May 24, 2024 12:04 PM

views 34

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ক্ৰীড়া কোটাৰ অধীনত পুৰুষ আৰু মহিলাৰ ২৪টা পদৰ বাবে নিযুক্তিৰ অধিসূচনা প্রকাশ

উত্তৰ-পূব সীমান্ত ৰে'লৱেই ক্ৰীড়া কোটাৰ অধীনত পুৰুষ আৰু মহিলাৰ ২৪টা পদৰ বাবে নিযুক্তিৰ অধিসূচনা প্রকাশ কৰিছে। ভাৰতীয় নাগৰিক আৰু যোগ্যতাৰ সকলো মাপকাঠি পূৰ্ণ কৰা ক্ৰীড়া ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলে এই আবেদন দাখিল কৰিব পাৰিব। এই নিযুক্তি লেবেল একৰ পৰা পঞ্চমলৈকে বিভিন্ন পদৰ বাবে হ'ব। পদসমূহৰ বাবে আ...

May 24, 2024 12:01 PM

views 19

মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত পি ভি সিন্ধু-অস্মিতা চলিহা

ভাৰতৰ বেডমিণ্টন তাৰকা পি ভি সিন্ধু আৰু অস্মিতা চলিহাই মালয়েছিয়াৰ কোৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই কালি প্রি-কোৱাৰ্টাৰ ফাইনেলত আমেৰিকাৰ বেইৱেন ঝাঙক ২১-১৯, ১৬-২১, ২১-১২ গেমত পৰাস্ত কৰে। আনহাতে সিন্ধুৱে দক্ষিণ ...

May 24, 2024 11:56 AM

views 35

আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ আজি দ্বিতীয়খন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম ৰাজস্থান ৰয়েলছ

ৰাজস্থান ৰয়েলছ আজি চেন্নাইৰ এম এ চিডাম্বৰৰ্ম ষ্টেডিয়ামত হ'বলগীয়া আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। এই খেলখনত জয়লাভ কৰা দলটোৱে দেওবাৰে ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। উল্লেখযোগ্য যে...

May 24, 2024 11:53 AM

views 21

FIH প্র’-লীগ ইউৰোপীয়ান লেগৰ এখন খেলত ভাৰতৰ পুৰুষ হকী দলটো বেলজিয়ামৰ হাতত পৰাস্ত

FIH প্র’-লীগ ২০২৩-২৪ ইউৰোপীয়ান লেগৰ এখন খেলত কালি ভাৰতৰ পুৰুষ হকী দলটো অলিম্পিক চেম্পিয়ন বেলজিয়ামৰ হাতত ১-৪ গ'লৰ ব্যৱধানত পৰাস্ত হয়। হৰমন প্রীত সিং নেতৃত্বাধীন ভাৰতীয় দলটোৱে ইয়াৰ পূৰ্বে পৰহিৰ এখন খেলত আৰ্জেণ্টিনাক পৰাস্ত কৰিছিল। প্ৰতিযোগিতাৰ পইণ্ট তালিকাত ভাৰতে ১০খন খেলৰ পৰা ১৭ পইণ্ট লাভ কৰি ত...

May 24, 2024 11:49 AM

views 32

ওড়িশাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব’-জনসভাৰে প্ৰচাৰ অব্যাহত

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ওড়িশাত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। কালি তেওঁ ৰাজ্যখনত এটা বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰা লগতে দুখন জনসভাক সম্বোধন কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেওঁঝাৰ, কটক লোকসভা সমষ্টিৰ এন ডি এৰ প্ৰাৰ্থী মোহন চৰণ মাঝি, প্ৰকাশ চন্দ্ৰ শেঠী তথা আনন্দপুৰ, বাৰম...

