October 30, 2024 8:28 PM

views 13

ৰাজ্যত ২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত উগ্ৰপন্থীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ আজি ১৬ বছৰ, গণেশগুৰিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

অসমত ২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত উগ্ৰপন্থীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ আজি ১৬ বছৰ সম্পূৰ্ণ হৈছে। গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা ৰোডত সংঘটিত বোমা বিস্ফোৰণত বহু লোকে প্রাণ হেৰুৱাইছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকসকললৈ...

October 30, 2024 8:27 PM

views 25

ৰাজ্যৰ খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ বাবে ৪৯ লাখতকৈও অধিক খেলুৱৈৰ নাম পঞ্জীয়ন

ৰাজ্যত অহা ১৩ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ বাবে এতিয়ালৈকে ৪৯ লাখতকৈও অধিক পঞ্জীয়ন সম্পন্ন হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খেলৰ প্ৰতি থকা এনেধৰণৰ অভূতপূৰ্ব সঁহাৰিয়ে অসমৰ ক্ৰীড়া সংস্কৃতিক উৎসাহ যোগোৱাৰ লগতে ৰাজ্যৰ ক্ৰীড়াৰ ক্ষেত্ৰৰ বিকাশক প্ৰতিফলিত কৰিছে বুলি সা...

October 30, 2024 8:25 PM

views 26

মুছলপুৰত এদিনীয়া কাৰ্যসূচীৰে বাক্সা জিলা দিৱস উদযাপন

বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত আজি মুছলপুৰত এদিনীয়া কাৰ্যসূচীৰে বাক্সা জিলা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত মুকলি সভাত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিটিচি পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, জিলা আয়ুক্তকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত জিলাখনৰ জ্যেষ্ঠ নাগৰিক...

October 30, 2024 8:24 PM

views 28

চৰাইদেউত ভাষা গৌৰৱ সপ্তাহ উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত জিলা আয়ুক্তৰ সভা

কেন্দ্ৰীয় চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা উপলক্ষে অহা ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ ৰাজ্যজুৰি ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হ'ব। চৰাইদেউ জিলাতো বিভিন্ন কাৰ্যসূচীৰে ভাষা গৌৰৱ সপ্তাহ উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে। ভাষা গৌৰৱ সপ্তাহ উদযাপনৰ বিভিন্ন দিশ আৰু প্ৰস্তুতি সম্পর্কে আলোচনা কৰাৰ...

October 30, 2024 8:23 PM

views 19

বোকাখাতত আয়ুষ্মান আৰোগ্য মন্দিৰৰ ৬খন বিছনাযুক্ত গৃহ মুকলি

কৃষিমন্ত্ৰী অতুল বৰাই আজি গোলাঘাট জিলাৰ বোকাখাতৰ মহুৰা বৰপথাৰত ই চি আৰ পি আঁচনিৰ অধীনত নির্মিত আয়ুষ্মান আৰোগ্য মন্দিৰৰ ছখন বিছনাযুক্ত গৃহটো আনুষ্ঠানিকভাৱে মুকলি কৰে। এই প্রতিষ্ঠানখনে স্থানীয় ৰাইজক তাৎক্ষণিক চিকিৎসা প্ৰদানৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

October 30, 2024 8:21 PM

views 17

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১ নৱেম্বৰৰ পৰা হাতী ছাফাৰি মুকলি, আজিৰে পৰা মুকলি নামেৰী ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা ১ নৱেম্বৰৰ পৰা পৰ্যটকৰ বাবে হাতী ছাফাৰী মুকলি কৰা হ'ব। ইতিমধ্যে হাতীৰ ছাফাৰীৰ বাবে হাতীৰ স্বাস্থ্য পৰীক্ষা, মাউতৰ প্ৰশিক্ষণকে ধৰি যাৱতীয় সকলো কাম-কাজ সম্পন্ন কৰা হৈছে। কঁহৰা বনাঞ্চলত বন বিভাগৰ ১০টা পোহনীয়া হাতী আৰু বাগৰি বনাঞ্চলত প্ৰায় ৫০ হাতীৰ পঞ্জীয়ন কৰা হৈছে। ইপ...

October 30, 2024 8:20 PM

views 16

গুজৰাটত কেইবাটাও উন্নয়ন প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিয়লি গুজৰাটৰ একতা নগৰত কেইবাটাও আন্তঃগাঁথনি আৰু উন্নয়ন প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। পৰ্যটকৰ সুবিধা আৰু যাত্ৰা সুগম কৰি তোলাৰ লগতে এলেকাটোত বহনক্ষমতা প্ৰচেষ্টাৰ প্ৰতি সহায় আগবঢ়োৱাৰ উদ্দেশ্যে এই প্ৰকল্পটো নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। শ্রীমোদীয়ে সম্প্ৰতি আ...

October 30, 2024 8:19 PM

views 23

কংগ্ৰেছে সাংবিধানিক প্রতিষ্ঠানসমূহক অৱমাননা আৰু অপমান কৰাৰ প্ৰয়াস চলাই আহিছেঃ বিজেপিৰ মুখপাত্র ড০ সুধাংশু ত্রিবেদী

বিজেপিয়ে কৈছে যে নিৰ্বাচন আয়োগে যিধৰণে কংগ্ৰেছ দলৰ ভিত্তিহীন অভিযোগৰ উত্তৰ দিছে তাৰ পৰা দলটোৱে যে ক্ষমতাৰ লালসাৰ বাবে অবিৰতভাৱে অভিযান চলাই আহিছে সেই কথা স্পষ্ট হৈ পৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দলৰ মুখপাত্র ড০ সুধাংশু ত্রিবেদীয়ে কয় যে, কংগ্ৰেছে সাংবিধানিক প্রতিষ্ঠানসমূহক ...

October 30, 2024 8:17 PM

views 17

উদ্ভাৱন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতীয় যুৱক-যুৱতীসকলক শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়ঃ প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, উদ্ভাৱন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতীয় যুৱক-যুৱতীসকলক শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। শ্রীমোদীয়ে গীটহাবৰ মুখ্য কাৰ্যবাহী বিষয়া থমাছ দোমকেৰ সামাজিক মাধ্যমৰ এটা পোষ্ট শ্বেয়াৰ কৰিছে। পোষ্টত সমগ্ৰ বিশ্বত ভাৰতৰ সবাতোকৈ দ্রুত বিকাশশীল কম্পিউটাৰ প্ৰগ্ৰেম বিকাশকক ভূয়স...

October 30, 2024 8:16 PM

views 11

দীপাৱলী-ষট পূজাৰ সময়ত হাজাৰৰো অধিক বিশেষ ৰে’লগাড়ী চলাচলৰ ব্যৱস্থা ভাৰতীয় ৰে’লৱেৰ

ভাৰতীয় ৰে'লৱেই দীপাৱলী আৰু ষট পূজাৰ সময়ছোৱাত যাত্ৰীৰ ভীৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবছৰৰ দৰে এইবাৰো হাজাৰৰো অধিক বিশেষ ৰে'লগাড়ী চলাচল কৰোৱাইছে। ৰে'লৱেই যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত ২ হাজাৰ ৫০০ৰো অধিক অতিৰিক্ত ৰে'লগাড়ীৰ চলাচল কৰোৱাইছে। অলপতে ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্...