October 29, 2024 12:17 PM

views 24

যোৰহাটত অনুষ্ঠিত বি ডিভিজন ফুটবল লীগত অসম ৰেঞ্জাৰ এফ চিৰ খিতাপ অৰ্জন

যোৰহাটত অনুষ্ঠিত বি ডিভিজন ফুটবল লীগৰ কালি অনুষ্ঠিত চূড়ান্ত খেলত অসম ৰেঞ্জাৰ এফ চিয়ে অনিৰুদ্ধ স্পৰ্টছ ক্লাবক ২-০ৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। অসম ৰেঞ্জাৰ এফ চিৰ হৈ অনমিত্ৰ বৰা আৰু ঋতুপল্লব চলিহাই ক্ৰমে খেলৰ তৃতীয় মিনিট আৰু ৭৯ মিনিটত গ'ল কৰি দলটোৰ বিজয় নিশ্চিত কৰে। বিজয় সূত্ৰে বাপুৰাম ক...

October 29, 2024 12:16 PM

views 28

মহিলাৰ এছিয় চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ বাবে ১৮ জনীয়া ভাৰতীয় দলৰ সদস্যৰ নাম ঘোষণা

হকী ইণ্ডিয়াই চলিত বৰ্ষৰ মহিলাৰ এছিয় চেম্পিয়নছ ট্ৰফী প্রতিযোগিতাৰ বাবে ১৮ জনীয়া ভাৰতীয় দলৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত অহা মাহৰ ১১ৰ পৰা ২০ তাৰিখলৈ এই প্রতিযোগিতা অনুষ্ঠিত হ'ব। হকী ইণ্ডিয়াৰ ঘোষণা অনুসৰি মিড ফিল্ডাৰ ছালিমা টেটেই বিগত বৰ্ষৰ বিজয়ী ভাৰতীয় দলটোক নেতৃত্ব...

October 29, 2024 12:15 PM

views 25

ভাৰতীয় জ্যেষ্ঠ ক্রিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে ভি ভি এছ লক্ষ্মন দলৰ সৈতে দক্ষিণ আফ্রিকালৈ যাব

প্রাক্তন খেলুৱৈ ভি ভি এছ লক্ষ্মন ভাৰতীয় জ্যেষ্ঠ ক্রিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে দলৰ সৈতে সমাগত দক্ষিণ আফ্রিকা ভ্ৰমণলৈ যাব। দলৰ বৰ্তমানৰ প্ৰশিক্ষক গৌতম গম্ভীৰ ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী ক্রিকেট শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ ৰাওনা হ'ব। সূৰ্য কুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটোৱে ৮ৰ পৰা ১৫ নৱেম্বৰলৈ দক্...

October 29, 2024 12:13 PM

views 13

গোলাঘাটৰ মেৰাপানীত ১৭ বস্তা চুপাৰসহ এখন ট্রাক জব্দ

গোলাঘাট জিলাৰ মেৰাপানী আৰক্ষীয়ে নিশা ১৭ বস্তা চুপাৰিসহ এখন ট্রাক জব্দ কৰে। গোপন সূত্ৰৰ পম খেদি মেৰাপানীৰ তৰাণি অঞ্চলত অভিযান চলাই আৰক্ষীয়ে নাগালেণ্ডৰ পৰা যোৰহাটৰ দিশে অবৈধভাৱে চুপাৰি কঢ়িয়াই অনা এ এছ ০১-এম চি ৭০৯৬ পঞ্জীয়ন নম্বৰৰ ট্রাকখন জব্দ কৰিবলৈ সক্ষম হয়। অৱশ্যে আৰক্ষীৰ অভিযানৰ উমান পাই ট্রা...

