May 22, 2024 9:48 AM

views 18

লোকসভা নিৰ্বাচনৰ অন্তিম দুটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান পূৰ্ণ গতিত অব্যাহত

দেশত লোকসভা নিৰ্বাচনৰ পৰৱৰ্ত্তী দুটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান পূৰ্ণ গতিত অব্যাহত আছে। বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ত সামৰি ল'বলগীয়া সমষ্টিসমূহত ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী সভাত ভাগ লোৱা পৰিলক্ষিত হৈছে। ২৫ মে'ত আৰু ১ জুনত ষষ...

May 21, 2024 8:31 PM

views 21

আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু উপ-নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ অসম গণ পৰিষদৰ

ৰাজ্যত লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ প্ৰক্ৰিয়া শেষ হোৱাৰ পাছতেই শাসকীয় বিজেপি দলৰ সহযোগী দল অসম গণ পৰিষদে হ'বলগীয়া পঞ্চায়ত নিৰ্বাচন আৰু উপ-নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। দলটোৰ নেতৃবৃন্দই তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক উপ-নির্বাচন অনুষ্ঠিত হ'বলগীয়া বিধানসভা সমষ্টি কেইটাত তৎপৰতাৰে প্ৰস্তুতি আৰম্ভ কৰিবলৈ...

May 21, 2024 8:28 PM

views 25

কাইলৈৰ পৰা কনকলতা বৰুৱা আন্তঃজিলা ক্রিকেট প্রতিযোগিতা

অসম ক্রিকেট সন্থাৰ উদ্যোগত কাইলৈৰ পৰা কনকলতা বৰুৱা আন্তঃজিলা ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হ'ব। ৰাজ্যৰ কেইবাটাও দলে অংশ ল'বলগীয়া এই প্ৰতিযোগিতাত দলসমূহক ৭টা ক্লাষ্টাৰত ভাগ কৰি বিভিন্ন স্থানত খেলসমূহ খেলোৱা হ'ব। গ্রুপ-এৰ খেলসমূহৰ বাহিৰে বাকী খেলসমূহ কাইলৈ আৰম্ভ হ'ব। কৰিমগঞ্জ, হোজাই, শিলচৰ আৰু হাইলাকা...

May 21, 2024 8:24 PM

views 24

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ নতুন দিল্লীৰ ইৰাণ দূতাবাসত উপস্থিত

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আজি নতুন দিল্লীৰ ইৰাণ দূতাবাসত উপস্থিত হৈ ইৰাণৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰায়ছি আৰু বিদেশ মন্ত্ৰী হোছেইন আমিৰ আব্দুল্লাহিয়ানৰ কৰুণ মৃত্যুত শোক প্রকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড° জয়শংকৰে কয় যে ভাৰত –ইৰাণৰ সম্পৰ্কৰ বিকাশত প্ৰয়াত নেতা দুগৰাকীৰ ভ...

May 21, 2024 8:20 PM

views 29

আম আদমী পাৰ্টিৰ নেতা মনীষ শিশোদিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ৩১ মে’লৈ বৃদ্ধি

আবকাৰী নীতি কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত অভিযুক্ত দিল্লীৰ উপ- মুখ্যমন্ত্রী তথা আম আদমি পাৰ্টিৰ নেতা মনীষ শিশোদিয়াৰ ন্যায়িক জিম্মা আজি দিল্লীৰ ৰাউজ এভিনিউ আদালতে ৩১ মে'লৈ বৃদ্ধি কৰে। শিশোদিয়াৰ বিৰুদ্ধে গোচৰৰ পৰবৰ্তী শুনানী অহা ৩১ মে'ত গ্ৰহণ কৰা হ 'ব৷ চিবিআইয়ে গ্ৰেপ্তাৰ কৰাৰ পি ছত বিগত ব...

