April 3, 2024 8:55 PM

views 31

শান্তিপূৰ্ণ আৰু প্রলোভনমুক্ত নির্বাচন সুনিশ্চিত কৰিবলৈ নির্বাচন আয়োগৰ নির্দেশনা

নির্বাচন আয়োগে অবৈধ সুৰা, নগদ ধন, মাদক দ্রব্য, অস্ত্ৰ শস্ত্ৰ আৰু উপঢৌকনৰ সৰবৰাহ বন্ধ কৰাৰ বাবে আন্তৰাজ্যিক আৰু আন্তৰাষ্ট্ৰীয় সীমান্তসমূহত চোকা নজৰ ৰাখিবলৈ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্রধানসকলক নির্দেশ দিছে। আয়োগে লগতে তেওঁলোকক শান্তিপূৰ্ণ আৰু প্রলোভনমুক্ত...

April 3, 2024 8:52 PM

views 33

বিজেপি কৰ্মকৰ্তাসকলৰ উৎসাহ দেখি বিৰোধী পক্ষৰ নেতাসকল নিৰাশাত ভুগিছেঃ মোদী

♦ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বিজেপি কৰ্মকৰ্তাসকলৰ উৎসাহ দেখি বিৰোধী পক্ষৰ নেতাসকল নিৰাশাত ভুগিছে। তেওঁ লগতে দলীয় কর্মীসকলক সকলো পুৰণি নির্বাচনী অভিলেখ ভংগ কৰাৰ সংকল্পৰে কাম কৰিবলৈ আহ্বান জনায়। শ্রীমোদীয়ে আজি নমো এপৰ জৰিয়তে ডিজিটীয় ৰেলীক সম্বোধন কৰি এইদৰে আহ...

April 3, 2024 8:49 PM

views 53

মোদীৰ নেতৃত্বত বিশ্বৰ পঞ্চম সর্ববৃহৎ অর্থব্যৱস্থাসমূহৰ অন্যতমৰূপে পৰিগণিত হৈছেঃ ৰাজনাথ সিঙ

♦ বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, ভাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিশ্বৰ পঞ্চম সর্ববৃহৎ অর্থব্যৱস্থাসমূহৰ অন্যতমৰূপে পৰিগণিত হৈছে আৰু ২০২৭ চনৰ ভিতৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অর্থব্যৱস্থা হিচাপে পৰিগণিত হবলৈ ওলাইছে। গাজিয়াবাদত আজি এখন নির্বাচনী সভাত ভাষণ দি ...

April 3, 2024 8:48 PM

views 61

একাংশ সংবাদ মাধ্যমযোগে ঔষধৰ মূল্য ভালেখিনি বৃদ্ধি পোৱা বুলি প্ৰচাৰিত বাতৰি ভূৱা আৰু বিভ্ৰান্তিকৰ

◊ চৰকাৰে একাংশ সংবাদ মাধ্যমযোগে ঔষধৰ মূল্য ভালেখিনি বৃদ্ধি পোৱা বুলি প্ৰচাৰিত বাতৰি ভূৱা আৰু বিভ্ৰান্তিকৰ বুলি অভিহিত কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কৈছে যে, এই বাতৰিসমূহত ৫শ বিধৰো অধিক ঔষধৰ ক্ষেত্ৰত মূল্য বৃদ্ধিৰ প্ৰভাৱ পৰিব বুলি দাবী কৰা হৈছে যদিও প্ৰকৃততে এই বাতৰিসমূহ ভূৱা-বিভ্ৰান্তিকৰ আ...

April 3, 2024 8:43 PM

views 39

গ্ৰীষ্মকালত হ’ব পৰা ৰোগৰ ব্যৱস্থাপনাৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রীৰ বৈঠক

◊ গ্ৰীষ্মকালত গৰমৰ প্ৰকোপৰ পৰা হ’ব পৰা ৰোগৰ ব্যৱস্থাপনাৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রী ড° মনসুখ মন্দাভিয়াৰ অধ্যক্ষতাত আজি এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত কেন্দ্ৰীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰা, নীতি আয়োগৰ সদস্য ডাঃ ভি কে পাল, ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক ...