May 24, 2024 11:42 AM

views 23

আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি, ৰাজ্যৰ সত্ৰ-নামঘৰসমূহত বিভিন্ন কাৰ্যসূচীৰ আয়োজন

আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি। এই উপলক্ষে সমগ্ৰ ৰাজ্যৰ সত্ৰ-নামঘৰসমূহত বিভিন্ন কাৰ্যসূচীৰে দিনটো পালনৰ আয়োজন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য একশৰণ নামধৰ্মৰ প্ৰচাৰক, নিজৰ সৃষ্টিৰাজিৰে অসমৰ সমাজ জীৱনত অভূতপূৰ্ব সংস্কাৰ সাধন কৰা মাধৱদেৱৰ আবিৰ্ভাৱ তিথিৰ সৈতে সংগতি ৰাখি অসম একশৰণ...

May 24, 2024 11:38 AM

views 20

জার্মান সাহিত্যিক জেনী এৰ্পেনবেক আৰু অনুবাদক মাইকেল হফমেনলৈ চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা

জার্মান সাহিত্যিক জেনী এৰ্পেনবেক আৰু অনুবাদক মাইকেল হফমেনে চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰিছে। লণ্ডনত মঙলবাৰে আয়োজিত এটা অনুষ্ঠানত এই বঁটা ঘোষণা কৰা হয়। জেনী এৰ্পেনবেকলৈ তেওঁৰ ব্যক্তিগত আৰু ৰাজনৈতিক উপন্যাস কাইৰছৰ বাবে এইবাৰৰ বুকাৰ বঁটা আগবঢ়োৱা হৈছে। আনহাতে, একেখন উপন্যাসৰ জাৰ্মানী অ...

May 24, 2024 11:34 AM

views 26

গুৱাহাটীৰ লগতে ৰাজ্যখনৰ অধিকাংশ জিলাত গ্রীষ্মৰ প্ৰকোপ বৃদ্ধি, আজি ৰাজ্যৰ ভিন্ন ঠাইত বৰষুণৰ সম্ভাৱনা

গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যখনৰ অধিকাংশ জিলাত গ্রীষ্মৰ প্ৰকোপ বৃদ্ধি হোৱাত জনজীৱনৰ দৈনন্দিন কাম-কাজ প্রায় কষ্টসাধ্য হৈ পৰা পৰিলক্ষিত হৈছে। ঠাই বিশেষে তাপমাত্রা ৩৮ ডিগ্রী চেলছিয়াছ অতিক্ৰম কৰিছে। মাত্ৰাধিক গৰমৰ ফলত হোৱা বিভিন্ন ৰোগত বহু লোক আক্ৰান্ত হৈছে। বিশেষকৈ পঢ়াশলীয়া ছাত্ৰ-ছাত্ৰীসকলে শাৰীৰিক ...

May 24, 2024 11:32 AM

views 32

মুনীন বৰকটকী সাহিত্য বঁটাৰ বাবে অসমীয়া ভাষাৰ লেখক-লেখিকাৰ পৰা গ্ৰন্থ-পাণ্ডুলিপি আহ্বান

মুনীন বৰকটকী সাহিত্য বঁটাৰ ২০২৪ বৰ্ষৰ বাবে অসমীয়া ভাষাৰ লেখক-লেখিকাৰ পৰা গ্ৰন্থ আৰু পাণ্ডুলিপি আহ্বান কৰা হৈছে। ৪০ বছৰৰ অনূৰ্ধ্বৰ লেখক-লেখিকাসকলে এই বঁটাৰ বাবে অহা ৩১ জুলাইৰ ভিতৰত গ্ৰন্থ আৰু পাণ্ডুলিপি প্ৰেৰণ কৰিব পাৰিব। উল্লেখযোগ্য যে সাহিত্যিক, সমালোচক, সাংবাদিক প্রয়াত মুনীন বৰকটকীৰ স্মৃতিত মুনী...

May 24, 2024 11:30 AM

views 26

আকাশবাণী গুৱাহাটীত অহা ৪ জুনত আঞ্চলিক বাতৰি বিভাগৰ ‘জনাদেশ-২০২৪’ শীর্ষক দিনজোৰা অনুষ্ঠান

আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগে অহা ৪ জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা ‘জনাদেশ-২০২৪’ শীর্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতিত ভোটগণনাৰ শেহতীয়া তথ্য সম্পর্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈ...