September 25, 2024 8:09 PM

views 27

বাক্য সংশোধনী বিধেয়কখনৰ বাবে গঠন কৰা যুটীয়া সংসদীয় সমিতিক প্ৰতিবেদন দাখিল কৰিবলৈ আহ্বান মন্ত্রী কিৰেণ ৰিজিজুৰ

সংখ্যালঘু পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে বাক্য সংশোধনী বিধেয়কখন চালি জাৰি চোৱাৰ বাবে গঠন কৰা যুটীয়া সংসদীয় সমিতিয়ে সংসদৰ আসন্ন শীতকালীন অধিবেশনৰ প্ৰথম সপ্তাহৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰিব বুলি আশা প্রকাশ কৰিছে। তেওঁ লগতে সমিতিখনে বিধেয়কখনৰ সন্দৰ্ভত এতিয়ালৈকে এক কোটিৰো অধিক দিহা পৰামৰ্শ লাভ কৰা...

September 25, 2024 7:56 PM

views 30

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তৰ্ভুক্তিৰ সপক্ষে চিলিৰ ৰাষ্ট্ৰপতিৰ মত পোষণ

চিলিৰ ৰাষ্ট্ৰপতি গেব্রিয়ল বৰিছ ফ'ণ্টে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তৰ্ভুক্তিৰ সপক্ষে মত পোষণ কৰিছে। নিউয়র্কস্থিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৯ সংখ্যক অধিবেশনৰ সাধাৰণ বিতৰ্কত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে বিষয়টোৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ কথা প্ৰকাশ কৰে । ত...

September 25, 2024 7:50 PM

views 29

দেশত কর্মসংস্থাপনহীনতাৰ হাৰ চকুত লগা ধৰণে হ্ৰাস পাইছে : শ্রম মন্ত্ৰালয়

শ্রম মন্ত্ৰালয়ে জাৰি কৰা বাৰ্ষিক পর্যাবৃত্ত শ্রম শক্তি জৰীপ অনুসৰি যোৱা বছৰ দেশত কর্মসংস্থাপনহীনতাৰ হাৰ চকুত লগা ধৰণে হ্ৰাস পাইছে। এই ক্ষেত্ৰত হাৰিয়ানাৰ দৰে ৰাজ্যসমূহে গুৰুত্বপূৰ্ণ প্ৰগতি লাভ কৰিছে। প্রতিবেদন অনুসৰি ২০২৩-২৪ বৰ্ষৰ কর্মসংস্থাপনহীনতাৰ ৰাষ্ট্ৰীয় গড় হাৰ ৩ দশমিক ২ শতাংশ আছিল। এই হাৰ ২...

September 25, 2024 7:47 PM

views 23

আন্তৰাষ্ট্ৰীয় বাণিজ্য মেলা ২০২৪ৰ দ্বিতীয় সংস্কৰণক সম্বোধন উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, ভাৰত বিশ্বৰ সবাতোকৈ দ্রুত বিকাশশীল অৰ্থব্যৱস্থাৰ ভিতৰত অন্যতমৰূপে আৰু গোলকীয় বিনিয়োগৰ আকৰ্ষণীয় স্থলীৰূপে পৰিগণিত হৈছে। উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নইডাত আয়োজিত আন্তৰাষ্ট্ৰীয় বাণিজ্য মেলা ২০২৪ ৰ দ্বিতীয় সংস্কৰণক সম্বোধন কৰি শ্ৰীধনখড়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় ...

September 25, 2024 7:37 PM

views 22

দীনদয়াল ফাউণ্ডেচনৰ উদ্যোগত আয়োজিত বিনামূলীয়া শ্ৰৱণ যন্ত্ৰ বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ সহযোগত দীনদয়াল ফাউণ্ডেচনে আয়োজন কৰা বিনামূলীয়া শ্ৰৱণ যন্ত্ৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। অসম ৱাটাৰ চেণ্টাৰৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানটোত কামৰূপ মহানগৰ, কামৰূপ, মৰিগাঁও আৰু নলবাৰী জিলাৰ শ্ৰৱণ ক্ষমতা লোপ পোৱা শিশুক সামৰি আৰ...

September 25, 2024 7:33 PM

views 17

ষোড়শ বিত্ত আয়োগৰ অধ্যক্ষৰ নেতৃত্বত আয়োগৰ সদস্যৰ দল গুৱাহাটীত উপস্থিত

ষোড়শ বিত্ত আয়োগৰ অধ্যক্ষৰ নেতৃত্বত আয়োগৰ সদস্যসকলৰ এটা দল আজি গুৱাহাটীত উপস্থিত হয়। অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ এটা দলে আজি পুৱা তেওঁলোকক গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি জনায়। বিত্ত আয়োগৰ দ্বাৰা আৱণ্টিত পুঁজি ৰূপায়ণৰ বিষয়ে বুজ লোৱাৰ উদ্দেশ্যে চাৰিদিনীয়া...

September 25, 2024 7:24 PM

views 18

তৃতীয় বৰ্গৰ পৰীক্ষাৰ্থীসকলৰ প্ৰশ্ন সম্পৰ্কীয় অভিযোগৰ বাবে ৰাজ্য চৰকাৰৰ অনলাইন প’ৰ্টেল মুকলি

যোৱা ১৫ ছেপ্তেম্বৰত অনুষ্ঠিত হোৱা উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ্থীসকলৰ প্ৰশ্ন সম্পৰ্কীয় অভিযোগৰ বাবে আয়োগে অনলাইন প'ৰ্টেল মুকলি কৰিছে। www.site.sebaonline.org আৰু WWW.ASSAM.GOV.IN শীর্ষক ৱেবছাইট দুটাৰ জৰিয়তে ২৮ ছেপ্তেম্বৰৰ দিনৰ চাৰে ১১ বজাৰ পৰা ১০ অক্টোবৰৰ ভিতৰত প্ৰাৰ্থীয়ে প্ৰতি...

September 25, 2024 7:20 PM

views 38

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ বাবে প্ৰাৰ্থীসকললৈ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ নীতি-নিৰ্দেশনা জাৰি

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে অহা ২৯ ছেপ্তেম্বৰত অনুষ্ঠিত কৰিবলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ বাবে প্ৰাৰ্থীসকললৈ কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। এই সন্দৰ্ভত আয়োগে জাৰি কৰা জাননী অনুসৰি পৰীক্ষাকেন্দ্ৰত প্ৰৱেশৰ সময়ত আৰক্ষী বা কৰ্তৃত্বশীল ব্যক্তিৰ দ্বাৰা প্ৰাৰ্থীসকলক মেটেল ডিটেক্টৰৰ লগতে ...

September 25, 2024 7:11 PM

views 28

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ উদ্যোগত ৰামপুৰত স্বচ্ছতাই সেৱা শীৰ্ষক কাৰ্যসূচী

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি কামৰূপ জিলাৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্বচ্ছতাই সেৱা শীৰ্ষক দেশজোৰা অভিযানৰ অংশ হিচাপে এটা জনসম্পৰ্ক ৰক্ষা কাৰ্যসূচী গ্ৰহণ কৰে। উল্লেখযোগ্য যে স্বভাৱ স্বচ্ছতা, সংস্কাৰ স্বচ্ছতা শীৰ্ষক স্বচ্ছতা আৰু অনাময় কাৰ্যসূচীৰ দ্বাৰা স্বচ্ছতাই সেৱা নামৰ অভিযা...

September 25, 2024 7:06 PM

views 33

ৰাজ্যত আজিৰেপৰা তিনিদিনীয়াকৈ প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকৰ সাংস্কৃতিক সমাৰোহ

অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয় তথা জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত ৰাজ্যত আজিৰেপৰা তিনিদিনীয়াকৈ প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকৰ সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হৈছে। জিলা আৰু ৰাজ্যিক পৰ্যায়ত আজিৰেপৰা ২৭ ছেপ্তেম্বৰলৈ এই সমাৰোহৰ আয়োজন কৰা হৈছে। ১ অক্টোবৰত আন্তর্জাতিক জ্যেষ্ঠ নাগৰি...