December 4, 2025 12:32 PM

views 21

তেজপুৰ বিশ্ববিদ্যালয়ত শীঘ্রেই এগৰাকী ভাৰপ্ৰাপ্ত উপাচার্য নিযুক্তি দিবলৈ শিক্ষামন্ত্রীক অনুৰোধ মুখ্যমন্ত্রীৰ

তেজপুৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক বাতাবৰণ সুস্থিৰ কৰি তোলাৰ বাবে শীঘ্রেই এগৰাকী ভাৰপ্ৰাপ্ত উপাচার্য নিযুক্তি দিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানক অনুৰোধ জনাইছে। যোৱা প্ৰায় আঢ়ৈ মাহ ধৰি বিশ্ববিদ্যালয়খনত চলি থকা অচলাবস্থা সন্দর্ভত কালি মুখ্যমন্ত্রীয়ে কেন্দ্রী...

December 4, 2025 12:30 PM

views 23

ঘন কুঁৱলীৰ বাবে আজি পুৱাৰ ভাগত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী চলাচল ব্যাহত

ঘন কুঁৱলীৰ বাবে আজি পুৱাৰ ভাগত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী চলাচল ব্যাহত হয়। যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই সিদ্ধান্ত গ্রহণ কৰে। একেদৰে কালি পুৱাৰ ভাগত ফেৰী সেৱা বিঘ্নিত হৈছিল। পাছলৈ বতৰ ফৰকাল হোৱাত ফেৰী সেৱা পুনৰ আৰম্ভ কৰা হয়। এই সন্দর্ভত সবিশেষ তথ্যৰ বাবে আ...

December 4, 2025 12:29 PM

views 39

অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ শতবর্ষ মহোৎসৱ দুদিনীয়াকৈ বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত

অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱ দুদিনীয়াকৈ বর্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। যোৰহাটবাসী ৰাইজ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাহিত্য অনুৰাগীৰ উপস্থিতিত এই ঐতিহ্যপূর্ণ ভৱনটোৰ গৌৰৱপূৰ্ণ শতবর্ষ অনুষ্ঠানটো উদযাপিত হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংস্কৃতি...

December 4, 2025 12:26 PM

views 18

ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত কাইলৈ নগাঁও জিলা প্রশাসনৰ উচ্ছেদ অভিযান

নগাঁও জিলা প্রশাসনে ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত কাইলৈ উচ্ছেদ অভিযান চলাব। উচ্ছেদ অভিযানৰ বাবে ইতিমধ্যে জিলা প্রশাসনে যাবতীয় প্রস্তুতি সম্পূর্ণ কৰিছে। প্রশাসনে প্রায় ৩৮ বিঘা ভূমিত থকা ৭৫টা পৰিয়ালৰ বাসগৃহত উচ্ছেদ চলাব। জিলা প্রশাসনে দখলকাৰীলৈ প্ৰেৰণ কৰা জাননীৰ সময়সীমা কালি উকলি গৈছে। উল্লেখযোগ্য ...

December 4, 2025 12:25 PM

views 13

আকাশবাণীৰ প্রাসঙ্গিক অনুষ্ঠানত আজি গোৱালপাৰাৰ জিলা আয়ুক্ত প্রদীপ টিমুঙৰ সৈতে হোৱা সাক্ষাৎকাৰ প্ৰচাৰ

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মর্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত গোৱালপাৰা জিলাক অভিলাষী জিলাৰূপে পৰিগণিত হোৱা সন্দৰ্ভত গোৱালপাৰাৰ জিলা আয়ুক্ত প্রদীপ টিমুঙৰ সৈতে হোৱা এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ গোৱালপাৰা জিলাৰ সংবাদদাতা...

