October 13, 2024 11:59 AM

views 54

মহিলা টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰত

মহিলা টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। বিয়লি চাৰে ৩ বজাত শ্বাৰজাহত হ'বলগীয়া গ্ৰুপ-বিৰ এখন খেলত ইংলেণ্ড স্কটলেণ্ডৰ সন্মুখীন হ'ব। একেদৰে ভাৰত একেটা স্থানত হ'বলগীয়া আজিৰ আনখন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। গ্ৰুপ-এৰ এই খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া চ...

October 13, 2024 11:56 AM

views 25

বাংলাদেশক হোৱাইট ৱাছ কৰি ভাৰতৰ তিনিখনীয়া টি-২০ ক্রিকেট শৃংখলা দখল

ভাৰতে যোৱানিশা হায়দৰাবাদত অনুষ্ঠিত তিনিখনীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত বাংলাদেশক ১৩৩ ৰানত পৰাস্ত কৰি ৩-০ ফলাফলেৰে শৃংখলা হস্তগত কৰে। বাংলাদেশে ২৯৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত ১৬৪ ৰানহে কৰিবলৈ সমৰ্থ হয়। বাংলাদেশৰ হৈ তৌহিদ হৃদয়ে...

October 13, 2024 11:52 AM

views 18

কাজাখস্তানৰ আষ্টানাত এছিয়ান টেবুল টেনিছ চেম্পিয়নশ্বিপত ভাৰতৰ মহিলা যুটীটো ছেমি ফাইনেলত প্ৰৱেশ

কাজাখস্তানৰ আষ্টানাত চলি থকা চলিত বৰ্ষৰ এছিয়ান টেবুল টেনিছ চেম্পিয়নশ্বিপত ভাৰতৰ এক নম্বৰ মহিলা যুটী ঐহিকা মুখার্জী আৰু সুতীৰ্থা মুখাৰ্জীয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰি দেশৰ হৈ এটা ঐতিহাসিক পদক নিশ্চিত কৰিছে। এছিয়ান চেম্পিয়নশ্বিপৰ ডাবলছত পদক নিশ্চিত কৰা ঐহিকা আৰু সুতীৰ্থা হৈছে ভাৰতৰ প্ৰথম মহিলা যুটী।...

October 13, 2024 11:48 AM

views 25

বাংলাদেশক ধৰ্মীয় স্থানসমূহৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আহ্বান ভাৰতৰ

ভাৰতে বাংলাদেশ চৰকাৰক বিশেষকৈ উৎসৱৰ সময়ত সকলো সংখ্যালঘূ আৰু তেওঁলোকৰ ধৰ্মীয় স্থানসমূহৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে। বিদেশ মন্ত্রালয়ে এটা বিবৃতিযোগে ঢাকাৰ তান্তিবাজাৰ পূজা মণ্ডপত সংঘটিত আক্রমণ আৰু ছটখীৰাৰ যশোৰেশ্বৰী কালী মন্দিৰত হোৱা চুৰি কাণ্ডকলৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে। মন্ত্ৰ্যালয়ে...

October 13, 2024 11:44 AM

views 24

অহা দুদিনত অসমকে ধৰি কেইবাখনো ৰাজ্যত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ আগলি বতৰা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা দুদিনত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে লগতে কেৰালা, মাহে, তামিলনাডু আৰু কৰ্ণাটকৰ দক্ষিণ অংশত ৫-৬ দিনলৈ বৰষুণ অব্যাহত থাকিব ...

October 13, 2024 11:41 AM

views 38

আজিৰে পৰা জেনেভাত আন্তঃসংসদীয় সংঘ আই-পি-ইউৰ ১৪৯ সংখ্যক বৈঠক

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজিৰে পৰা ১৭ অক্টোবৰলৈ জেনেভাত হ'বলগীয়া আন্তঃসংসদীয় সংঘ আই-পি-ইউৰ ১৪৯ সংখ্যক বৈঠকত অংশগ্ৰহণ কৰিবলগীয়া সংসদীয় প্রতিনিধি দলৰ নেতৃত্ব বহন কৰিব। শ্রীবিলাই বৈঠকত শান্তিপূৰ্ণ আৰু বহনক্ষম ভৱিষ্যতৰ বাবে বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাৱণৰ ব্যৱহাৰ সন্দৰ্ভত ভাষণ দিব। তেওঁ লগতে আন্তঃস...

October 13, 2024 11:38 AM

views 27

টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাৰ বিয়োগত বিভিন্ন দেশৰ নেতাৰ গভীৰ শোক প্রকাশ

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাৰ বিয়োগত গভীৰ শোকপ্রকাশ কৰিছে। এক্সৰ এটা পোষ্টত নেতান্যাহুৱে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সম্বোধন কৰি ভাৰতলৈ টাটাৰ অৱদান আৰু ভাৰত-ইজৰাইলৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে। তেওঁ ল...

October 13, 2024 11:34 AM

views 15

প্রধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ বাবে pminternship.mca.gov.in প’ৰ্টেল যোগে পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ

প্রধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ বাবে pminternship.mca.gov.in প'ৰ্টেল যোগে পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ২৫ অক্টোবৰত এই প্ৰক্ৰিয়াৰ সামৰণি পৰিব। ১৯৩টা কোম্পানীয়ে বৰ্তমানলৈকে প'ৰ্টেলটোৰ জৰিয়তে প্রায় ৯১ হাজাৰ ইণ্টাৰ্ণশ্বিপৰ সুযোগ আগবঢ়াইছে। চৰকাৰে ২০২৪-২৫ বিত্তীয় বৰ্ষত ১ লাখ ২৫ হাজাৰ ইণ্টাৰ্ণ...

October 13, 2024 11:30 AM

views 21

ত্ৰিদেশীয় ভ্রমণসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু স্বদেশৰ পৰা ৰাওনা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আজি আলজেৰিয়া, ম'ৰিটেনিয়া আৰু ম'লাৱিৰ ত্ৰিদেশীয় ভ্রমণসূচীৰে স্বদেশৰ পৰা ৰাওনা হ'ব। ভাৰতৰ অধ্যক্ষতাৰ সময়ত আফ্ৰিকীয় সংঘক জি-টুৱেণ্টি ৰাষ্ট্ৰগোষ্টীত স্থায়ী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ এবছৰ পাছত ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মুৱে দেশ তিনিখন ভ্ৰমণ কৰিব। ভ্রমণ কালত ৰাষ্ট্...

October 12, 2024 9:22 PM

views 37

দেশৰ ভিন্ন স্থানত বিজয়া দশমী আৰু দশেৰা পালন

দেশৰ বিভিন্ন অংশত আজি বিজয়া দশমী আৰু দশেৰা পালন কৰা হৈছে। ভগৱান ৰামৰ ৰাৱণৰ বিৰুদ্ধে জয়ৰ স্মৃতিত পালন কৰা দশেৰা অশুভ শক্তিৰ বিৰুদ্ধে শুভশক্তিৰ বিজয়ৰ প্ৰতীকস্বৰূপ। এই দিনটোতে ভগৱান ৰামে ৰাৱণৰ বধ কৰিছিল বুলি বিশ্বাস কৰা হয়। এই বিশ্বাসেৰে ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাদৰ প্ৰতিকৃতি দহনৰ প্ৰক্ৰিয়া আৰম্ভ হ...