May 7, 2024 1:50 PM

views 33

এ এছ বি চি এছিয়ান ২২ বছৰৰ অনুর্ধ্ব আৰু যুৱ বক্সিং প্রতিযোগিতাত ভাৰতীয় খেলুৱৈ সকলৰ ৪৩টাকৈ পদক লাভ

♦ কাজাখাস্তানৰ আস্তানাত অনুষ্ঠিত এ এছ বি চি এছিয়ান ২২ বছৰৰ অনুর্ধ্ব আৰু যুৱ বক্সিং প্রতিযোগিতাত ভাৰতীয় খেলুৱৈ সকলে ৪৩টাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ২৪ খনতকৈও অধিক দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত ভাৰতে যুৱ শাখাত ২২টা আৰু ২২ বছৰ অনুৰ্ধত ২১টা পদক লাভ কৰি দেশলৈ সুনাম কঢ়িয়াই আনে। যুৱ শাখা...

May 7, 2024 1:51 PM

views 20

আই পি এলঃ ৰাজস্থান ৰয়েলছ বনাম দিল্লী কেপিটেলছ

♦ আই পি এল ক্রিকেট প্রতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ দিল্লী কেপিটেলছৰ মুখামুখি হ'ব। বর্তমান পইণ্ট তালিকাত ৰাজস্থান দ্বিতীয় স্থানত থকাৰ বিপৰীতে দিল্লী ষষ্ঠ স্থানত আছে। প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে ছানৰাইজাৰ্ছ হায়দা...

May 7, 2024 1:16 PM

views 49

ভাৰতৰ মনিকা বাট্ৰৰ ছৌদি স্মেছ টেবুল টেনিছৰ মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

♦ ছৌদি আৰৱৰ জেড্ডাহত চলি থকা ছৌদি স্মেছ টেবুল টেনিছ প্রতিযোগিতাত ভাৰতৰ মনিকা বাট্ৰই বিশ্বৰ দুই নম্বৰ বাছনিৰ খেলুৱৈ চীনৰ ৱাং মান্‌য়ুক পৰাস্ত কৰি মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৩৯ নম্বৰ বাছনিৰ খেলুৱৈ মনিকাই ৩-১ ফলাফলত নিজৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰে। প্রি-কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয়...

May 7, 2024 1:00 PM

views 25

শোণিতপুৰ জিলাৰ চাহ বাগিছা এলেকাত পানীৰ পৰা উদ্ভৱ হোৱা কলেৰা, ডায়েৰীয়া, জণ্ডিজ আদি ৰোগ প্ৰতিৰোধ কৰাৰ বাবে বৈঠক

♦ শোণিতপুৰ জিলাৰ চাহ বাগিছা এলেকাত পানীৰ পৰা উদ্ভৱ হোৱা কলেৰা, ডায়েৰীয়া, জণ্ডিজ আদি ৰোগ প্ৰতিৰোধ কৰাৰ বাবে কালি এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনৰ চাহ বাগিছাসমূহত এই ৰোগসমূহ প্ৰতিৰোধ কৰিবলৈ শ্ৰমিকসকলক বিশুদ্ধ খোৱাপানী ব্যৱহাৰৰ বাবে সজাগ কৰিবলৈ প্ৰচাৰ চলোৱাৰ সিদ্ধান্ত লোৱা হয়। জিলাখনৰ ৩৬ খন চ...

May 7, 2024 12:54 PM

views 34

হাইলাকান্দিত স্বোৱাইন ফ্লুত আক্ৰান্ত হৈ এটি শিশুৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ এই ৰোগক লৈ সতর্কতা

হাইলাকান্দি জিলাত স্বোৱাইন ফ্লুত আক্ৰান্ত হৈ অলপতে এটি শিশুৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে এই ৰোগক লৈ সতর্কতা জাৰি কৰিছে। ইফালে কাছাৰ জিলাতো ৩ জন ব্যক্তিৰ দেহত এইচ ওৱান এন ওৱান ভাইৰাছৰ সংক্ৰমন নিশ্চিত হোৱাৰ পাছত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। হাইলাকান্দি স্বাস্থ্য বিভাগে...

May 7, 2024 12:52 PM

views 33

১১ মে’ত ৰাজ্যজুৰি ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন

♦ ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত অহা ১১ মে'ত ৰাজ্যজুৰি ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে যান বাহন আইন উলংঘা গোচৰ, দেৱানী গোচৰ, পাৰিবাৰিক গোচৰ, মটৰ দুৰ্ঘটনা দাবী, ন্যায়াধীকৰণৰ গোচৰ, চেক বাউন্স গোচৰ, ৰাজহ সংক্ৰান্তীয় গোচ...

May 7, 2024 12:49 PM

views 25

পুলিবৰ আৰক্ষীৰ গুলীচালনাত বিভিন্ন ডকাইতি কাণ্ডৰ সৈতে জড়িত কুশ কুটুম নামৰ এজন ব্যক্তি আহত

যোৰহাট জিলাৰ পুলিবৰ আৰক্ষীৰ গুলীচালনাত বিভিন্ন ডকাইতি কাণ্ডৰ সৈতে জড়িত কুশ কুটুম নামৰ এজন ব্যক্তি আহত হয়। আৰক্ষীয়ে লোকজনক আজি পুৱতি নিশা ৰান্ধনীজান অঞ্চলৰ পৰা আটক কৰাৰ সময়তে তেওঁ পলায়ন কৰিবলৈ চেষ্টা কৰাত গুলীচালনা কৰিবলৈ বাধ্য হয়। পাছত তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভর্তি কৰোৱা হয়।

May 7, 2024 12:46 PM

views 30

ভুৱা তথ্য ব্যৱহাৰ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা দলসমূহক সতৰ্ক কৰি নির্বাচন আয়োগৰ নিৰ্দেশনা

নির্বাচন আয়োগে সামাজিক মাধ্যমযোগে ভুৱা তথ্য ব্যৱহাৰ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা দলসমূহক সতৰ্ক কৰি এলানি নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি দলসমূহে তিনি ঘণ্টাৰ ভিতৰত সামাজিক মাধ্যমৰ পৰা ভুৱা তথ্য আঁতৰাই নিদিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে। আয়োগে এটা বিজ্ঞপ্তিৰ জৰিয়তে ডীপ ফেক ভিডিঅ' আ...

May 7, 2024 12:40 PM

views 31

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে আজি অধিসূচনা জাৰি কৰা হ’ব

♦ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। এই পৰ্যায়ত এখন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭খন লোকসভা আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩খনকৈ, পশ্চিমবংগৰ ৯খন, বিহাৰৰ ৮খন, ওড়িশাৰ ৬খন, হিমাচল প্ৰদেশৰ ৪খন, ঝাৰখণ্ডৰ ৩খন আৰু কেন্দ্ৰ...

May 7, 2024 12:27 PM

views 36

পুৱা প্ৰায় ৭.৩০ বজাত প্রধানমন্ত্ৰী মোদীৰ ভোটাধিকাৰ সাব্যস্ত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গান্ধী নগৰ সমষ্টিৰ অন্তৰ্গত আহমেদাবাদৰ নিছান হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ভোটকেন্দ্ৰত পুৱা প্ৰায় ৭.৩০ বজাত ভোটাধিকাৰ সাব্যস্ত কৰে। এই সমষ্টিত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে বিজেপিৰ প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰিছে। ভোটদান কৰি প্ৰধানমন্ত্ৰীয়ে ভোটকেন্দ্ৰটো...