May 25, 2024 6:36 PM

views 27

ঠেঙ্গাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিষ্ঠাপক মুখ্য উপদেষ্টা তথা নন্দনাথ শ‍ইকীয়া মহাবিদ্যালয়ৰঅৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ যোগেশ্বৰ বৰাক জংগ বাহাদুৰ ঠেঙ্গাল ৰত্ন বঁটা প্ৰদান

ঠেঙ্গাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিষ্ঠাপক মুখ্য উপদেষ্টা তথা যোৰহাটৰ তিতাবৰৰ নন্দনাথ শ‍ইকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ যোগেশ্বৰ বৰাক আজি জংগ বাহাদুৰ ঠেঙ্গাল ৰত্ন বঁটা প্ৰদান কৰা হয়। ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ আত্ম প্রতিষ্ঠা আৰু একত্ৰিত কৰাৰ ক্ষেত্ৰত আগ বঢ়োৱা জীৱন যোৰা অৱদানৰ স্বীকৃ...

May 25, 2024 6:30 PM

views 33

গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেইবাখনো জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি

গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেইবাখনো জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি কৰা হৈছে। শোণিতপুৰ, হাইলাকান্দি, মৰিগাঁও, তিনিচুকীয়া, কাৰ্বি আংলং আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পাঠদানৰ নতুন সময়সূচীৰ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি শোণিতপুৰ জিলাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা...

May 25, 2024 6:14 PM

views 32

ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত বিয়লি ৩ বজা পর্যন্ত সামগ্রিকভাৱে ৪৯ শতাংশ ভোটদান সম্পন্ন

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্রহণ চলি আছে। এই পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৮টা সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ ১৪টা, হাৰিয়ানাৰ ১০, বিহাৰৰ ৮টা, পশ্চিমবংগৰ ৮টা, দিল্লীৰ ৭টা, ওড়িশাৰ ৬টা, ঝাৰখণ্ডৰ ৪টা আৰু জম্মু কাশ্মীৰৰ এটা সমষ্টি আছে। শেহতীয়া খবৰ অ...

May 25, 2024 6:11 PM

views 37

ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে অভিযান অব্যাহত ৰাখিছেঃ মুখ্যমন্ত্রী

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে অভিযান অব্যাহত ৰাখিছে। এচাম যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ প্ৰতি আসক্তি বৃদ্ধি পোৱাৰ ফলত তেওঁলোকৰ লগতে সমাজ জীৱনত নেতিবাচক প্ৰভাৱ পৰাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যতে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা হৈ...

May 25, 2024 6:09 PM

views 27

ৰাজ্যৰ ভিন্নত অনুষ্ঠিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি মহোৎসৱৰ আজি সামৰণি

ৰাজ্যৰ আন ভিন ভিন স্থানৰ লগতে বৰপেটা আৰু সুন্দৰীদিয়া সত্ৰত অনুষ্ঠিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি মহোৎসৱৰ আজি সামৰণি পৰে। বৰপেটা সত্ৰত দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজিত অনুষ্ঠানৰ আজি আইসকলৰ নামেৰে সামৰণি মৰা হয়। আনহাতে, সুন্দৰীদিয়া সত্ৰত তিনিদিনীয়াকৈ আয়োজিত কাৰ্য্যসূচীৰ সৈতে...

May 25, 2024 6:06 PM

views 39

অহা ২৪ ঘণ্টাত অসমৰ প্ৰায়বোৰ ঠাইতে গৰম আৰু আৰ্দ্ৰতা সর্বোচ্চ তাপমাত্রা স্বাভাৱিকতকৈ ৫ৰ পৰা ৭ ডিগ্ৰী চেলছিয়াছৰ অধিক হোৱাৰ সম্ভাৱনা

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে অহা ২৪ ঘণ্টাত অসমৰ প্ৰায়বোৰ ঠাইতে গৰম আৰু আৰ্দ্ৰতা বেছি হোৱাৰ লগতে সর্বোচ্চ তাপমাত্রা স্বাভাৱিকতকৈ ৫ৰ পৰা ৭ ডিগ্ৰী চেলছিয়াছৰ অধিক হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত দুই এঠাইত গ্ৰীষ্ম প্রবাহৰ সম্ভাৱনা আছে বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে।

May 25, 2024 6:03 PM

views 24

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন সুৰক্ষা কৰ্মী আৰু দলগাঁও থানাৰ আৰক্ষীৰ যুটীয়া অভিযানত এটা চোৰাং চিকাৰীক আটক

দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন সুৰক্ষা কৰ্মী আৰু দলগাঁও থানাৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই যোৱা নিশা উদ্যানখনৰ পৰা এটা চোৰাং চিকাৰী আটক কৰে। ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতিকাষৰীয়া ভৱপুৰ গাঁৱৰ হুছেইন আলী নামৰ চোৰাং চিকাৰীটোৱে ৰাষ্ট্ৰীয় উদ্যানখনত গঁড় হত্যাৰ পৰিকল্পনা কৰিছিল বুলি আমাৰ সংবাদদাত...

May 25, 2024 5:52 PM

views 31

কাইলৈ আই পি এলৰ ফাইনেলত ছানৰাইজাৰ্ছ হায়দাবাদ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

আই পি এল ক্রিকেট প্রতিযোগিতাত কাইলৈ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ’বলগীয়া ফাইনেলত ছানৰাইজাৰ্ছ হায়দাবাদ, কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। উল্লেখযোগ্য যে, ছানৰাইজাৰ্ছ হায়দাবাদে যোৱানিশা দ্বিতীয়খন কোৱালিফায়াৰ খেলত ৰাজস্থান ৰয়েলছক ৩৬ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

May 25, 2024 5:50 PM

views 28

মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টনৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত অৱতীৰ্ণ ভাৰতীয় তাৰকা শ্বাটলাৰ পি ভি সিন্ধু

ভাৰতীয় তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৱে আজি কোৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছ শাখাৰ ছেমিফাইনেলত থাইলেণ্ডৰ বুছানন অংবামৰাংফানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। সিন্ধুৱে কালি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত চীনৰ হান য়ুক পৰাস্ত কৰে। আন এখন কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ অস্মিতা ...

May 25, 2024 5:46 PM

views 28

আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ কম্পাউণ্ড ৱিমেনছ টীম শাখাত ভাৰতৰ সোণৰ পদক

ভাৰতে দক্ষিণ কোৰিয়াত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপ দ্বিতীয় পৰ্যায়ৰ কম্পাউণ্ড ৱিমেনছ টীম শাখাত সোণৰ পদক অৰ্জন কৰিছে। জ্যোতি সুৰেখা ৱেন্নম, পৰণিত কৌৰ আৰু অদিতি স্বামীৰে গঠিত ভাৰতীয় দলটোৱে ফাইনেলত তুৰ্কীৰ দলটোক পৰাস্ত কৰে। আনহাতে জ্যোতি সুৰেখা ৱেন্নম আৰু প্ৰিয়াংশে কম্পাউণ্ড মিক্সড্ টীম শাখাত ৰূপৰ পদক ...