November 19, 2025 9:47 PM

views 22

গ্ৰেটাৰ নয়দাত অনুষ্ঠিত বিশ্বকাপ বক্সিঙৰ মহিলাৰ ৭০ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত ভাৰতৰ অৰুন্ধতী চৌধুৰী

ভাৰতৰ অৰুন্ধতী চৌধুৰীয়ে গ্ৰেটাৰ নয়দাত অনুষ্ঠিত বিশ্বকাপ বক্সিঙৰ মহিলাৰ ৭০ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে আজি ছেমি ফাইনেলত তিনিবাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীৰ লিঅ’নি আয়শ্বা মুলেৰক ৩-০ ফলাফলত পৰাস্ত কৰে। অৰুন্ধতীয়ে কাইলৈ ফাইনেলত উজবেকিস্তানৰ অজিজা জ’ক’ৰিভাৰ সন্মুখীন হ'ব। অ...

November 19, 2025 9:02 PM

views 24

গুৱাহাটীৰ বৰাগাঁৱৰ ছহিদ স্মাৰক ক্ষেত্ৰ অহা ১০ ডিচেম্বৰত মুকলি কৰা হ’বঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ বৰাগাঁৱত ছহিদ স্মাৰক ক্ষেত্ৰৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। অসম আন্দোলনৰ মহান ছহিদসকলৰ সোঁৱৰণত নিৰ্মাণ কৰা এই ছহিদ স্মাৰক ক্ষেত্ৰ অহা ১০ ডিচেম্বৰত উদ্বোধন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

November 19, 2025 8:57 PM

views 29

গুৱাহাটীৰ চানমাৰিত ৰাজ্যখনৰ প্ৰায় ৩০০ গৰাকী শিল্পীৰ গীতেৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ

অগণন অনুৰাগীক শোকস্তব্ধ কৰি কায়িকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আজি ৰাজ্যখনৰ প্ৰায় ৩০০ গৰাকী শিল্পীয়ে গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত গীতেৰে স্মৰণ কৰিছে। কেবাগৰাকীও ন-পুৰণি শিল্পীয়ে শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত এটি বৰগীতেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে। এই গীতটি জুবিন ...

November 19, 2025 8:44 PM

views 23

ডিব্ৰুগড় জিলাৰ লাহোৱালত বুজন পৰিমাণৰ ভাংসহ দুজন সৰবৰাহকাৰীক আটক

ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰক্ষীয়ে আজি বুজন পৰিমাণৰ ভাংসহ দুজন সৰবৰাহকাৰীক আটক কৰে। লাহোৱাল আৰু ঘোঁৰামৰা আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই কুঁৱৰীপথাৰৰ পুলিন দাস নামৰ লোকজনৰ বাসগৃহৰ পৰা ৩ কিলোগ্ৰামৰো অধিক ভাং জব্দ কৰে। আৰক্ষীয়ে লগতে পুলিন দাসৰ পত্নীকো আটক কৰে। দীৰ্ঘদিন ধৰি তেওঁলোকে ভাং সৰবৰাহৰ সৈতে জ...

November 19, 2025 8:42 PM

views 29

গুৱাহাটী টেষ্টৰ বাবে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দল দুটা গুৱাহাটীত উপস্থিত

অহা ২২ নৱেম্বৰৰ পৰা বৰ্ষাপাৰাৰ অসম ক্রিকেট এছোছিয়েছনৰ খেলপথাৰত হ’বলগীয়া গুৱাহাটী টেষ্টৰ বাবে আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দল দুটা গুৱাহাটীত উপস্থিত হয়। দুয়োটা দলকে বিশেষ ছাৰ্টাৰ্ড বাছেৰে বিমান বন্দৰৰ পৰা হোটেল ৰেডিছন ব্লুলৈ লৈ যোৱা হয়। বিমান বন্দৰ আৰু হোটেলত দল দুটাৰ অগণন অনুৰাগীয়ে তেওঁলোকক হৰ...

November 19, 2025 7:46 PM

views 31

সৰভোগৰ গান্ধী ময়দানত জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন

জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই আজি সৰভোগৰ গান্ধী ময়দানত শিল্পীগৰাকীৰ এটি পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰা হয় ৷ বিধায়ক মনোৰঞ্জন তালুকদাৰে এই প্ৰতিমূৰ্তিটো উন্মোচন কৰে। সংগীত পৰিচালক দিগন্ত ভাৰতী, পৰিচালক শশাংক সমীৰ, জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই এই অনুষ্ঠানত অংশ লৈ শিল্পীগৰাকীক শ্ৰদ্ধাৰে স...

November 19, 2025 7:02 PM

views 30

চাংসাৰিৰ শৰাইঘাট মহাবিদ্যালয়ত বিশ্ব ঐতিহ্য সপ্তাহ ২০২৫ মুকলি মন্ত্ৰী যোগেন মহনৰ

অসম প্ৰত্নতত্ব সঞ্চালকালয়ৰ উদ্যোগত কামৰূপ জিলাৰ চাংসাৰিৰ শৰাইঘাট মহাবিদ্যালয়ত মন্ত্ৰী যোগেন মহনে আজি বিশ্ব ঐতিহ্য সপ্তাহ ২০২৫ মুকলি কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰীমহনে কয়, যে ৰাজ্য চৰকাৰে শিৱসাগৰৰ ঐতিহাসিক মঠ-মন্দিৰ আৰু ডিমা হাচাওৰ শৈল-ভাস্কর্য বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে। ...

November 19, 2025 6:59 PM

views 24

পৰ্যটন নিগমৰ নিযুক্তি কেলেংকাৰী গোচৰত এইপর্যন্ত ৩জন বিষয়াক গ্ৰেপ্তাৰ

মুখ্যমন্ত্ৰী তদাৰকী কোষে পৰ্যটন নিগমৰ নিযুক্তি কেলেংকাৰী গোচৰত এই পর্যন্ত ৩ জন বিষয়াক গ্ৰেপ্তাৰ কৰে। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আজি পৰ্যটন বিষয়া নয়নমণি পামেগামক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে কালি নিশা প্ৰাঞ্জল বৰা আৰু অনন্যা বৰঠাকুৰক গ্রেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ অন্তত তিনিওগৰাকী ধৃত বিষয়াৰ স্বাস্থ্য পৰীক্ষ...

November 19, 2025 6:55 PM

views 31

গুৱাহাটীৰ চিৰিয়াখানাৰ সমীপত জালনোটসহ তিনিজন লোকক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ

দিছপুৰ আৰক্ষীয়ে আজি চিৰিয়াখানাৰ সমীপত অভিযান চলাই জালনোটসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা লোক তিনিজন বৰপেটাৰ চুফিয়া খাটুন, মহিদুল ভূঞা আৰু বিহপুৰীয়াৰ মইনুল আলী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে তিনিওৰে জিম্মাৰ পৰা ৩৬ লাখ ৬৫ হাজাৰ টকাৰ জালনোট, প্ৰিণ্টাৰ, কাগজ আদি জব্দ কৰিছে।

November 19, 2025 6:46 PM

views 15

ডিব্ৰুগড় নগৰ পানীযোগান প্ৰকল্প আৰু পয়ঃপ্ৰণালী পৰিশোধন প্ৰকল্পৰ আধাৰশিলা স্থাপন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি ডিব্ৰুগড়ত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় নগৰ পানীযোগান প্ৰকল্প আৰু পয়ঃপ্ৰণালী পৰিশোধন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই পানীযোগান প্রকল্পই ডিব্ৰুগড় পৌৰ এলেকাৰ পানীৰ সমস্যা সমাধান কৰিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প...