৮ খন দে...

November 16, 2025 11:24 AM

views 37

বেলুচিস্তানৰ কেইবাখনো জিলাত বেলুচ শ্বহীদ দিৱস পালন

বেলুচ নেশ্যনেল মুভমেন্টে বেলুচিস্তানৰ কেইবাখনো জিলাত বেলুচ শ্বহীদ দিৱস পালন কৰে। এই দিৱসত ৰাজনৈতিক নেতা আৰু মানৱ অধিকাৰ কৰ্মীসকলে বিলুচিস্তানৰ পাকিস্তান দখলীকৃত ভূমি আৰু মানৱ অধিকাৰ উলংঘনৰ বিষয়টোত আলোকপাত কৰে৷ উল্লেখযোগ্য যে, বেলুচিস্তানৰ স্বাধীনতা, সন্মান আৰু অধিকাৰৰ বাবে প্ৰাণাহুতি দিয়া বেলুচ শ্...

November 16, 2025 11:15 AM

views 27

প্ৰৱঞ্চনা আৰু জালিয়াতিৰ সংক্ৰান্তত অল ফলাহ বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ এজাহাৰ

দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই প্ৰৱঞ্চনা আৰু জালিয়াতিৰ সংক্ৰান্তত অল ফলাহ বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে দুখন সুকীয়া এজাহাৰ দাখিল কৰিছে। দিল্লী আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে অপৰাধ অনুসন্ধানৰ এটা দলে কালি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ অখলাত থকা অল ফলাহ বিশ্ববিদ্যালয়ৰ কাৰ্যালয় পৰিদৰ্শন কৰে। দিল্লী আৰ...

November 16, 2025 11:12 AM

views 32

ফ্ৰান্সত হ’বলগীয়া দ্বিপাক্ষিক বিমান অনুশীলন-গৰুড় ২৫-ৰ অষ্টম সংস্কৰণত ভাৰতীয় বায়ু সেনা

ভাৰতীয় বায়ু সেনাই আজিৰে পৰা ফ্ৰান্সত হ'বলগীয়া দ্বিপাক্ষিক বিমান অনুশীলন-গৰুড় ২৫-ৰ অষ্টম সংস্কৰণত অংশ ল'ব। বায়ু সেনাই ২৭ নৱেম্বৰলৈকে ফ্ৰান্সৰ বায়ু আৰু মহাকাশ বাহিনীৰ সৈতে একেলগে এই অনুশীলনত ভাগ লব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বাস্তৱিক অভিযানত যুদ্ধ কৌশল আৰু প্ৰক্ৰিয়াৰ সংশোধনে এই অনুশ...

November 16, 2025 11:07 AM

views 35

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত হাৰিয়ানাৰ ফৰিদাবাদত উত্তৰ মণ্ডলীয় পৰিষদৰ বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ হাৰিয়ানাৰ ফৰিদাবাদত হ'বলগীয়া উত্তৰ মণ্ডলীয় পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰিব। পঞ্জাৱ, হাৰিয়ানা আৰু হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ লগতে দিল্লী, জম্মু-কাশ্মীৰ আৰু লাডাখৰ উপ ৰাজ্যপাল, চণ্ডীগড়ৰ প্ৰশাসক মণ্ডলীৰ লগতে অন্যান্য বিষয়ববীয়াসকলেও এই বৈঠকত অংশগ্ৰহণ কৰিব।...