May 3, 2024 12:16 PM

views 29

২০১৪ চনত জনসাধাৰণে তেওঁৰ পৰা আশা কৰিছিল আৰু ২০১৯ চনত সেই আশাসমূহ আস্থাত পৰিণত হৈছেঃ মোদী

♦ প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোডীয়ে কৈছে যে ২০১৪ চনত জনসাধাৰণে তেওঁৰ পৰা আশা কৰিছিল আৰু ২০১৯ চনত সেই আশাসমূহ আস্থাত পৰিণত হৈছে। তেওঁ কয় যে আশাৰ পৰা আৰম্ভ হৈ ই আস্থাৰ পৰ্যায় অতিক্ৰমী নিশ্চয়তাত পৰিণত হৈছে। এটা নিউজ চেনেলত দিয়া সাক্ষাৎকাৰত শ্ৰীমোডীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয...

May 3, 2024 12:04 PM

views 26

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

◊ লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। কাইলৈ মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব আৰু সোমবাৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হ'ব।

May 3, 2024 12:03 PM

views 32

আই পি এলত ছানৰাইজাৰ্ছ হায়দাবাদে ৰাজস্থান ৰয়েলছক ১ ৰাণত পৰাস্ত

◊ ছানৰাইজাৰ্ছ হায়দাবাদে যোৱানিশা হায়দাবাদত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন ৰোমাঞ্চকৰ খেলত ৰাজস্থান ৰয়েলছক ১ ৰাণত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে ২০২ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২০০ ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ যশস্বী জয়ছৱালে ৪০টা বলত ৬৭ আৰু ...

May 3, 2024 11:50 AM

views 34

গোলাঘাট আৰক্ষীয়ে ভিন্ন ঠাইত চলোৱা অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ

◊ গোলাঘাট আৰক্ষীয়ে কেইবা ঠাইতো অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিছে। নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অভিযান চলাই গোলাঘাট আৰক্ষীয়ে প্ৰায় তিনি কেজি ওজনৰ হেৰ'ইন জব্দ কৰে। সৰুপথাৰ আৰক্ষী চকীৰ অন্তৰ্গত এলেকাত অভিযান চলাই দুখন গাড়ীৰ পৰা হে'ৰইনখিনি জব্দ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চাৰিজন ল...

May 3, 2024 11:46 AM

views 26

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ ক্ষেত্ৰত কেতবোৰ সালসলনি

♦ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ ক্ষেত্ৰত কেতবোৰ সালসলনি ঘটাইছে। শিক্ষা সংসদৰ সচিবে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে অহা ১৫ মে পর্যন্ত অনলাইন আবেদন দাখিল কৰিব পাৰিব। সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ দ্বাৰা ১৬ৰ পৰা ১৮ মে'ৰ ভিতৰত...

May 3, 2024 11:43 AM

views 37

আজি বিশ্ব প্ৰেছ স্বাধীনতা দিৱস

◊ আজি বিশ্ব প্ৰেছ স্বাধীনতা দিৱস। প্ৰতিবছৰে ৩ মে'ত সংবাদ মাধ্যমৰ স্বাধীনতাৰ মৌলিক অধিকাৰবোৰক স্বীকৃতি দিয়া, সমগ্ৰ বিশ্বতে সংবাদ মাধ্যমৰ স্বাধীনতা মূল্যায়ন কৰা, সংবাদ মাধ্যমক তেওঁলোকৰ স্বাধীনতাৰ ওপৰত আক্ৰমণৰ পৰা ৰক্ষা কৰা আৰু বিভিন্ন সময়ত কৰ্তব্যৰ সময়ত প্ৰাণ হেৰুওৱা সাংবাদিকসকলক শ্রদ্ধাঞ্জলি জ্ঞা...

May 3, 2024 11:38 AM

views 52

ডিমা হাচাও জিলা প্রশাসনৰ প্রতিকুল বতৰৰ বাবে সতর্কতামূলক নির্দেশনা

◊গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰৰ নিৰ্দেশনা মৰ্মে ডিমা হাচাও জিলা প্রশাসনে প্রতিকুল বতৰৰ প্ৰতি লক্ষ্য ৰাখি সতর্কতামূলক নির্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি জিলাখনৰ সকলো শিক্ষানুষ্ঠান কাইলৈ পৰ্যন্ত বন্ধ থাকিব। আনহাতে প্ৰশাসনে জিলাখনৰ লোকসকলক পৰাপক্ষত ঘৰৰ পৰা বাহিৰলৈ নাযাবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য ...

May 3, 2024 11:36 AM

views 2

শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ MBBSৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

◊ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ে MBBSৰ চূড়ান্ত পৰীক্ষাত ফলাফল কালি ঘোষণা কৰিছে। শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ে ঘোষণা কৰা চূড়ান্ত পৰীক্ষাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে শীর্ষ ২০ স্থানৰ ভিতৰত ৭টা স্থান দখল কৰিবলৈ সক্ষম হৈছে। কৃতিত্বৰে উত্তীৰ্ণ হোৱ...

May 3, 2024 11:33 AM

views 28

গুৱাহাটী উচ্চ ন্যায়ালয়ে সমগ্ৰ ৰাজ্যতে ম’হ যুঁজ অনুষ্ঠিত নকৰিবলৈ অসম চৰকাৰক নিৰ্দেশ

◊ গুৱাহাটী উচ্চ ন্যায়ালয়ে সমগ্ৰ ৰাজ্যতে ম’হ যুঁজ অনুষ্ঠিত নকৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। পিপ্‌ল ফৰ দ্য ইথিকেল ট্রিটমেণ্ট অব্ এনিমেলছ চমুকৈ পেটা নামৰ সংগঠনটোৱে দাখিল কৰা এখন আবেদনৰ শুনানি লৈ উচ্চ ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্রদান কৰিছে। উল্লেখযোগ্য যে অসম চৰকাৰে কেবিনেট সিদ্ধান্তযোগে এ...

May 3, 2024 11:27 AM

views 28

তৃতীয় পৰ্যায়ত ৰাজ্যত হ’বলগীয়া নিৰ্বাচনৰ অন্তৰ্গত সমষ্টিসমূহৰ জিলাকেইখনত ভোটগ্রহণৰ দিনটো বন্ধৰ দিন হিচাপে ঘোষণা

◊ তৃতীয় পৰ্যায়ত ৰাজ্যখনত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমষ্টিসমূহৰ অন্তৰ্গত জিলাকেইখনত ভোটগ্রহণৰ দিনটোত অর্থাৎ ৭ মে’ বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। এই সময়ছোৱাত স্বাস্থ্যজনিত জৰুৰী সেৱা, প্ৰয়োজনীয় তথ্যপাতি থকা পৰ্যটক আৰু অত্যৱশ্যকীয় সামগ্ৰীৰ প...