November 29, 2024 8:53 PM

views 25

হুলস্থুলীয়া পৰিস্থিতিৰ বাবে সদনৰ শীতকালীন অধিৱেশনৰ চতুর্থ দিনৰ কাৰ্যক্ৰমণিকা বাধাগ্ৰস্ত

হুলস্থুলীয়া পৰিস্থিতিৰ বাবে সদনৰ শীতকালীন অধিৱেশন একেৰাহে চতুর্থ দিনৰ কাৰ্যক্ৰমণিকা বাধাগ্ৰস্ত হয়। ৰাজ্যসভা দিনটোৰ বাবে স্থগিত ৰখাৰ বিপৰীতে নিৰ্দিষ্ট ব্যৱসায়ী গোষ্ঠীৰ উপ-ঢৌকনকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত বিৰোধী সদস্যসকলে হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰাৰ বাবে লোকসভাও দিনটোৰ বাবে স্থগিত ৰখা হয়। আজি...

November 29, 2024 8:51 PM

views 14

প্রধানমন্ত্রী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত দেশত ৩, ৩০০তকৈও অধিক প্রাথমিক চিকিৎসা সেৱা কেন্দ্ৰ স্থাপন

প্রধানমন্ত্রী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত দেশত ৩ হাজাৰ ৩০০তকৈও অধিক প্রাথমিক চিকিৎসা সেৱা কেন্দ্ৰ, ৭৩০টা সংহত জনস্বাস্থ্য পৰীক্ষাগাৰ আৰু ৬০২টা জটিল ৰোগ চিকিৎসা কেন্দ্ৰ স্থাপন কৰাৰ লক্ষ্য হাতত লোৱা হৈছে। আজি লোকসভাত লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জগত প্রকাশ ন...

November 29, 2024 8:48 PM

views 41

বাংলাদেশত হিন্দুসকলৰ ওপৰত সংঘটিত হিংসা সন্দৰ্ভত চৰকাৰে গুৰুত্ব সহকাৰে লৈছেঃ বিদেশমন্ত্ৰী জয়শংকৰ

বাংলাদেশত হিন্দুসকলৰ ওপৰত সংঘটিত হিংসা সন্দৰ্ভত চৰকাৰে গুৰুত্ব সহকাৰে লৈছে বুলি বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰকাশ কৰিছে। আজি লোকসভাত এটা লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে চলিত বৰ্ষৰ আগষ্ট মাহত বাংলাদেশত ঘৰ আৰু ব্যৱসায়িক প্রতিষ্ঠান সমূহত লুটপাত কৰা হৈছে আৰু মন্দিৰ আৰু অন্যান্য উপাসনাস্থলীত আক্রম...

November 29, 2024 8:42 PM

views 20

অসম অভিযান্ত্রীক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা আৰু কাৰিকৰী শিক্ষা বিভাগৰ প্ৰাক্তন সঞ্চালক প্রদীপ গোস্বামীৰ দেহাৱসান

আজাৰা নিবাসী অসম অভিযান্ত্রীক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা আৰু কাৰিকৰী শিক্ষা বিভাগৰ প্ৰাক্তন সঞ্চালক প্রদীপ গোস্বামীৰ আজি বিয়লি হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ।

November 29, 2024 8:37 PM

views 22

৩ ডিচেম্বৰৰ পৰা গুৱাহাটী মাষ্টাৰ্ছ আন্তর্জাতিক বেডমিণ্টন প্রতিযোগিতা অনুষ্ঠিত হ’ব

সৰুসজাই ক্রীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত অহা ৩ ডিচেম্বৰৰ পৰা গুৱাহাটী মাষ্টাৰ্ছ আন্তর্জাতিক বেডমিণ্টন প্রতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাখনত ভাৰতৰ লগতে ২৩ খন দেশৰ মুঠ ৪৬১ গৰাকী শ্বাটলাৰে অংশগ্ৰহণ কৰিব। ভাৰতীয় বেডমিণ্টন ফেডাৰেচনৰ সহযোগত অসম বেডমিণ্টন সন্থাই ক্রমাগত ...