May 21, 2024 8:15 PM

views 30

আম আদমি পার্টিৰ প্ৰাক্তন বিধায়ক জগবীৰ সিং ব্ৰাৰৰ বিজেপিত যোগদান

পঞ্জাৱৰ পৰা আম আদমি পার্টিৰ প্ৰাক্তন বিধায়ক জগবীৰ সিং ব্ৰাৰে আজি বিজেপিত যোগদান কৰে। নতুন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুঘৰ উপস্থিতিত তেওঁক দলত অন্তৰ্ভুক্ত কৰা হয়৷ 0000 সমগ্ৰ দেশত আজি সন্ত্রাসবাদ বিৰোধী দিৱস পালন কৰা হৈছে। ১৯৯১ চনৰ ২১ মে'ত এল টি টি ইৰ আত্মঘাট...

May 21, 2024 7:54 PM

views 22

যোৰহাটত শিশু সুৰক্ষা সজাগতা সভা

যোৰহাট জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আজি যোৰহাটত শিশু সুৰক্ষা সজাগতা সভা অনুষ্ঠিত হয়। বাল্যবিবাহ, শিশু সুৰক্ষা আৰু শিশু শ্রমিক আদি বিভিন্ন বিষয়ৰ ওপৰত জিলা শিশু সুৰক্ষা বিষয়াই সাধাৰণ ভাষাত দৃশ্য শ্রাব্য শ্লাইডৰ জৰিয়তে বিষদ আলোচনা আগবঢ়ায়।

May 21, 2024 7:34 PM

views 28

বিশ্ব পেৰা এথলেটিক প্রতিযোগিতাৰ মহিলাৰ এফ-৫১ শিতানত এক্‌তা ভয়ানৰ সোণৰ পদক অৰ্জন

ভাৰতৰ এক্‌তা ভয়ানে জাপানৰ কোবেত অনুষ্ঠিত বিশ্ব পেৰা এথলেটিক প্রতিযোগিতাৰ মহিলাৰ এফ-৫১ শিতানত সোণৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে আজি ২০.১২ মিটাৰৰ বছৰটোৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে স্বৰ্ণপদক হস্তগত কৰে। ভাৰতৰ আন এগৰাকী খেলুৱৈ কশিশ লাক্রাই ১৪.৫৬ মিটাৰেৰে ৰূপৰ পদক লাভ কৰে। আনহাতে, আলজেৰিয়াৰ নাজেট্‌ বাউ...

May 21, 2024 7:35 PM

views 27

বেলজিয়ামৰ বিৰুদ্ধে ভাৰতীয় হকী দলৰ জয়লাভ

ইউৰোপ ভ্ৰমণলৈ যোৱা ভাৰতীয় হকী দলটোৱে বেলজিয়ামৰ বিৰুদ্ধে জয়লাভেৰে তেওঁলোকৰ প্ৰতিযোগিতা আৰম্ভ কৰিছে। ভাৰতীয় দলৰ সহ অধিনায়ক শদানন্দ তিৱাৰীয়ে এটা পেনাল্টি স্ট্রোকক গ'ললৈ পৰিৱৰ্তিত কৰি দলটোক প্ৰথম অগ্রগতি প্ৰদান কৰে। আনহাতে, খেলৰ প্ৰথমাৰ্ধৰ সমাপ্তিৰ পূৰ্বে একেগৰাকী খেলুৱৈয়ে পেনাল্টিৰ জৰিয়তে গ'ল দি...

May 21, 2024 7:19 PM

views 27

আই পি এলৰ কোৱালিফায়াৰ-১ খেলত ছান ৰাইজাৰ্ছ হায়দাবাদ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

ছান ৰাইজাৰ্ছ হায়দাবাদ আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ কোৱালিফায়াৰ ৱানত কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত অনুষ্ঠিত হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনপটীয়াকৈ ফাইনেল খেলাৰ সুযোগ লাভ কৰিব। আনহাতে, পৰাজিত দলটোৱে শুকুৰবাৰ...