November 28, 2024 8:24 PM

views 13

ভাৰতীয় ইতিহাস আৰু সংস্কৃতিৰ প্ৰতি গোলকীয় উৎসাহক লৈ প্রধানমন্ত্ৰী মোদীৰ সন্তুষ্টি প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় ইতিহাস আৰু সংস্কৃতিৰ প্ৰতি গোলকীয় উৎসাহক লৈ সন্তুষ্টি প্রকাশ কৰিছে। শ্ৰী মোদীয়ে আজি সামাজিক মাধ্যম যোগে কয়, যে ভাৰতীয় সংস্কৃতিয়ে বিশ্ব পৰ্যায়ত অনুৰণৰ সৃষ্টি কৰিছে। নিজৰ বিদেশ যাত্ৰাৰ ছবি শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে আমাৰ ইতিহাস-সংস্কৃতিৰ প্ৰতি এই...

November 28, 2024 8:21 PM

views 31

সংখ্যালঘূসহ বাংলাদেশৰ সকলো নাগৰিকৰ জীৱন আৰু স্বাধীনতা ৰক্ষা কৰাটো সেই দেশৰ চৰকাৰৰ প্ৰাথমিক দায়িত্বঃ বিদেশ ৰাজ্য মন্ত্ৰী কীৰ্তি বৰ্ধন সিং

ভাৰতে বাংলাদেশক হিন্দু আৰু অন্য সংখ্যালঘু সম্প্ৰদায়ৰ লোক আৰু তেওঁলোকৰ উপাসনা স্থলীসমূহৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে। বিদেশ ৰাজ্য মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে আজি ৰাজ্যসভাত এটা লিখিত উত্তৰত কয়, যে সংখ্যালঘূসহ বাংলাদেশৰ সকলো নাগৰিকৰ জীৱন আৰু স্বাধীনতা ৰক্ষা কৰাটো সেই দেশৰ চৰকাৰৰ প্ৰাথমিক দায...

November 28, 2024 8:18 PM

views 84

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সম্প্ৰসাৰণৰ বাবে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সমৰ্থন আদায়ৰ বাবে ভাৰতে অন্য দেশৰ সৈতে একেলগে কাম কৰি আছেঃ জয়শংকৰ

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সম্প্ৰসাৰণৰ বাবে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সমৰ্থন আদায় কৰাৰ বাবে ভাৰতে অন্য দেশৰ সৈতে একেলগে কাম কৰি আছে। বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে আজি ৰাজ্যসভাত এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে চৰকাৰে ৰাষ্ট্ৰসংঘৰ সম্প্ৰসাৰিত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ লাভত সৰ্ব...

November 28, 2024 8:10 PM

views 23

বিশিষ্ট সাংবাদিক বুলন কুমাৰ শ‍ইকীয়াৰ মৃত্যু

আজি পুৱতি নিশা নাহৰকটীয়াত পৰলোকপ্ৰাপ্তি ঘটা বিশিষ্ট সাংবাদিক বুলন কুমাৰ শ‍ইকীয়াৰ অন্ত্যেষ্টিক্রিয়া আজি দুপৰীয়াৰ ভাগত তেওঁৰ বাসভৱনৰ চৌহদত ভালেসংখ্যক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়। শ‍ইকীয়াৰ শেষকৃত্যত নাহৰকটীয়াৰ প্ৰাক্তন পৌৰপতি জগদীশ ৰাজকোঁৱৰ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী স...

November 28, 2024 8:03 PM

views 18

তিনিচুকীয়া জিলাত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ বাবে যোগ্য হিতাধিকাৰী বাছনি সম্পৰ্কত জিলা আয়ুক্তৰ অধ্যক্ষতাত বৈঠক

তিনিচুকীয়া জিলাত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ বাবে যোগ্য হিতাধিকাৰী বাছনি সম্পৰ্কত আলোচনা কৰিবলৈ আজি জিলাখনৰ আয়ুক্তৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ নিৰীক্ষণ সমিতিৰ এই বৈঠকত কোনো যোগ্য হিতাধিকাৰীয়ে যাতে আঁচনিৰ সুবিধা গ্ৰহণৰ পৰা বাদ পৰি নাযায় সেই বিষয়ে গুৰুত্...

