September 24, 2024 7:43 PM

views 10

এছিয় আন্তঃগাঁথনি বিনিয়োগ বেংকৰ পৰিচালনা পৰিষদৰ বৈঠকত অংশগ্ৰহণৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন উজবেকিস্তানত উপস্থিত

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে এছিয় আন্তঃগাঁথনি বিনিয়োগ বেংক (এ আই আই বি)ৰ পৰিচালনা পৰিষদৰ নৱম বাৰ্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে উজবেকিস্তানৰ তাশখণ্ডত উপস্থিত হৈছে। শ্ৰীমতী সীতাৰমনে কাইলৈ এই বৈঠকত অংশ ল'ব। ভাৰত এছিয় আন্তঃগাঁথনি বিনিয়োগ বেংকৰ দ্বিতীয় সর্ববৃহৎ অংশীদাৰ। কাইলৈৰ বৈঠকত ...

September 24, 2024 7:42 PM

views 14

গৌতমবুদ্ধ নগৰত কাইলৈ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনীৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিব

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কাইলৈ গৌতমবুদ্ধ নগৰত উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনীৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিব। পাঁচ দিনীয়াকৈ হ'বলগীয়া এই বাণিজ্য প্রদর্শনী অহা ২৯ ছেপ্তেম্বৰত অন্ত পৰিব। এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ বাণিজ্য আৰু সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব। এই প্ৰদৰ্শনীত অংশীদাৰ ৰাষ্ট্ৰ হিচা...

September 24, 2024 7:41 PM

views 29

জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত কাইলৈ ২৬টা সমষ্টিৰ ভোটগ্ৰহণ

জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত কাইলৈ ভোটগ্রহণ মুক্ত, নিকা আৰু সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। এই পৰ্যায়ত ছখন জিলাৰ ২৬টা বিধানসভা সমষ্টি সামৰি লোৱা হৈছে। নিৰ্বাচন হ'বলগীয়া জিলাকেইখনৰ ভিতৰত জম্মু অঞ্চলৰ ৰিয়াছি, ৰাজৌৰি আৰু পুঞ্চ তথা কাশ্মীৰ উপত...

September 24, 2024 7:40 PM

views 20

মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এশ দিনত আন্তঃগাঁথনি, কৃষক, মহিলা আৰু যুৱ প্ৰজন্মৰ বাবে প্ৰায় ১৫ লাখ কোটি টকাৰ আঁচনি গ্রহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে তৃতীয়টো কাৰ্যকালৰ এশ দিন সম্পূৰ্ণ কৰিছে। এই সময়ছোৱাত চৰকাৰে আন্তঃগাঁথনি, সমাজ কল্যাণ, কৃষক, মধ্যবিত্ত শ্রেণী, মহিলা আৰু যুৱ প্ৰজন্মৰ বাবে প্ৰায় ১৫ লাখ কোটি টকা ব্যয়সাপেক্ষ বিভিন্ন আঁচনি গ্রহণ কৰিছে। চৰকাৰে দেশৰ গ্ৰামাঞ্চল আৰু আৰ্থিকভাৱে প...

September 24, 2024 7:38 PM

views 22

অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ সন্দৰ্ভত বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ পৰামৰ্শাৱলী সন্দৰ্ভত কাইলৈ আছুৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ পৰামৰ্শাৱলী সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলক কাইলৈ সাক্ষাৎ কৰিব। মুখ্যমন্ত্রীয়ে কয় যে, এই বিষয়ত সংগঠনটো নেতৃবৃন্দৰ সৈতে হ'বলগীয়া আলোচনালানি কাইলৈ আৰম্ভ হ'ব। ৰ...

