November 7, 2024 8:31 PM

views 26

জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত এখন বাহন পথৰ পৰা এটা দ’ খাৱৈত বাগৰি পৰাৰ ফলত ৪ জন লোকৰ মৃত্যু

জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত আজি এখন বাহন পথৰ পৰা এটা দ’ খাৱৈত বাগৰি পৰাৰ ফলত ৪ জন লোকে প্ৰাণ হেৰুৱায় আৰু ৪ জন আহত হয়। নিহতসকলৰ ভিতৰত এটি কিশোৰো আছে। আমাৰ সংবাদদাতাই জনাইছে যে দুৰ্ঘটনাৰ ফলত ৩ জনে থিতাতে প্ৰাণ হেৰুৱাই আৰু এজনৰ চিকিৎসালয়ত মৃত্যু ঘটে।

November 7, 2024 8:29 PM

views 63

উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ্থে কাইলৈৰ পৰা ১৬৪ খন বিশেষ ৰে’লগাড়ী চলাচলৰ ব্যৱস্থা ভাৰতীয় ৰে’লৱেৰ

ভাৰতীয় ৰে’লৱেই উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ্থে কাইলৈৰ পৰা ১৬৪ খন বিশেষ ৰে’লগাড়ী চলাচলৰ ব্যৱস্থা কৰিছে। উৎসৱ পালনৰ পাছত নিজ নিজ ঘৰলৈ যাব বিছৰা যাত্ৰীসকল ইয়াৰ পৰা লাভান্বিত হ’ব। ৰে'লৱেই পৰৱৰ্তী তিনি দিনত প্ৰায় ৪৭৬ খন ৰে’লগাড়ী চলোৱাৰ পৰিকল্পনা কৰিছে।

November 7, 2024 8:26 PM

views 28

চৰকাৰী চাকৰিৰ নিযুক্তিৰ নিৰ্ধাৰিত নিয়ম মাজতে সলনি কৰিব পৰা নাযায়ঃ উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ে আজি চৰকাৰী চাকৰিৰ নিযুক্তিৰ নিৰ্ধাৰিত নিয়ম মাজতে সলনি কৰিব পৰা নাযায় বুলি ৰায় দিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন এখন পাঁচজনীয়া বিচাৰপীঠে আজি কয় যে, নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে নিৰ্ধাৰণ কৰা নিয়ম মাজতে সাল-সলনি কৰিব পৰা নাযায়। ব...

November 7, 2024 8:23 PM

views 36

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সহযোগিতাক বহুমুখী আৰু বিশেষ বুলি অভিহিত বিদেশ মন্ত্ৰ্যালয়ৰ

বিদেশ মন্ত্ৰ্যালয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সহযোগিতাক বহুমুখী আৰু বিশেষ বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ সৈত...

November 7, 2024 8:21 PM

views 24

ছিডনীত আগশাৰী ব্যৱসায়ী আৰু কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে ড০ এছ জয়শংকৰৰ বৈঠক

বৈদেশিত পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে দেশৰ আন্তঃগাঁথনি, উৎপাদন, দক্ষতা বিকাশ আৰু ডিজিটেল ৰূপান্তৰৰ দিশসমূহৰ কথা উল্লেখ কৰে। ছিডনীত আজি আগশাৰী ব্যৱসায়ী আৰু কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে হোৱা বৈঠকত মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ব্যৱসায় আৰু বিনিয়োগ বৃদ্...

November 7, 2024 8:14 PM

views 24

ৰাষ্ট্ৰপতি মুৰ্মুৱে কাইলৈ কেন্দ্ৰীয় সতর্কতা আয়োগৰ সতৰ্কতা সজাগতা সপ্তাহৰ অনুষ্ঠানক সম্বোধন কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ নতুন দিল্লীত কেন্দ্ৰীয় সতর্কতা আয়োগৰ সতৰ্কতা সজাগতা সপ্তাহৰ অনুষ্ঠানক সম্বোধন কৰিব। কেন্দ্ৰীয় সতর্কতা আয়োগে চৰ্দাৰ বল্লবভাই পেটেলৰ জন্ম বার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতিবছৰে এই সপ্তাহ পালন কৰে। এইবেলি ৰাষ্ট্ৰৰ সমৃদ্ধিৰ বাবে সততাৰ সংস্কৃতিৰ মূল মন্ত্ৰৰে ২৮ অ...

November 7, 2024 8:11 PM

views 23

গোৱাত থলুৱাভাৱে নির্মিত বিমান পৰিবাহী যুদ্ধ জাহাজ আই এন এছ বিক্ৰান্তৰ পৰা নৌ সৈন্যবাহিনীৰ অভিযান প্ৰত্যক্ষ ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি গোৱাত থলুৱাভাৱে নির্মিত বিমান পৰিবাহী যুদ্ধ জাহাজ আই এন এছ বিক্ৰান্তৰ পৰা নৌ সৈন্যবাহিনীৰ অভিযান প্ৰত্যক্ষ কৰে। তেওঁ বিমানবাহী যুদ্ধ জাহাজখনত জাহাজৰ পৰিচালনা, যুদ্ধৰ কৌশল, ছাবমেৰিনৰ অভ্যাস আদিৰ লগতে যুদ্ধ বিমানৰ উৰণ আৰু অৱতৰণ প্ৰত্যক্ষ কৰে। ইয়াৰ পূৰ্বে ৰাষ্ট্...

November 7, 2024 7:59 PM

views 35

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত ‘জৈৱ ইন্ধনঃ ভৱিষ্যতৰ অৰ্থনীতি শক্তিশালী কৰা’ সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত জৈৱ ইন্ধনঃ ভৱিষ্যতৰ অৰ্থনীতি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হ’ব। অনুষ্ঠানত প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ ড° অৰূপ কুমাৰ মিশ্ৰ আৰু নুমলীগড় তেল শোধনাগাৰৰ কৰ্প'ৰেট পৰিক্ৰমা বিভাগৰ...

November 7, 2024 7:52 PM

views 28

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শনিবাৰৰ পৰা দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শনিবাৰৰ পৰা দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ১৯৯৮ চনৰ ৯ নৱেম্বৰত কলাক্ষেত্র আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। পৰহিলৈৰ পুৱা কলাক্ষেত্ৰৰ কীৰ্তনঘৰত নাম-প্ৰসংগ আৰু আয়তীসকলৰ দিহানামেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব। দিনৰ ভাগত...

November 7, 2024 7:48 PM

views 22

সত্ৰীয়া সংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিলৈ সদৌ অসম সত্ৰ মহাসভাৰ বিভিন্ন বঁটা

সত্ৰীয়া সংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা কেইবাগৰাকী বিশিষ্ট ব্যক্তিলৈ সদৌ অসম সত্ৰ মহাসভাই বিভিন্ন বঁটা আগবঢ়াইছে। আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত মহাসভাৰ নেতৃবৃন্দই কয় যে, মাজুলীৰ শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীক সত্ৰ বৈভৱ বঁটা,...