November 28, 2024 8:00 PM

views 28

বি চি চি আইৰ উদ্যোগত আৰু অসম ক্রিকেট সন্থাৰ সহযোগত বৰপেটাত অসম আৰু কেৰালাৰ মাজত ১৯ বছৰ অনূর্ধ কোচবিহাৰ ট্ৰফীৰ খেল অনুষ্ঠিত

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ চমুকৈ বি চি চি আইৰ উদ্যোগত আৰু অসম ক্রিকেট সন্থাৰ সহযোগত আজিৰ পৰা বৰপেটা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অসম আৰু কেৰালাৰ মাজত ১৯ বছৰ অনূর্ধ কোচবিহাৰ ট্ৰফীৰ খেল অনুষ্ঠিত হৈছে। চাৰিদিনীয়াকৈ অনুষ্ঠিত এই প্রতিযোগিতাত আজি অসম দলে ছৈত জয়লাভ কৰি প্রথমে বেটিং কৰাৰ সিদ্ধান্ত ল...

November 28, 2024 7:58 PM

views 26

বৰপেটা জিলাত অহা ৩ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ স্বাস্থ্য সেৱা উৎসৱৰ আয়োজন

বৰপেটা জিলাত অহা ৩ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ স্বাস্থ্য সেৱা উৎসৱৰ আয়োজন কৰা হৈছে। এই স্বাস্থ্য উৎসৱত জিলাখনৰ স্বাস্থ্য বিভাগৰ অধীনৰ ৰাজহুৱা খণ্ডৰ ৬৮ খন বিভিন্ন পৰ্যায়ৰ চিকিৎসালয়ক সামৰি লোৱা হ'ব। জিলাখনৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত গীতাশ্রী লাচিতে এই সন্দৰ্ভত সংবাদমেলযোগে তথ্য প্ৰকাশ ক...

November 28, 2024 7:50 PM

views 12

শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰকল্প ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিৰীক্ষণ সমিতিৰ

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিৰীক্ষণ সমিতিয়ে আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰকল্প ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰে। বিধানসভাৰ বিৰোধীৰ দলপতি দেৱব্ৰত শ‍ইকীয়াৰ অধ্যক্ষতাৰ এই নিৰীক্ষণ সমিতিয়ে আজি ডিমৌত নির্মীয়মান ৰাইছাই গ্ৰাম্য ষ্টেডিয়াম, লোকনিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মীয়মা...

November 28, 2024 7:44 PM

views 31

চিৰাং জিলাৰ ভূটান সীমান্তৱৰ্ত্তীত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱজনিত পৰিস্থিতি সন্দৰ্ভত পর্যালোচনাৰে মন্ত্ৰী কেশৱ মহন্তৰ সীমান্তৱৰ্তী অঞ্চল ভ্ৰমণ

চিৰাং জিলাৰ ভূটান সীমান্তৱৰ্তী অঞ্চলত শেহতীয়াকৈ দেখা দিয়া মেলেৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱজনিত পৰিস্থিতি সন্দৰ্ভত পর্যালোচনা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মন্ত্ৰী কেশৱ মহন্তই আজি অঞ্চলটো ভ্ৰমণ কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সদৰ কাজলগাঁৱত থকা জিলা অসামৰিক চিকিৎসালয়ত স্বাস্থ্য বিভাগ...

November 28, 2024 7:36 PM

views 30

হুলস্থুলীয়া পৰিস্থিতিৰ ফলত সংসদৰ উভয় সদনৰ কাম-কাজ তৃতীয় দিনৰ বাবেও স্থগিত

দেশৰ এটা আগশাৰীৰ ব্যৱসায়ী গোষ্ঠীৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ অভিযোগকে ধৰি বিভিন্ন বিষয়ক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থুলীয়া পৰিস্থিতিৰ ফলত সংসদৰ উভয় সদনৰ কাম-কাজ আজি একেৰাহে তৃতীয় দিনৰ বাবেও স্থগিত ৰাখিবলগীয়া হয়। লোকসভাত আজি কেৰালাৰ ৱায়নাড়ৰ পৰা নিৰ্বাচিত কংগ্ৰেছ সাংসদ প্রিয়ংকা গান্ধী আৰু ...