September 28, 2024 6:17 PM

views 47

কৃষকসকলৰ শস্য জমা কৰাত সুবিধা প্ৰদানৰ লগতে বিত্তীয় সাহায্য প্ৰদানৰ বাবে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

অসম চৰকাৰে কৃষকসকলক তেওঁলোকৰ শস্য জমা কৰাত সুবিধা প্ৰদানৰ লগতে বিত্তীয় সাহায্য প্ৰদানৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ৱেৰহাউচ ৰিছিপ্ত ফাইনেন্সিং শীৰ্ষক এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলে দুটাকৈ সুবিধা লাভ কৰিব। কৃষি উৎপাদিত সামগ্ৰীসমূহৰ সঠিক সংৰক্ষণ আৰু সংৰক্ষিত সামগ্ৰীৰ মূল্যৰ বিপৰীতে ঋণ প্রদান ...

September 28, 2024 6:15 PM

views 30

কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মেক্সিকোৰ ৰাষ্ট্ৰপতিৰ শপত গ্রহণ অনুষ্ঠানত ভাৰতৰ প্রতিনিধি হিচাপে অংশগ্রহণ কৰিব

বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই পৰহিলৈৰ পৰা কৰিবলগীয়া ৯ দিনীয়া বিদেশ ভ্রমণ কাৰ্যসূচীৰ সময়ত ড° ক্লাউডিয়া শ্বেইনবামৰ মেক্সিকোৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্রহণ অনুষ্ঠানত ভাৰতৰ প্রতিনিধি হিচাপে অংশগ্রহণ কৰিব। এই উদ্দেশ্যেৰে আজি দিল্লীৰ পৰা শ্ৰী মাৰ্ঘেৰিটাই মেক্সিকো অভ...

September 28, 2024 6:07 PM

views 25

মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হোৱা ক্ষণত চৰকাৰে সমাজ কল্যাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হোৱা ক্ষণত চৰকাৰে সমাজ কল্যাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। দেশক বিকাশৰ পথত অগ্ৰসৰ কৰিবৰ বাবে অন্ত্যোদয়ৰ নীতিৰ দ্বাৰা পৰিচালিত হৈ চৰকাৰে দৰিদ্ৰ, প্ৰান্তীয় আৰু পিছপৰি থকাসকলক সহায় কৰিবলৈ প্রতিশ্রুতিবদ্ধ বুলি প্রধানমন্ত্...

September 28, 2024 6:05 PM

views 34

স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দশম শ্রেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ চালক পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা কাইলৈ অনুষ্ঠিত হ’ব

স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দশম শ্রেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ চালক পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা কাইলৈ অনুষ্ঠিত হ’ব। কাইলৈ পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দিনৰ ১.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ চালক পদৰ পৰীক্ষা অনুষ্ঠিত হ'ব। তৃতীয় বৰ্গৰ মুঠ ৪ হেজাৰ ৫৫ টা ...

September 28, 2024 6:03 PM

views 47

পহিলা অক্টোবৰৰ পৰা ৩০ নৱেম্বৰলৈ ৬ হাজাৰতকৈ অধিক বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা ভাৰতীয় ৰে’ল বিভাগৰ

ভাৰতীয় ৰে'ল বিভাগে দুৰ্গা পূজা, দেৱালী আৰু ছট পূজাৰ বাবে অহা পহিলা অক্টোবৰৰ পৰা ৩০ নৱেম্বৰলৈ ৬ হাজাৰতকৈ অধিক বিশেষ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে প্ৰতি বছৰে ৰে'ল বিভাগে বর্ধিত যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি উৎসৱৰ সময়ছোৱাত বিশেষ ৰে'লৰ চলাচলৰ ব্যৱস্থা কৰি আহিছে। যোৱা বছৰৰ তুলনাত এইবছৰ...

September 28, 2024 6:00 PM

views 76

কাইলৈ আকাশবাণীৰ ১১৪ সংখ্যক ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মত-বিনিময় কৰিব। এয়া হ'ব এই অনুষ্ঠানৰ ১১৪ সংখ্যক খণ্ড তথা প্রধানমন্ত্ৰী মোদীৰ তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত চতুৰ্থটো খণ্ড। আকাশবাণী আৰু দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেৱছাইট আৰু ...

September 28, 2024 5:57 PM

views 20

আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন ঘোষক-ঘোষিকাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আবেদনৰ আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্ৰত অসমীয়া ভাষাৰ সাধাৰণ ঘোষণা তথা শিশু আৰু মহিলা শাখাৰ লগতে হিন্দী, নেপালী, কাৰ্বি, বড়ো, চাহ জনগোষ্ঠীৰ অনুষ্ঠান আৰু পাশ্চাত্য সংগীত শাখাত অংশকালীন ঘোষক-ঘোষিকাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে। ২০ৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰৰ স্নাতক ডিগ্ৰীধাৰী প্ৰাৰ্থীয়ে ইয়াৰ বাবে আবে...

September 28, 2024 5:56 PM

views 23

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগত অংশকালীন সংবাদদাতাৰ বাবে আবেদনৰ আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে অংশকালীন সংবাদদাতা হিচাপে বজালী, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, ধেমাজি আৰু কাছাৰ জিলাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে। আগ্রহী প্রার্থীসকলে আকাশবাণীৰ ৱেৱছাইট www.newsonair.gov.in ত লগ ইন কৰি সবিশেষ তথ্য লাভ কৰাৰ লগ...

September 28, 2024 11:29 AM

views 18

তিনিচুকীয়াৰ ৱাথৈৰ পূৰ্বাঞ্চল ৰাজহুৱা খেলপথাৰত বিজ্ঞানসন্মত পশুপালন সন্দৰ্ভত সজাগতা সভা

তিনিচুকীয়া জিলাৰ ৱাথৈৰ পূৰ্বাঞ্চল ৰাজহুৱা খেলপথাৰত কালি বিজ্ঞানসন্মত পশুপালন সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক চমুকৈ নাবার্ড, তিনিচুকীয়া জিলা উন্নয়ন বিষয়াব উদ্যোগত অনুষ্ঠিত সভাখনত গ্ৰাম্যাঞ্চলত ছাগলী, হাঁহ-কুকুৰা আদিব বিজ্ঞানসন্মত পালনৰ ক্ষেত্ৰত পশুপালকস...

September 28, 2024 11:15 AM

views 31

আজি বিশ্ব জলাতংক ৰোগ দিৱস

আজি বিশ্ব জলাতংক ৰোগ দিৱস। মাৰাত্মক ৰোগবিধ প্ৰতিবোধ তথা ২০৩০ চনৰ ভিতৰত নিৰ্মূল কৰিবলৈ সকলোকে এই ক্ষেত্ৰত সজাগ হ'বলৈ ৰাষ্ট্ৰ স্বাস্থ্য অভিযান অসমে আহ্বান জনাইছে। লগতে জন্তুৱে কামুৰিলে চাবোন আৰু পানীৰে ঘাডোখৰ পৰিষ্কাৰ কৰি ধোৱা, এণ্টিচেণ্টিক লগোৱা, পোহনীয়া কুকুৰক জলাতংকৰ প্ৰতিষেধক দিয়াৰ লগতে জন্তুৱে ...