October 29, 2024 12:11 PM

views 22

নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বাস্থ্য খণ্ডৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ধন্বন্তৰী জয়ন্তী আৰু নৱম আয়ুৰ্বেদ দিৱস উপলক্ষে ১২ হাজাৰ ৮৫০ কোটি টকাৰো অধিক ধন ব্যয় সাপেক্ষ স্বাস্থ্য খণ্ডৰ সৈতে জড়িত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে অন্যান্য ভালেমান প্রকল্প মুকলি কৰিব। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ৭০ বছৰ আৰু তাতকৈ ঊৰ্ধ্...

October 29, 2024 12:10 PM

views 12

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ছৌদি আৰব ভ্ৰমণ কৰিব

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ছৌদি আৰব ভ্ৰমণ কৰিব। মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ উদ্দেশ্য হৈছে ভাৰত আৰু ছৌদি আৰবৰ মাজৰ কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰা আৰু বাণিজ্য, বিনিয়োগ তথা অর্থনৈতিক সহযোগিতাৰ ন ন দিশ অন্বেষণ কৰা। এই ভ্ৰমণৰ সময়ত শ্রীগোৱেলে ৰিয...

October 29, 2024 12:08 PM

views 30

গুজৰাটৰ ভূজ-নালীয়া সংযোগী ব্ৰডগজ ৰে’লপথ মুকলি প্ৰধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি গুজৰাটৰ আমৰেলীৰ পৰা ভূজ-নালীয়া সংযোগী ব্ৰডগজ ৰে’লপথছোৱা দেশৰ নামত উৎসৰ্গা কৰে। প্ৰায় এক হাজাৰ ১০০ কোটি টকা ব্যয় সাপেক্ষে ১০১ দশমিক ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’ল পথছোৱা নিৰ্মাণ কৰি উলিওৱা হৈছে। এই ৰে’ল পথছোৱাত ২৪খন ডাঙৰ দলং, ২৫৪খন সৰু দলং আৰু ৩খন উৰণ সেতু আছে। নতুন ...

October 29, 2024 12:06 PM

views 16

ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ মনোনয়ন পত্র দাখিলৰ আজি অন্তিম দিন

ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে আজি মনোনয়ন পত্র দাখিল প্ৰক্ৰিয়াৰ অন্ত পৰিব। এই পৰ্যায়ত ৰাজ্যখনৰ ৩৮ টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্রহণ কৰা হ'ব। ২০ নৱেম্বৰত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে ৬৩২ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। এই মনোনয়ন পত্ৰসমূহ কাইল...

October 29, 2024 12:04 PM

views 15

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ১৭ লাখৰো অধিক শিক্ষার্থীৰ মাক-দেউতাকলৈ পত্ৰ প্ৰেৰণ

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত নিৰ্বাচনী অধিকাৰ সাব্যস্ত কৰিবলৈ বিদ্যালয় পৰ্যায়ৰ ১৭ লাখৰো অধিক শিক্ষার্থীয়ে নিজৰ মাক-দেউতাকলৈ পত্ৰ প্ৰেৰণ কৰিছে। ৰাজ্যখনৰ মুখ্য নির্বাচনী বিষয়া কে ৰবিকুমাৰে কয় যে, ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পিতৃ-মাতৃ তথা অভিভাৱক-অভিভাৱিকাসকলে সামাজিক মাধ্যমত মাম্মী-পাপা ভোট দো হেছটেগ...

October 29, 2024 12:02 PM

views 20

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্র দাখিলৰ আজি অন্তিম দিন

মহাৰাষ্ট্ৰত এটা পৰ্যায়তে হ'বলগীয়া আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্র দাখিল প্ৰক্ৰিয়াৰ সামৰণি পৰিব। মনোনয়ন পত্রসমূহ কাইলৈ পৰীক্ষা কৰা হ'ব। ৪ নৱেম্বৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য্য কৰা হৈছে। ২০ নৱেম্বৰত ২৮৮ খন আসনৰ বাবে ৰাজ্যখনত ভোটগ্ৰহণ কৰা হ'ব। ২৩ নৱেম্বৰত ভোটগণনা কৰা হ'...