December 4, 2025 12:23 PM

views 13

ওড়িশাৰ পুৰীত অনুষ্ঠিত পুৰী মহোৎসৱৰ আজি সামৰণি

মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ অনবদ্য অৱদান আৰু সৃষ্টি সম্ভাৰক বিশ্বজনীন কৰাৰ প্ৰয়াসেৰে কালিৰে পৰা ওড়িশাৰ পুৰীত অনুষ্ঠিত পুৰী মহোৎসৱৰ আজি সামৰণি পৰিব। দুদিনীয়া এই মহোৎসৱত অসমৰ ভালেসংখ্যক ব্যক্তিয়ে অংশ লৈছে। আজি কেইবাটাও ধর্মীয় কাৰ্যসূচী ৰখা হৈছে। আজি হ'বলগীয়া পালনামত গুৱাহাটীৰ সাৰংগপাণি পাঠকে অংশ ল'ব। ক...

December 4, 2025 12:00 PM

views 20

এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত দক্ষিণ আফ্রিকাৰ হাতত ভাৰত ৪ উইকেটত পৰাজিত

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ এদিনীয়া ক্রিকেট শৃংখলাৰ কালি ৰায়পুৰত অনুষ্ঠিত দ্বিতীয়খন খেলত দক্ষিণ আফ্রিকাই ভাৰতক ৪ উইকেটত পৰাজিত কৰে। খেলখনত ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ৫০ অভাৰত পাঁচটা উইকেট হেৰুৱাই ৩৫৮ ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ঋতুৰাজ গাইকোৱাডে সর্বাধিক ১০৫ আৰু বিৰাটী কোহলীয়ে...

December 4, 2025 11:59 AM

views 26

সঞ্চাৰ সাথী নিৰ্মাণৰ সময়তে মোবাইল ফোনত থকাটো বাধ্যতামূলক নকৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে মোবাইল ফোন নির্মাতাসকলৰ বাবে সঞ্চাৰ সাথী এপটো নিৰ্মাণৰ সময়তে মোবাইল ফোনত থকাটো বাধ্যতামূলক নকৰাৰ সিদ্ধান্ত লৈছে। কেন্দ্রীয় যোগাযোগ মন্ত্রালয়ে কালি নতুন দিল্লীত এই বিষয়ে এটা স্পষ্টীকৰণ প্ৰকাশ কৰি কয় যে নাগৰিকসকলে যেতিয়াই বিচাৰে তেতিয়াই এই এপটো তেওঁলোকৰ ফোনৰ পৰা আন-ইনষ্টল কৰিব পাৰে। ম...

December 4, 2025 11:57 AM

views 19

যক্ষ্মা নির্মূলৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ প্ৰশংসা স্বাস্থ্যমন্ত্রীৰ

 কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জে.পি নাড্ডাই যক্ষ্মা নির্মূলৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ প্ৰশংসা কৰিছে। ২০১৫ৰ পৰা ২০২৪ চনৰ ভিতৰত দেশত যক্ষ্মাৰ প্রাদুর্ভাব ২১ শতাংশ হ্রাস পাইছে আৰু সেয়া বিশ্বৰ হাৰৰ প্ৰায় দুগুণ বুলি তেওঁ উল্লেখ কৰে। নতুন দিল্লীত যক্ষ্মামুক্ত ভাৰতৰ বিষয়কলৈ মহাৰাষ্ট্ৰৰ সাংসদসকলৰ সৈতে কালি হোৱ...

December 4, 2025 11:55 AM

views 35

সামাজিক মাধ্যমত প্ৰাকৃতিক কৃষি পদ্ধতি গ্রহণ আৰু ইয়াৰ প্ৰসাৰৰ বাবে আহ্বান প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰাকৃতিক কৃষি পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে ইয়াৰ জৰিয়তে কৃষিৰ বিবিধতা বৃদ্ধি পায়, য'ত গছ-গছনি আৰু পশুধনে সহাৱস্থানৰ জৰিয়তে প্ৰাকৃতিক জৈৱ-বৈচিত্র্যক শক্তিশালী কৰে। প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমত এটা প্ৰৱন্ধ শ্বেয়াৰ কৰি দেশৰ জনসাধাৰণক প্ৰাকৃতিক কৃষি পদ্ধতি গ্...