November 22, 2024 8:16 PM

views 21

আইটা ৰাষ্ট্ৰীয় ৰেংকিং চেম্পিয়নশ্বিপ ছিৰিজ টেনিছত ফাগুনজ্যোতিৰ খিতাপ জয়

অসমৰ প্ৰতিভাৱান টেনিছ খেলুৱৈ ফাগুনজ্যোতিয়ে গুৰুগ্ৰামত অনুষ্ঠিত আইটা ৰাষ্ট্ৰীয় ৰেংকিং চেম্পিয়নশ্বিপ ছিৰিজ টেনিছত খিতাপ জয় কৰিবলৈ সমৰ্থ হৈছে। ফাগুনজ্যোতিয়ে ছোৱালীৰ ১২ বছৰ অনুৰ্ধৰ ডাবলছ শাখাত চেম্পিয়নৰ সন্মান অৰ্জন কৰাৰ লগতে ১২ বছৰ অনুৰ্ধৰ একক শাখাত ৰাৰ্ণাছআপ হয়।  

November 22, 2024 8:15 PM

views 28

আই টি এফ জুনিয়ৰ আন্তৰ্জাতিক টেনিছ প্রতিযোগিতাৰ ল’ৰাৰ একক শাখাত সেহাজ সিং পাৱাৰে ফাইনেলত প্ৰৱেশ

গুৱাহাটীৰ চচলত অনুষ্ঠিত আই টি এফ জুনিয়ৰ আন্তৰ্জাতিক টেনিছ প্রতিযোগিতাৰ ল'ৰাৰ একক শাখাত শীৰ্ষ বাছনিৰ ভাৰতৰ সেহাজ সিং পাৱাৰে ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাখনত আজি অনুষ্ঠিত ছেমি ফাইনেলত সেহাজে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইজিয়ান আহমেদক পৰাস্ত কৰে। কাইলৈ হ'বলগীয়া ফাইনেলত সেহাজে ভাৰতৰ বাছনিবিহীন খেলুৱৈ অৰ...

November 22, 2024 8:13 PM

views 17

অহা ১ ডিচেম্বৰৰ পৰা আকাশবাণী গুৱাহাটীৰ বিবিধ ভাৰতী চেনেলৰ মুখ্য বাতৰিৰ সময়সূচী সামান্য পৰিৱৰ্তন

আকাশবাণী গুৱাহাটীৰ বিবিধ ভাৰতী চেনেলৰ পৰা প্ৰচাৰিত মুখ্য বাতৰিৰ সময়সূচী অহা ১ ডিচেম্বৰৰ পৰা সামান্য পৰিৱৰ্তন ঘটোৱা হ'ব। সেই অনুসৰি দিনৰ ১০ বাজি ১৫ মিনিটত প্ৰচাৰিত মুখ্য বাতৰি সেইদিনাৰ পৰা পুৱা ৭ বাজি ২৮ মিনিটত আৰু সন্ধিয়া ৬ বাজি ১৫ মিনিটত প্ৰচাৰিত মুখ্য বাতৰি নিশা ৮ বাজি ২৮ মিনিটত প্ৰচাৰিত হ'ব।

November 22, 2024 8:11 PM

views 21

কাইলৈ দৃষ্টিপাত অনুষ্ঠানত বিধানসভাৰ উপ- নিৰ্বাচন ফলাফল সম্পর্কত বিশেষ অনুষ্ঠান প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত বিধানসভাৰ উপ- নিৰ্বাচন আৰু দুখন ৰাজ্য বিধানসভাৰ নিৰ্বাচনৰ ফলাফল সম্পর্কত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানত নিৰ্বাচনী ফলাফলৰ পৰ্যালোচনা আগবঢ়াব জ্যেষ্ঠ সাংবাদিক ৰণেন কুমাৰ গোস্বামী আৰু সুশান্ত তালুকদাৰে। এই অনুষ্ঠানট...

November 22, 2024 8:10 PM

views 15

দৰং জিলাৰ মঙলদৈ মহাবিদ্যালয়লৈ নাক-এ গ্রেড প্ৰদান

ৰাষ্ট্ৰীয় স্বীকৃতি আৰু প্ৰত্যায়ন পৰিষদ চমুকৈ নাক-এ দৰং জিলাৰ মঙলদৈ মহাবিদ্যালয়লৈ এ-গ্রেড প্ৰদান কৰিছে। আজি মহাবিদ্যালয় কর্তৃপক্ষই আনুষ্ঠানিকভাৱে এই ফলাফল লাভ কৰে। এই আশাব্যঞ্জক ফলাফলে মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু প্ৰাক্তন শিক্ষাৰ্থীক আনন্দিত কৰি তুলিছে। উল্লেখযো...

