May 14, 2024 6:22 PM

views 27

কেনিয়াৰ বানপীড়িতলৈ ভাৰতৰ পুনৰ ৪০ টন ঔষধ, চিকিৎসা সামগ্ৰী প্ৰেৰণ

ভাৰতে কেনিয়াৰ বানপীড়িতক মানৱীয় সাহায্য প্ৰদানৰ বাবে বায়ুসেনাৰ বিশেষ বিমানৰ জৰিয়তে দ্বিতীয়বাৰলৈ ৪০ টন ঔষধ, চিকিৎসা সামগ্ৰী আৰু অন্যান্য সঁজুলি প্ৰেৰণ কৰিছে। ভাৰতে টেণ্ট, কম্বল, বিদ্যুৎ উৎপাদনৰ ছেট, বেছিক ছেনিটেৰী ইউটিলিটি, হাইজিন কিট, শিশু খাদ্য, মেলেৰিয়া আৰু ডেংগু ডায়েগ্ন’ষ্টিক কিট তথা এনটিভে...

May 14, 2024 6:20 PM

views 16

কেৰালাৰ কোঝিকোড়েত এম্বুলেন্সত জুই, এগৰাকী ৰোগীৰ মৃত্যু

কেৰালাৰ কোঝিকোড়েত আজি পুৱা এগৰাকী ৫৭ বছৰীয়া মহিলা ৰোগী কঢ়িয়াই নিয়া এখন এম্বুলেন্সত জুই লগাৰ ফলত মহিলাগৰাকীৰ মৃত্যু হয়। এখন ব্যক্তিগত চিকিৎসালয়ৰ পৰা মহিলাগৰাকীক আন এখন হাস্পতাললৈ নি থকা অৱস্থাতেই এই দুর্ঘটনাটো ঘটে। ঘটনা সংঘটিত হোৱাৰ সময়ত অঞ্চলটোত ধাৰাসাৰ বৰষুণ হৈ আছিল আৰু এম্বুলেন্সখনে নিয়ন্...

May 14, 2024 6:18 PM

views 15

আই পি এলত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু দেলহী কেপিটেলছ মুখামুখি, গুজৰাট টাইটানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ খেল পৰিত্যক্ত

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ দেলহী কেপিটেলছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। গুজৰাট টাইটানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া খেলখন বৰষুণৰ বাবে এটাও বল ...

May 14, 2024 6:17 PM

views 26

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা হজ যাত্ৰাৰ বাবে ৩,৭০৮গৰাকী হজযাত্রীৰ প্ৰথমটো দল সাজু

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা এইবাৰ ৩ হাজাৰ ৭০৮গৰাকী হজযাত্রী হজ যাত্ৰাৰ বাবে ৰাওনা হ'ব। পৰহিলৈ গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা হজযাত্রীৰ প্রথমটো দল মক্কা অভিমুখে যাত্রা কৰিব। আজি গুৱাহাটীৰ হাজি মুছাফিৰখানাত আয়োজিত এখন সংবাদমেলত যুটীয়া ৰাজ্যিক হজ সমিতিৰ অধ্যক্ষ নেক...

May 14, 2024 11:49 AM

views 16

এল’ডা কাপ প্রতিযোগিতাৰ উদ্বোধনী দিনটোত জয়েৰে ভাৰতীয় বক্সাৰৰ অভিযান আৰম্ভ

ভাৰতীয় বক্সাৰসকলে কাজাখস্তানৰ আস্তানাত অনুষ্ঠিত চলিত বৰ্ষৰ এল'ডা কাপ প্রতিযোগিতাৰ উদ্বোধনী দিনটোত জয়েৰে অভিযান আৰম্ভ কৰিছে। মহিলাৰ ৫২ কিল'গ্রাম ওজন শাখাত বৰ্তমানৰ বিশ্ব চেম্পিয়ন নিখত জৰিনে আয়োজক দেশৰ ৰাখীম্বার্দি ঝানছায়াক ৫-০ গেমত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হয়। ইপিনে মহিলাৰ ৪৮ কিল'গ্রা...

May 14, 2024 11:44 AM

views 24

আই পি এলত গুজৰাট টাইটানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ খেল পৰিত্যক্ত ঘোষণা

গুজৰাট টাইটানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া আই  পি এল ক্রিকেট প্রতিযোগিতাৰ খেলখন বৰষুণৰ বাবে এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা  কৰাত গুজৰাট দলটো প্ৰতিযোগিতাৰ প্লেঅফ পৰ্যায়ৰ দৌৰৰ পৰা বাহিৰ হৈছে। খেলখন পৰিত্যক্ত ঘোষণা কৰাত কলকাতা আৰু গুজৰাট উভয় দল...

May 14, 2024 11:39 AM

views 17

ৰোহন বোপন্না-মেথিউ এবডেন ইটালিয়ান অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছ প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো ইটালিয়ান অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছ প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বোপন্না আৰু এবডেনৰ যুটীটোৱে কালি প্ৰতিযোগিতাৰ এখন খেলত ইটালীৰ ফ্ৰান্সেস্ক' পাছাৰ' আৰু মাতেঅ' অর্নান্ডিক ৬-২, ৬-২ পোনপটীয়া ছেটত পৰাস্ত কৰে। দ্বিতীয় বাছনিপ্ৰাপ...

May 14, 2024 11:36 AM

views 16

কাইলৈৰ পৰা স্নাতক পৰ্য্যায়ৰ বাবে চলিত বৰ্ষৰ উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা, এন টি এয়ে কাইলৈৰ পৰা অহা ১৮ মে 'লৈ স্নাতক পৰ্য্যায়ৰ বাবে চলিত বৰ্ষৰ উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা, চি ইউ ই টি (ইউ জি) অনুষ্ঠিত কৰিব। সংস্থাই ভাৰতৰ বাহিৰৰ ২৬খন চহৰকে ধৰি দেশৰ ৩৭৯খন চহৰত এই পৰীক্ষা অনুষ্ঠিত হ 'ব। পৰীক্ষাৰ্থীসকলৰ এডমিট কার্ড cuet-ugl@nta.ac.in ৱেব...

May 14, 2024 11:29 AM

views 28

বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদীৰ দেহাৱসান

বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সুশীল কুমাৰ মোদীৰ কালি নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানত দেহাৱসান ঘটে। বিজেপিৰ জ্যেষ্ঠ নেতাসকলে সুশীল কুমাৰ মোদীৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা শোকবাৰ্তাত কয় যে, সুশীল কুমাৰ মোদীয়ে বিহাৰত...

May 14, 2024 11:26 AM

views 27

এন ডি এ চৰকাৰৰ বিত্তীয় ব্যৱস্থাপনা ইউ পি এৰ তুলনাত যথেষ্ঠ ভাল : নির্মলা সীতাৰমন

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কৈছে যে, এন ডি এ চৰকাৰৰ বিত্তীয় ব্যৱস্থাপনা ইউ পি এৰ তুলনাত যথেষ্ঠ ভাল আৰু ক'ভিড মহামাৰীৰ প্ৰত্যাহ্বানৰ সময়ত সাহায্য অভিযানৰ বাবে পৰ্যাপ্ত সম্পদ ব্যৱহাৰ কৰা হৈছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি সামাজিক মাধ্যমযোগে এইদৰে প্ৰকাশ কৰে...