November 29, 2024 8:35 PM

views 26

কোচ বিহাৰ ট্ৰফীৰ দ্বিতীয় দিনাৰ সামৰণিত কেৰালাৰ বিৰুদ্ধে অসমে দ্বিতীয় ইনিংছত এটা উইকেট হেৰুৱাই ৩৩ ৰান সংগ্ৰহ

কেৰালাৰ বিৰুদ্ধে বৰপেটাত অনুষ্ঠিত কোচ বিহাৰ ট্ৰফী চাৰি দিনীয়া ক্রিকেট খেলখনৰ আজি দ্বিতীয় দিনাৰ সামৰণিত অসমে দ্বিতীয় ইনিংছত এটা উইকেট হেৰুৱাই ৩৩ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ পূৰ্বে কেৰালাৰ প্ৰথম ইনিংছ ১৮১ ৰানত সামৰণি পৰে। উল্লেখযোগ্য যে অসমে কালি প্রথম ইনিংছত ২৩৩ ৰান কৰে। ফলত অসমে সামগ্ৰিকভাৱে ৮৫ ৰানৰ ...

November 29, 2024 8:29 PM

views 24

কাৰ্বি আংলং জিলাত অহা ৩ৰ পৰা ৫ ডিচেম্বৰলৈ তৃতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা উৎসৱ

কাৰ্বি আংলং জিলাত অহা ৩ৰ পৰা ৫ ডিচেম্বৰলৈ তৃতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত হ'ব। জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক বৰচিং ৰংপীয়ে এই বিষয়ে জানিবলৈ দিয়ে। জিলাখনত শিক্ষাৰ লগতে স্বাস্থ্য খণ্ডৰো গুণগত মান আৰু সেৱা উন্নত কৰা পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ সংবাদ মাধ্যমক অৱগত কৰে। জি...

November 29, 2024 8:27 PM

views 31

লখিমপুৰ জিলা দুর্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ উদ্যোগত ২ দিনীয়াকৈ জিলা পৰ্যায়ৰ তাৎক্ষণিক সঁহাৰি ব্যৱস্থাৰ প্ৰশিক্ষণ আৰু আখৰা

লখিমপুৰ জিলা দুর্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ উদ্যোগত আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সহযোগত দুদিনীয়াকৈ জিলা পৰ্যায়ৰ তাৎক্ষণিক সঁহাৰি ব্যৱস্থাৰ প্ৰশিক্ষণ আৰু আখৰা অনুষ্ঠিত হয়। এই কার্যসূচীত জিলাখনৰ বিভিন্ন বিভাগৰ লগতে এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। প্রাকৃত...

November 29, 2024 8:25 PM

views 28

নর্থ ইষ্ট ট্রান্সমিছন কোম্পানী লিমিটেডৰ গোৱালপাৰাৰ ২০০ খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়ৰ চকু অস্ত্ৰোপচাৰ কক্ষত অনুবীক্ষণ যন্ত্ৰ সংস্থাপন

নর্থ ইষ্ট ট্রান্সমিছন কোম্পানী লিমিটেডে গোৱালপাৰাৰ দুশখন বিচনাযুক্ত অসামৰিক চিকিৎসালয়ৰ চকু অস্ত্ৰোপচাৰ কক্ষত এটা অনুবীক্ষণ যন্ত্ৰ সংস্থাপন কৰিছে। গোৱালপাৰা জিলা প্ৰশাসনৰ সৈতে হোৱা চুক্তি অনুসৰি প্রতিষ্ঠানটোৱে আজি অত্যাধুনিক যন্ত্ৰটো সংস্থাপন কৰে। গোৱালপাৰা জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰী আৰু নৰ্থ ইষ্ট...

November 29, 2024 8:20 PM

views 25

পাঠশালাত কামেশ্বৰ দাসৰ জীৱনী গ্ৰন্থ উন্মোচন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বজালী জিলাৰ পাঠশালাত কামেশ্বৰ দাসৰ এখন জীৱনী গ্ৰন্থ উন্মোচন কৰে। স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত আয়োজিত অনুষ্ঠানত মন্ত্ৰী শ্ৰীদাসে কামেশ্বৰ দাসক অসম ৰত্ন বুলি অভিহিত কৰে। জীৱনী গ্ৰন্থ উন্মোচনী সভাত মন্ত্ৰীগৰাকীৰ লগতে প্রাক্তন বিধায়ক ড° মনোৰঞ্জন দাস, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ...