September 26, 2024 9:06 PM

views 28

মাকাউ অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ কিদাম্বি শ্রীকান্ত

ভাৰতৰ কিদাম্বি শ্রীকান্তে মাকাউ অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। তেওঁ আজি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত স্বদেশৰে প্ৰতিদ্বন্দ্বী আয়ুস ছেট্টীক ২১-১৩, ২১-১৮ গেমত পৰাস্ত কৰে। একেদৰে মহিলাৰ ডাব্‌লছ শাখাৰ ৰাউণ্ড অৱ ছিক্সটিন পৰ্যায়ৰ এখন খেলত আজি ভাৰতৰ তৃতীয় বাছনিৰ যুটি...

September 26, 2024 7:54 PM

views 16

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, কেবিনেট মন্ত্রী, উচ্চ পদস্থ বিষয়াৰ সৈতে ষোড়শ বিত্তীয় আয়োগৰ দলৰ আলোচনা

চাৰিদিনীয়া ভ্ৰমণসূচীৰে কালি গুৱাহাটীত উপস্থিত হোৱা ষোড়শ বিত্তীয় আয়োগৰ অধ্যক্ষৰ নেতৃত্বৰ দলটোৱে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, কেবিনেট মন্ত্রীসকলক তথা কেইবাগৰাকীও উচ্চ পদস্থ বিষয়াৰ সৈতে আলোচনাত মিলিত হয়। দলটোৱে লগতে বিভিন্ন ৰাজনৈতিক দল, স্থানীয় সংস্থা, পৰিষদ আৰু উদ্যোগৰ প্ৰতিনিধিৰ সৈতেও ...

September 26, 2024 7:53 PM

views 37

জনস্বাস্থ্য কাৰিকৰী তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগত ২৮২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্ৰদান

ৰাজ্য চৰকাৰে আজি জনস্বাস্থ্য কাৰিকৰী তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগত ২৮২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্ৰদান কৰে। ইয়াৰ ভিতৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী অভিযন্তা পদত ৮১ গৰাকী, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কাৰিকৰী বিষয়া পদত ১০০ গৰাকী আৰু বিত্তীয় ব্যৱস্থাপনা পদত ১০১ গৰাকী প্ৰা...

September 26, 2024 7:51 PM

views 33

অৰুণাচল প্ৰদেশ, নাগালেণ্ডৰ একাংশ অঞ্চলত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ পৰৱৰ্তী ছমাহলৈ বৃদ্ধি

অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ একাংশ অঞ্চলত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন (আফস্পা)ৰ ম্যাদ অহা ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী ছমাহলৈ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এখন জাননীত এই কথা প্রকাশ কৰি কোৱা হৈছে যে অৰুণাচল প্ৰদেশৰ তিনিখন আৰু নাগালেণ্ডৰ ৮খন জিলাকে ধৰি অঞ্চল বিশেষত এই ব্য...

September 26, 2024 7:49 PM

views 31

গোলাঘাটৰ নেঘেৰিটিং চাৰিআলিত স্বচ্ছতা হি সেৱা কাৰ্যসূচীৰ অধীনত স্বচ্ছতা অভিযানৰ আয়োজন

স্বচ্ছতা হি সেৱা কাৰ্যসূচীৰ অধীনত আজি গোলাঘাট জিলাৰ নেঘেৰিটিং চাৰিআলিত দেৰগাঁও পৌৰসভা, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু কাকডোঙা উন্নয়ন খণ্ডৰ উদ্যোগত এটা স্বচ্ছতা অভিযানৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীত গোলাঘাট জিলাৰ জিলা উন্নযন আয়ুক্ত, কাকডোঙা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, দেৰগাঁও পৌৰসভাৰ কাৰ্যবাহ...

September 26, 2024 7:46 PM

views 14

মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত যোৰহাটৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্রশিক্ষণ কাৰ্যসূচী

মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত আজি যোৰহাটৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত হিতাধিকাৰীসকলৰ মাজত প্রশিক্ষণ অনুষ্ঠিত হয়। এই প্রশিক্ষণত প্ৰশিক্ষাৰ্থীসকলক আত্মনিৰ্ভৰশীলতাৰ বিভিন্ন আঁচনি সম্পৰ্কে প্ৰশিক্ষণ দিয়া হয়। অনুষ্ঠানত জিলা আয়ুক্তকে ধৰি বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে।

September 26, 2024 7:45 PM

views 31

ডিফু লোকসভা সমষ্টিৰ স্থানীয় সাংসদ এলেকা উন্নয়ন পুঁজিৰ অধীনত বকলীয়াঘাট প্ৰেছ ক্লাবক এম্বুলেঞ্চ প্রদান

ডিফু লোকসভা সমষ্টিৰ স্থানীয় সাংসদ এলেকা উন্নয়ন পুঁজিৰ অধীনত আজি বকলীয়াঘাট প্ৰেছ ক্লাবক এম্বুলেঞ্চ প্রদান কৰা হয়। এই উপলক্ষে বকলীয়াঘাট পৌৰসভাৰ কাৰ্যালয়ত আয়োজিত সভাত সাংসদ অমৰছিং তিছ'ৰ উপস্থিতিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এম্বুলেঞ্চৰ চাবি আৰু নথি-পত্ৰ...

September 26, 2024 7:43 PM

views 29

ৰাজ্যৰ শিক্ষা প্রতিষ্ঠানত আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ সৈতে দক্ষতা বিকাশৰ পাঠ্যক্ৰমক একত্ৰিত কৰা সন্দৰ্ভত বৈঠক

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ আধাৰত ৰাজ্যখনৰ শিক্ষা প্রতিষ্ঠানসমূহত আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ সৈতে দক্ষতা বিকাশৰ পাঠ্যক্ৰমসমূহক একত্ৰিত কৰা সন্দৰ্ভত আজি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু দক্ষতা বিকাশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত হয়। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এই বৈঠকত ৰাজ...

September 26, 2024 7:39 PM

views 30

কৰিমগঞ্জত খাদ্য সুৰক্ষা আঁচনিৰ অধীনত নতুন হিতাধিকাৰী বাছনিৰ বাবে জিলা উপায়ুক্ত কাৰ্যালয়ত সভা

কৰিমগঞ্জ জিলাত খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ৫৭ হাজাৰ নতুন হিতাধিকাৰী বাছনিৰ বাবে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্তৰ নেতৃত্বত এখন সভা অনুষ্ঠিত হয়। বৈঠকত অহা ১৫ অক্টোবৰৰ ভিতৰত হিতাধিকাৰীৰ পৰা প্ৰয়োজনীয় নথিপত্ৰ সংগ্ৰহ কৰাৰ লগতে বৰ্তমানৰ ৰেচন কাৰ্ডধাৰীসকলৰ পৰাও এই নথিপত্ৰ সংগ্ৰহ ...

September 26, 2024 7:33 PM

views 28

মানস ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে কাইলৈৰ পৰা পুনৰ মুকলি কৰাৰ সিদ্ধান্ত

২০২৪-২৫ পর্যটন বৰ্ষৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যান মুকলিৰ দিন সলনি কৰা হৈছে বুলি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ তৰফৰ পৰা জানিব পৰা গৈছে। ২০২৪-২৫ বৰ্ষৰ বাবে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলিৰ দিন পূৰ্বে ১ অক্টোবৰ ধাৰ্য কৰা হৈছিল যদিও বিভাগীয় কর্তৃপক্ষই কাইলৈৰ পৰা ৰাষ্ট্ৰীয...