September 24, 2024 7:37 PM

views 13

ডিব্ৰুগড়ৰ জেৰাইত ১৪ অক্টোবৰত অসম গণ পৰিষদৰ ৪০সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজন

অসম গণ পৰিষদৰ দলৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস অহা ১৪ অক্টোবৰত ডিব্ৰুগড় জিলাৰ জেৰাইত কেন্দ্রীয়ভাৱে উদযাপন কৰা হ'ব। ইয়াৰ লগতে প্ৰতিটো বিধানসভা সমষ্টিটেই এই দিৱস উদযাপন কৰা হ'ব। এই দিৱসৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি গুৱাহাটীৰ আমবাৰীত দলৰ মুখ্য কাৰ্যালয়ত অসম গণ পৰিষদৰ কেন্দ্রীয় কার্যনির্বাহক সভা অনুষ্ঠিত...

September 24, 2024 7:36 PM

views 8

চৰাইদেউৰ চাহ বাগিচাৰ শ্ৰমিকক দুর্গা পূজাৰ বোনাচ প্ৰদান সন্দৰ্ভত আলোচনাৰ উদ্দেশ্যে জিলা আয়ুক্ত কাৰ্যালয়ত বৈঠক

চৰাইদেউ জিলাৰ চাহ বাগিচাসমূহৰ শ্ৰমিকসকলক সমাগত দুর্গা পূজাৰ বোনাচ সুচাৰুৰূপে প্ৰদান কৰা সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত উপস্থিত থকা জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে বোনাচ প্ৰদান প্ৰক্ৰিয়া চলিত মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ আহ্বান...

September 24, 2024 7:34 PM

views 30

কেন্দ্ৰীয় মন্ত্ৰী বি এল বাৰ্মা দুদিনীয়া চৰকাৰী কাৰ্যসূচীৰে চৰাইদেউত উপস্থিত

কেন্দ্রীয় সামাজিক ন্যায় আৰু সৱলীকৰণ তথা গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিভাগৰ ৰাজ্য মন্ত্ৰী বি এল বাৰ্মা দুদিনীয়া চৰকাৰী কাৰ্যসূচীৰে আজি চৰাইদেউত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে আজি জিলাখনৰ বানফেৰা আদৰ্শ অংগনবাড়ী কেন্দ্ৰত উপস্থিত হৈ ৰাষ্ট্ৰীয় পোষণ মাহৰ অন্তৰ্গত পুষ্টিকৰ শাক-পাচলি, খাদ্যসম্ভাৰ ...

September 24, 2024 7:33 PM

views 29

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৬ নৱেম্বৰৰ পৰা তিনি দিনীয়াকৈ আন্তঃৰাষ্ট্ৰীয় পর্যটন বজাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা ২৬ নৱেম্বৰৰ পৰা তিনি দিনীয়াকৈ আন্তঃৰাষ্ট্ৰীয় পর্যটন বজাৰ অনুষ্ঠিত হ'ব। পর্যটন মন্ত্রী জয়ন্ত মল্লবৰুৱাই কাজিৰঙাত আজি এই কথা প্ৰকাশ কৰি কয় যে, কাজিৰঙা পৰ্যটন ক্ষেত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আয়োজন কৰা এই পর্যটন বজাৰত বিশ্বৰ বিভিন্ন দেশৰ পৰ্যটনৰ লগত জড়িত অনুষ্ঠান-প্...

September 24, 2024 7:32 PM

views 30

গোলাঘাট বাণিজ্য মহাবিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগৰ স্বতন্ত্র মহাবিদ্যালয় মর্যাদা প্রদান

বিশ্ববিদ্যালয় অনুদান আয়োগে গোলাঘাট বাণিজ্য মহাবিদ্যালয়ক স্বতন্ত্র মহাবিদ্যালয় মর্যাদা প্রদান কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই এই বিষয়ত সন্তোষ প্রকাশ কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষৰ লগতে প্ৰতিগৰাকী ব্যক্তি তথা শিক্ষাৰ্থীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। ভৱিষ্যতে মহাবিদ্যালয়খনৰ সুনামৰ পৰিধি ...