November 22, 2024 8:08 PM

views 15

বৰপেটাত জলজীৱন অভিযানৰ অধীনত গ্ৰাম্য পানীযোগান আঁচনিসমূহৰ ক্ষেত্রভিত্তিক পৰ্যালোচনা অব্যাহত

বৰপেটা জিলা প্ৰশাসনে জলজীৱন অভিযানৰ অধীনত গ্ৰাম্য পানীযোগান আঁচনিসমূহৰ ক্ষেত্রভিত্তিক পৰ্যালোচনা অব্যাহত ৰাখিছে। দায়িত্বপ্রাপ্ত বিষয়াসকলে ক্ষেত্ৰ পৰিদৰ্শন কৰি আঁচনি পৰিচালনাৰে জড়িত জল ব্যৱহাৰকাৰীক সমিতিসমূহৰ কাম-কাজৰ মূল্যায়ন কৰিছে বুলি আজি জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে সদৰি কৰে। জিলা আয়ুক...

November 22, 2024 8:04 PM

views 10

জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ উদ্যোগত এলানি কেৰিয়াৰ কাউন্সেলিং আৰু বৃত্তিমূলক পৰামৰ্শ কাৰ্যসূচী অনুষ্ঠিত

ৰাজ্যৰ যুৱশক্তিৰ দক্ষতা বৃদ্ধি আৰু বিভিন্ন ধৰণৰ দক্ষতা সম্পৰ্কীয় নিযুক্তিৰ সুযোগ সৃষ্টিৰ বাবে জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ উদ্যোগত এলানি কেৰিয়াৰ কাউন্সেলিং আৰু বৃত্তিমূলক পৰামৰ্শ কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই অভিযানৰ অংশ হিচাপে আজি গুৱাহাটীত নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ৰ অধীনত জিলা নিয়ো...

November 22, 2024 8:03 PM

views 33

অহা ২৫ নৱেম্বৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে পুনৰ প’ৰ্টেল মুকলি

অসম ৰাজ্যিক বিদ্যালয় পৰিষদে ২০২৫ চনত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে অহা ২৫ নৱেম্বৰত প'ৰ্টেল পুনৰ মুকলি কৰিব। সেই অনুসৰি প্ৰ-পত্ৰ পূৰণৰ বাকী থকা সকলো কাম ২৬ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ পৰিষদে সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহক আহ্বান জনাইছে। একেদৰে মাচুল আদায়ৰ অন্তি...

November 22, 2024 7:01 PM

views 17

উপ-সঞ্চালকপ্ৰধান ৰূপে পদোন্নতি লাভ আকাশবাণী গুৱাহাটীৰ অভিযান্ত্ৰিক শাখাৰ সঞ্চালক ৰবিন চন্দ্ৰ বড়োৰ

আকাশবাণী গুৱাহাটীৰ অভিযান্ত্ৰিক শাখাৰ সঞ্চালক ৰবিন চন্দ্ৰ বড়োক আজি আকাশবাণীৰ সমূহ বিষয়া-কৰ্মচাৰীয়ে তেওঁ অভিযান্ত্ৰিক শাখাৰ উপ-সঞ্চালকপ্ৰধান ৰূপে পদোন্নতি লাভ কৰাৰ বাবে আনুষ্ঠানিকভাৱে অভিনন্দন জনায়। শ্ৰী বড়োৱে দূৰদৰ্শনৰ উত্তৰ-পূব অতিৰিক্ত সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত অভিযান্ত্ৰিক শাখাৰ উপ-মহা নিৰ্...

November 22, 2024 6:58 PM

views 29

অহা ২ ডিচেম্বৰৰ পৰা চৰাইদেউ জিলাত কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান

চৰাইদেউ জিলাত অহা ২ ডিচেম্বৰৰ পৰা কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় কুষ্ঠ নির্মূল কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনৰ ১ লাখৰো অধিক লোকৰ ঘৰে ঘৰে এই অভিযান চলিব। স্বাস্থ্য বিভাগৰ বিশেষ দলে কুষ্ঠৰোগ চিনাক্তকৰণ অভিযানত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচী সুকলমে সম্পন্ন কৰাৰ বাবে চৰাইদেউৰ জিলা আয়ুক্...