November 18, 2025 8:26 PM

views 23

জনসাধাৰণক পানীৰ পৰ্যাপ্ত সংৰক্ষণ আৰু জলসুৰক্ষা নিশ্চিত কৰাৰ বাবে আহ্বান শ্রীমতী দ্রৌপদী মুর্মুৰ

জলবায়ু পৰিবৰ্তনে সাম্প্রতিক সময়ত জলচক্রত পেলোৱা প্ৰভাৱ সম্পর্কে উল্লেখ কৰি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে দেশৰ জনসাধাৰণক পানীৰ পৰ্যাপ্ত সংৰক্ষণ আৰু জল সুৰক্ষা নিশ্চিত কৰাৰ বাবে আহ্বান জনাইছে। নতুন দিল্লীত আজি ষষ্ঠ ৰাষ্ট্ৰীয় জল বঁটা ২০২৪ আৰু প্ৰথম জল সঞ্চয় জনঅংশীদাৰী বঁটা প্ৰদান কৰি দিয়া ভাষণত ...

November 18, 2025 7:30 PM

views 22

ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত অনুৰাগ গোৱেলৰ সংবাদমেল

ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। নির্বাচন আয়োগে কালি ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়ালৈ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ বাবে পত্ৰ প্ৰেৰণ কৰাৰ পাছতে আজি সংবাদমেল সম্বোধন কৰি মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে কোৱা অনুসৰি ভোটাৰৰ তথ্য ...

November 18, 2025 6:52 PM

views 23

ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত বাবে যাৱতীয় অনুমোদন লাভ

 কেন্দ্ৰীয় চৰকাৰে জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত চলোৱাৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ২০৮ ধাৰাৰ অধীনত যাৱতীয় অনুমোদন লাভ কৰিছে। গৃহ মন্ত্ৰ্যালয়ৰ অনুমতিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত অসম আৰক্ষীয়ে প্ৰস্তুত কৰা অভিযোগনামা দাখিলৰ পথ প্রশস্ত কৰিলে। উল্লেখযোগ্য যে দেশৰ বাহিৰত কো...

November 18, 2025 1:04 PM

views 29

প্ৰকৃতিপ্ৰেমী সংগঠন হাতী বন্ধুৰ বিশেষ প্রচেষ্টা

■ নগাওঁ জিলাৰ চাপানলৰ হাতীখলী গাঁৱৰ লগতে বৃহত্তৰ অঞ্চলটোত হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাবে প্ৰকৃতিপ্ৰেমী সংগঠন হাতী বন্ধুৱে বিশেষ প্রচেষ্টা গ্রহণ কৰিছে। প্ৰকৃতিপ্ৰেমী যুৱক দুলু বৰাৰ নেতৃত্বত তথা গুৱাহাটী জ্যেষ্ঠ নাগৰিক প্ৰদীপ কুমাৰ ভূঞাৰ পৃষ্ঠপোষকতাত হাতী বন্ধুৱে বিগত ৮ টা বছৰৰ দৰে এইবাৰ নৱম বছৰটো বন...

November 18, 2025 1:01 PM

views 60

জুবিন গাৰ্গৰ অবৰ্তমানত ওপজা দিন উদযাপন

● জনতাৰ শিল্পী জুবিন গাৰ্গৰ অবৰ্তমানত আজি তেওঁৰ অগণন অনুৰাগীয়ে শিল্পীগৰাকীৰ গীত আৰু স্মৃতিক লৈ তেওঁৰ ওপজা দিনটো উদযাপন কৰি তেওঁৰ অস্তিত্বক মূৰ্ত কৰি তুলিছে। কালি মাজনিশাই জুবিন গাৰ্গৰ কাহিলিপাৰাস্থিত বাসগৃহৰ লগতে তেওঁৰ ষ্টুডিঅ'ত অনুৰাগীসকলে জন্মদিন উদযাপন আৰম্ভ কৰে। গুৱাহাটীৰ সৰুসজাই আৰু সোণাপুৰৰ জ...

November 18, 2025 1:24 PM

views 33

অসম নাট্য সন্মিলনৰ দ্বিবার্ষিক কার্যকালৰ সভাপতি হিচাপে জিতেন শৰ্মাৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা

● অসম নাট্য সন্মিলনৰ দ্বিবার্ষিক কার্যকালৰ সভাপতি হিচাপে বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, সুলেখক জিতেন শৰ্মাৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। অহা বৰ্ষৰ ১৮ৰ পৰা ২১ জানুৱাৰীলৈ কলিয়াবৰত হ’বলগীয়া নাট্য সন্মিলনৰ অধিৱেশনত শ্ৰী শৰ্মাই সভাপতিত্ব কৰিব। অসম নাট্য সন্মিলনৰ বিগত ৬৩ সংখ্যক বেলশৰ অধিৱেশনতে...

November 18, 2025 1:22 PM

views 60

নিজৰ মাতৃভাষাতে কথা পাতিব পৰাটো সম্ভৱ কৰিবলৈ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

■ দেশৰ বিভিন্ন ভাষা-ভাষীৰ লোকৰ মাজত সহজতে বাৰ্তালাপ সম্ভৱ কৰি তোলাৰ উদ্দেশ্যে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে কালি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। কণ্ঠ আধাৰিত কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত দেশৰ যিকোনো স্থানৰ দুগৰাকী ভিন্ন ভাষীলোকে নিজৰ নিজৰ মাতৃভাষাতে কথা পাতিব পৰাটো সম্ভৱ কৰিবলৈ কেন্দ্ৰীয় ...

November 18, 2025 1:15 PM

views 65

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ

● নির্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ৰাজ্যত আজিৰ পৰা ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। নিৰ্বাচন আয়োগে অসমৰ মুখ্য নির্বাচনী বিষয়ালৈ কালি জাৰি কৰা নিৰ্দেশনা অনুসৰি ২০২৬ চনৰ ১ জানুৱাৰীক ভিত্তি দিন হিচাপে লৈ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী কৰা হ'ব। সেই অনুসৰি আজিৰ পৰ...

November 18, 2025 1:12 PM

views 45

অসমলৈ ২০২৭ চনত প্ৰদৰ্শনৰ বাবে অনা হ’ব ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্ৰ

■ অসমৰ চহকী ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্ৰ ২০২৭ চনত অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত কালি লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত চুক্তি সম্পন্ন হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সংগ্ৰহালয়ৰ কৰ্তৃপক্ষৰ সৈতে এই চুক্তি স্বাক্ষৰ কৰে। শ্ৰীমন্ত শংকৰদেৱ আৰু গুৰুজনাৰ সহযোগীসকলে সৃষ্টি কৰা ...

November 17, 2025 8:30 PM

views 28

উত্তৰ প্ৰদেশৰ সোণভদ্ৰা জিলাৰ এটা শিলৰ কুৱেৰীত সংঘটিত ঘটনাটোত মুঠ ৫ জন শ্রমিকৰ মৃতদেহ উদ্ধাৰ

উত্তৰ প্ৰদেশৰ সোণভদ্ৰা জিলাৰ এটা শিলৰ কুৱেৰীত সংঘটিত ঘটনাটোত মুঠ ৫ জন শ্রমিকৰ মৃতদেহ আজি উদ্ধাৰ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা শনিবাৰে বিয়লি শিলৰ কুৱেৰীটোত সংঘটিত ঘটনাটোত এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। কুৱেৰীটোত ১২ জনতকৈও অধিক শ্রমিক বর্তমানো আৱদ্ধ হৈ আছে আমাৰ সংবাদদাতাই জনাইছে। ৰাষ্ট্ৰীয় দুৰ...