April 24, 2024 8:47 PM

views 11

ইভিএমৰ জৰিয়তে সাব্যস্ত কৰা প্ৰতিটো ভোটৰ ১০০ শতাংশ সত্যাসত্য নিৰূপণৰ অনুৰোধ জনাই দাখিল কৰা আবেদনৰ ৰায় সুৰক্ষিত উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে ভিভি পেট শ্লিপৰ সৈতে ই ভি এমৰ জৰিয়তে সাব্যস্ত কৰা প্ৰতিটো ভোটৰ ১০০ শতাংশ সত্যাসত্য নিৰূপণৰ অনুৰোধ জনাই দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত ৰায় সুৰক্ষিত ৰাখিছে। ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপাংকৰ দত্তাক লৈ গঠিত এখন বিচাৰপীঠে আজি শুনানীৰ সময়ত ই ভি এমৰ কাম-কাজক লৈ নিৰ্ব...

April 24, 2024 8:44 PM

views 21

চাংঘাইত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্যায়ৰ ফাইনেলত ভাৰতৰ পুৰুষ আৰু মহিলা কম্পাউণ্ড আৰ্চাৰী দল

ভাৰতৰ পুৰুষ আৰু মহিলা কম্পাউণ্ড আৰ্চাৰী দল চাংঘাইত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্যায়ৰ ফাইনেলত প্ৰৱেশ কৰিছে। অভিষেক বার্মা, প্রিয়াংশ আৰু প্ৰথমেশ ফুগেৰ ভাৰতীয় পুৰুষ দলটোৱে আজি ছেমি ফাইনেলত দক্ষিণ কোৰিয়াক ২৩৫-২৩৩ ফলাফলত পৰাস্ত কৰাৰ বিপৰীতে জ্যোতি সুৰেখা ৱেন্নম, অদিতি গোপীচান্দ আৰু পৰণীত কৌৰক ...

April 24, 2024 8:41 PM

views 20

বৰপেটা-বজালীত তৃতীয় পৰ্যায়ৰ লোকসভা নির্বাচনৰ প্ৰস্তুতিৰ বুজ লয় ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে

অহা ৭ মে'ত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত এহেজাৰ ৩৫১ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দিতা আগবঢ়াব। এই পৰ্যায়ত দুহেজাৰ ৯৬৩ গৰাকী প্ৰাৰ্থীয়ে ১৫টা সংসদীয় সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিছিল। ইপিনে, অসমত এই পৰ্যায়ত ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো ন...

April 24, 2024 8:34 PM

views 31

অহা ২৭ এপ্ৰিলত অসমলৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গে

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গেই অহা ২৭ এপ্ৰিলত অসমলৈ আহিব। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি এই কথা সদৰী কৰে। ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে বৰপেটাৰ কংগ্ৰেছ প্রার্থী দীপ বায়নৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে গুৱাহাটীত এখন সংবাদ মেলত অংশগ্ৰহণ কৰিব।

April 24, 2024 8:32 PM

views 42

তৃতীয় পৰ্যায়ৰ লোকসভা নির্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনৰ প্রস্তুতি

অহা ৭ মে'ত তৃতীয় পৰ্যায়ৰ লোকসভা নির্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে পূর্ণ গতিত প্রস্তুতি অব্যাহত আছে। সেই অনুসৰি প্ৰথমবাৰৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়াত অংশ ল'বলগীয়া প্রিজাইডিং আৰু প’লিং বিষয়াসকলক দুদিনীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা হয়। বিষয়াসকলক ইলেকট্র’নিক ভোটিং মেচিন পৰিচালন...

April 24, 2024 8:29 PM

views 24

ৰাজ্যত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু আৰক্ষী প্রশাসনৰ বিভিন্ন ব্যৱস্থা গ্ৰহণ

ৰাজ্যখনত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু আৰক্ষী প্রশাসনসমূহে ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লৈছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভোটগ্রহণ হ'বলগীয়া নগাঁও, বাক্সা,...

April 24, 2024 8:27 PM

views 31

অৰুণাচল প্ৰদেশৰ ৪টা বিধানসভা সমষ্টিৰ আঠটা ভোটগ্রহণ কেন্দ্ৰত পুনৰ ভোটগ্রহণ সম্পন্ন

অৰুণাচল প্ৰদেশৰ চাৰিটা বিধানসভা সমষ্টিৰ আঠটা ভোটগ্রহণ কেন্দ্ৰত বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ পুনৰ ভোটগ্রহণ আজি শান্তিপূর্ণভাৱে সম্পন্ন হয়। পুৱা ৬ বজাত আৰম্ভ হোৱা ভোটগ্ৰহণৰ বিয়লি ২ বজাত সামৰণি পৰে। ভোটগ্রহণ সম্পূৰ্ণ হোৱাৰ লগে লগে এই কেন্দ্ৰকেইটাত 17A প্ৰ-পত্ৰ পৰীক্ষা কৰা হয়। এই ভোট কেন্দ্ৰকেইটাত য...

April 24, 2024 8:24 PM

views 17

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিৰ লগে লগে ভোটগ্রহণৰ বাবে নির্বাচনী জিলাসমূহৰ প্রস্তুতি প্রায় সম্পূৰ্ণ

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰাৰ লগে লগে ভোটগ্রহণৰ বাবে সংশ্লিষ্ট নির্বাচনী জিলাসমূহে প্রস্তুতি প্রায় সম্পূৰ্ণ কৰিছে৷ নির্বাচন আয়োগৰ নিৰ্দেশনামৰ্মে প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত ভোটদাতাৰ সুবিধা হোৱাকৈ সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ৫০ শতাংশ ভোটকেন্দ্ৰত ৱেৱ কাষ্টিঙৰ ব্যৱস্থা কৰা হ'...

April 24, 2024 8:21 PM

views 28

শিৱসাগৰত জ্ঞানপীঠ বঁটাপ্ৰাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবার্ষিকী অনুষ্ঠান

শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত আজি জ্ঞানপীঠ বঁটাপ্ৰাপক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবার্ষিকী অনুষ্ঠানৰ আয়োজন কৰা হয়। ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবার্ষিকী উদযাপন সমিতি, শিৱসাগৰৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ চন...

April 24, 2024 8:18 PM

views 29

গুৱাহাটীৰ ৪গৰাকী দবা খেলুৱৈৰ ফীডে ৰেটিং লাভ

গুৱাহাটীৰ চাৰিগৰাকী দবা খেলুৱৈ ফীডে ৰেটিং লাভ কৰিবলৈ সক্ষম হৈছে। গুৱাহাটী দবা একাডেমীৰ খেলুৱৈ ভৌমিক কিশোৰ দাস, হৃয়ান কৌশিক ঠাকুৰীয়া, তমন্না শৰ্মা আৰু তানিস্ক ঠাকুৰীয়াক ফীডে ৰেটিং প্ৰদান কৰা হৈছে। বিশ্ব দবা মহাসংঘই প্ৰকাশ কৰা এপ্রিল, ২০২৪ৰ ফীডে ৰেটিং তালিকা অনুসৰি ভৌমিক কিশোৰ দাসে এহেজাৰ ৫৫০ ৰেটিং...