April 3, 2024 8:39 PM

views 26

আপৰ নেতা সঞ্জয় সিঙক আৱকাৰী নীতি কেলেংকাৰী গোচৰত সাক্ষ্য প্রমাণ বিনষ্ট নকৰিবলৈ দিল্লীৰ এখন আদালতৰ নিৰ্দেশ

♦ দিল্লীৰ এখন আদালতে আম আদমী পাৰ্টীৰ নেতা সঞ্জয় সিঙক আৱকাৰী নীতি কেলেংকাৰী গোচৰত সাক্ষ্য প্রমাণ বিনষ্ট অথবা সাক্ষী সকলক প্ৰভাৱিত নকৰিবলৈ নিৰ্দেশ দিছে। বিশেষ ন্যায়াধীশ কাৱেৰী বৱেজাই আজি তিহাৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা তেওঁক মুকলি কৰাৰ নিৰ্দেশ দিয়াৰ পূৰ্বে এইদৰে নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ে কালি...

April 3, 2024 8:37 PM

views 36

বৰ্তমানলৈকে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত ২৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল

♦ ৰাজ্যত ২৬ এপ্ৰিলত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি দেশৰ বিভিন্ন প্ৰান্তত কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি ৱায়নাড সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে। ইফালে, ৰাজ্যখনত আজি পুনৰ ১৩ গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰিছে। ইয়াকে লৈ এই পর্যন্ত ...

April 3, 2024 8:34 PM

views 34

জনসাধাৰণৰ প্ৰতি ৫টা ন্যায় নিশ্চিত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ গেৰাণ্টি কার্ড মুকলি

◊ কংগ্ৰেছ দলে লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ প্ৰতি ৫টা ন্যায় নিশ্চিত কৰাৰ লক্ষ্যৰে ন্যায়পত্র বা গেৰাণ্টি কার্ড মুকলি কৰিছে। এই অনুসৰি দলটোৱে প্ৰতিগৰাকী শিক্ষিত যুৱক-যুৱতীক নিযুক্তিৰ নিশ্চিতিৰে যুৱপ্ৰজন্মৰ প্ৰতি ন্যায় নিশ্চিতকৰণৰ প্ৰতিশ্ৰুতি দিছে। একেদৰে, স্বামীনাথন আয়োগৰ পৰামৰ্শাৱলী কা...

April 3, 2024 8:32 PM

views 62

ওদালগুৰি আৰু মঙলদৈ জিলাৰ নিৰ্বাচনী বিষয়াক পদৰ পৰা অপসাৰণ

♦ ওদালগুৰি আৰু মঙলদৈ জিলাৰ নিৰ্বাচনী বিষয়া দুগৰাকীক আজি ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াই পদৰ পৰা অপসাৰণ কৰে৷ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াই ওদালগুৰি জিলাৰ নিৰ্বাচনী বিষয়া কুলভূষণ পেগু আৰু মঙলদৈৰ নিৰ্বাচনী বিষয়া দেৱাশীষ বৰঠাকুৰক পদৰ পৰা অপসাৰণ কৰে। একেটা আদেশযোগে ওদালগুৰি জিলাৰ অতিৰিক্ত আয়ুক্ত ছৰফৰ...

April 3, 2024 8:29 PM

views 42

ছয়গাঁৱৰ কালাতলীত বুজন পৰিমাণৰ মাদক দ্ৰব্যৰ সৈতে দুজন লোকক আটক

♦ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত গঠন কৰা নিৰীক্ষণকাৰী দলে আজি কামৰূপ জিলাৰ ছয়গাঁৱৰ কালাতলীত বুজন পৰিমাণৰ মাদক দ্ৰব্যৰ সৈতে দুজন লোকক আটক কৰে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, ধৃত লোক দুজনৰ পৰা ২০টা মাদক দ্রব্যভর্তি টেমা, ম'বাইল ফোন আৰু এখন মটৰ চাইকেল জব্দ কৰা হৈছে। লোক দুজনক ছয়গাঁও থানাত গতাই দিয়া ...