September 25, 2024 12:20 PM

views 19

জম্মু-কাশ্মীৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ

জম্মু-কাশ্মীৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি ভোটগ্ৰহণ কৰা হৈছে। এই পৰ্যায়ত ২৬ টা সমষ্টি সামৰি লোৱা হৈছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্রহণৰ সন্ধিয়া ৬ বজাত সমাপ্তি ঘটিব। সর্বাধিক সংখ্যক লোকক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সুবিধা দিয়াৰ বাবে অঞ্চলসমূহত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰ...

September 25, 2024 12:19 PM

views 9

গৌতমবুদ্ধ নগৰত আজি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনীৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিব

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি গৌতমবুদ্ধ নগৰত উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনীৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিব। পাঁচ দিনীয়াকৈ হ'বলগীয়া এই বাণিজ্য প্রদর্শনী অহা ২৯ ছেপ্তেম্বৰত অন্ত পৰিব। এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ বাণিজ্য আৰু সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব। এই প্ৰদৰ্শনীত অংশীদাৰ ৰাষ্ট্ৰ হিচাপে...

September 25, 2024 12:18 PM

views 8

ঝাৰখণ্ডৰ যুৱক-যুৱতীসকলক কর্মসংস্থাপন প্রদান কৰাত হেমন্ত ছোৰেন নেতৃত্বাধীন চৰকাৰ ব্যৰ্থঃ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান

ঝাৰখণ্ডৰ বিধানসভাৰ নিৰ্বাচনী প্ৰভাৰী তথা কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে হেমন্ত ছোৰেন নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যৰ যুৱক-যুৱতীসকলক কর্মসংস্থাপন প্রদান কৰাত ব্যৰ্থ হৈছে। বোকাৰোত পৰিৱৰ্তন ৰেলীক সম্বোধন কৰি কালি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনত বিজেপি চৰকাৰ গঠনৰ পাছত হ'বলগীয়া প্ৰথ...

September 25, 2024 12:16 PM

views 31

প্রধানমন্ত্ৰীয়ে অহা দেওবাৰে আকাশবাণীৰ ‘মন কী বাত’ৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৪সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰধানমন্ত...

September 25, 2024 12:15 PM

views 28

এটিপি ২৫০ হাংঝৌ অ’পেন টেনিছ প্রতিযোগিতাত জীৱন নেদুনচেজিয়ান আৰু বিজয় সুন্দৰ প্ৰশান্তৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল

জীৱন নেদুনচেজিয়ান আৰু বিজয় সুন্দৰ প্ৰশান্তৰ ভাৰতীয় যুটিটোৱে এটিপি ২৫০ হাংঝৌ অ'পেন ২০২৪ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰিছে। হাংঝৌ অলিম্পিক স্প'ৰ্টছ এক্সপ' চেণ্টাৰত কালি অনুষ্ঠিত ফাইনেলত ভাৰতীয় যুটিটোৱে জাৰ্মানীৰ কনষ্টেণ্টিন ফ্রাণ্টজেন আৰু হেণ্ড্ৰিক জেবেন্সক ৪-৬, ৭-৬ (৭-৫), ১০-৭ ফলাফ...

September 24, 2024 9:22 PM

views 20

ধুবুৰী জিলাত বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়িত কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি ধুবুৰী জিলাত জিলাখনৰ বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়িত কাম-কাজৰ পৰ্যালোচনা কৰে। জিলাখনৰ অভিভাৱক মন্ত্ৰী শ্ৰী দাসে খাদ্য, অসামৰিক যোগান, লোকনিৰ্মাণ, জনস্বাস্থ্য কাৰিকৰী, কৃষিকে ধৰি ৩৩টা বিভাগৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনিৰ কাম-কাজ পর্য...

September 24, 2024 9:21 PM

views 13

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন, মহিলা নেতৃত্বাধীন বিকাশৰ লক্ষ্য চৰকাৰৰ

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰ হোৱাৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ এশ দিন উপলক্ষে চৰকাৰে মহিলা নেতৃত্বাধীন বিকাশৰ লক্ষ্য লৈছে। ইয়াৰ অধীনত মহিলাৰ দ্বাৰা ক্ৰয় কৰা সম্পত্তিৰ বাবে ষ্টাম্প শুল্ক হ্ৰাস কৰিবলৈ ৰাজ্যসমূহক উৎসাহিত কৰা হৈছে। তদুপৰি হোষ্টেল আৰু ম...

September 24, 2024 9:19 PM

views 15

পশ্চিমবংগৰ জলপাইগুৰিৰ মইনাগুৰি ৰে’ল ষ্টেচনৰ সমীপত মালবাহী ৰে’লগাড়ীৰ দবা লাইনচ্যুত

পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ মইনাগুৰি ৰে'ল ষ্টেচনৰ সমীপত আজি পুৱা এখন মালবাহী ৰে’লগাড়ীৰ কেইবাটাও দবা লাইনৰ পৰা বাগৰি পৰে। ৰে'লগাড়ীখনৰ একাংশ দবা ইঞ্জিনৰ পৰা বিচ্ছিন্ন হোৱাৰ বাবেই এই অঘটন ঘটে। দুৰ্ঘটনাত পতিত ৰে’লগাড়ীখন অসমৰ পৰা নিউ জলপাইগুৰি ষ্টেচন অভিমুখে গৈ আছিল বুলি জানিব পৰা গৈছে। আলিপুৰ দুৱাৰৰ ম...

September 24, 2024 9:18 PM

views 22

মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্রতিভা সন্ধান কাৰ্যসূচীৰ অধীনত ৰাজ্যৰ ৫গৰাকী শিক্ষার্থীৰ কেম্ব্রিজ বিশ্ববিদ্যালয়লৈ যাত্ৰা

মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্রতিভা সন্ধান কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্যৰ ৫ গৰাকী শিক্ষার্থীয়ে কেম্ব্রিজ বিশ্ববিদ্যালয়লৈ যাত্ৰা কৰিছে। শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে এই ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে। উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত এইবাৰ ৫গৰাকী ছাত্ৰ-ছাত্ৰী ক্ৰমে- দৰঙৰ জাহ্নবী প্ৰিয়া নাথ, ডিব্ৰুগড়...

September 24, 2024 9:15 PM

views 15

কামৰূপ মহানগৰ জিলাৰ সকলো বিদ্যালয় ২৭ ছেপ্টেম্বৰলৈ বন্ধ ঘোষণাৰ নিৰ্দেশ প্রত্যাহাৰ

কামৰূপ মহানগৰ জিলাৰ সকলো চৰকাৰী আৰু বে-চৰকাৰী বিদ্যালয় ২৭ ছেপ্টেম্বৰলৈ বন্ধ ঘোষণা কৰি জাৰি কৰা নিৰ্দেশ প্রত্যাহাৰ কৰা হৈছে। বতৰ পূৰ্বৰ তুলনাত কিছু উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত এই নিৰ্দেশ প্রত্যাহাৰ কৰা হয়। অৱশ্যে বিদ্যালয় পুৱা চাৰে ৭ বজাৰ পৰা দুপৰীয়া চাৰে ১২ বজালৈ খোলা ৰখাৰ নির্দেশ অব্যাহত থাকিব। উ...