December 18, 2024 8:10 PM

views 31

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সদস্যসকলৰ ৰাজভৱন চলো প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ কৰ্মীৰ মৃত্যু

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আহ্বানত দলটোৰ সদস্যসকলে দেশজুৰি পালন কৰা ৰাজভৱন চলো কাৰ্যসূচীৰ অংশ হিচাপে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সদস্যসকলেও আজি গুৱাহাটীত ৰাজভৱন চলো প্ৰতিবাদ সাব্যস্ত কৰে। আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনোৱা মতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু দলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশগ্ৰহণ ক...

December 18, 2024 8:06 PM

views 14

বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে ভিন ভিন জিলাত কেইবাখনো আঁচনি ৰূপায়ণ

বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি চিৰাং, ধুবুৰী, কাৰ্বি আংলং, মাজুলী, শিৱসাগৰ, দক্ষিণ শালমাৰা আৰু ওদালগুৰি জিলাত প্ৰজ্ঞান ভাৰতীকে ধৰি কেইবাখনো আঁচনি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীয়ে ৰূপায়ণ কৰে । চিৰাং জিলাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ ক...

December 18, 2024 2:14 PM

views 37

চলিত বছৰৰ তৃতীয়টো ত্রৈমাসিকত শ্ৰীলংকাৰ অর্থনীতি ৫.৫% বৃদ্ধি পাইছে

চলিত বছৰৰ তৃতীয়টো ত্রৈমাসিকত শ্ৰীলংকাৰ অর্থনীতি ৫.৫% বৃদ্ধি পাইছে৷ দ্বীপ ৰাষ্ট্ৰ খনৰ লোকপিয়ল আৰু পৰিসংখ্যা বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি স্থিৰ মূল্যত মুঠ ঘৰুৱা উৎপাদন বিগত বছৰৰ তৃতীয় ত্রৈমাসিকৰ ২.৯৮৭ ট্রিলিয়ন শ্ৰীলংকাৰ টকাৰ পৰা বৃদ্ধি পাই প্রায় ৩.১৫২ ট্রিলিয়ন শ্ৰীলংকাৰ টকা হৈছেগৈ। এই বৃদ্ধিৰ ম...

December 18, 2024 2:11 PM

views 29

চৰকাৰে আন্তঃগাঁথনি উন্নয়ন, অর্থনৈতিক বিকাশ আৰু কৃষিৰ লগতে সাংস্কৃতিক বিকাশ আৰু সম্প্ৰীতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছেঃ জি কিষান ৰেড্ডী

চৰকাৰে আন্তঃগাঁথনি উন্নয়ন, অর্থনৈতিক বিকাশ আৰু কৃষিৰ লগতে সাংস্কৃতিক বিকাশ আৰু সম্প্ৰীতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্রী জি কিষান ৰেড্ডীয়ে প্ৰকাশ কৰিছে। আজি পুৱা নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ ভাষাসমূহ ৰাষ্ট্ৰীয় ঐক্য আৰু সাংস্কৃতিক ইতিহাসৰ এক গুৰ...

December 18, 2024 2:07 PM

views 25

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কৰ ভাৰত ভ্ৰমণৰ সময়ত জাৰি কৰা যুটীয়া বিবৃতিৰ প্ৰশংসা প্ৰাক্তন ৰাষ্ট্ৰপতি ৰানিল বিক্রম সিংঘৰ

শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰানিল বিক্রম সিংঘেই দেশখনৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কেৰ শেহতীয়া ভাৰত ভ্ৰমণৰ সময়ত জাৰি কৰা যুটীয়া বিবৃতিৰ প্ৰশংসা কৰিছে। কলম্বোত জাৰি কৰা এটা বিবৃতিত প্রাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে এই ঘটনাৰাজিৰ প্ৰতি আদৰণি জনাইছে আৰু এই যুটীয়া বিবৃতিটোৱে ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ স...

December 18, 2024 2:03 PM

views 26

সন্ত্রাসবাদী সংগঠন বাবৰ খালচা ইণ্টাৰনেচনেলৰ দুধৰ্ষ সদস্য লখবীৰ সিঙৰ দুজন সহযোগীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ অভিযোগনামা দাখিল

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIA-ই নিষিদ্ধ ঘোষিত সন্ত্রাসবাদী সংগঠন বাবৰ খালচা ইণ্টাৰনেচনেলৰ দুধৰ্ষ সদস্য লখবীৰ সিঙৰ দুজন সহযোগীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা বুলি প্ৰকাশ কৰিছে। পাঞ্জাৱৰ ম’হালিৰ NIA ৰ এখন বিশেষ আদালতত কালি এই অভিযোগনামা দাখিল কৰা হয়। তদন্তকাৰী সংস্থাটোৰ সূত্ৰই প্ৰকাশ কৰা মতে অভিযুক...

December 18, 2024 2:00 PM

views 33

চৰকাৰে বিগত ১০ বছৰত সংখ্যালঘু সম্প্রদায়কে ধৰি দৰিদ্ৰ জনসাধাৰণৰ জীৱন উন্নীত কৰিছেঃ ধর্মেন্দ্র প্রধান

চৰকাৰে বিগত ১০ বছৰত সংখ্যালঘু সম্প্রদায়কে ধৰি দৰিদ্ৰ জনসাধাৰণৰ জীৱন উন্নীত কৰিছে বুলি কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সংখ্যালঘু শৈক্ষিক প্ৰতিষ্ঠানৰ ৰাষ্ট্ৰীয় আয়োগৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে সবকা সাথ, ...

December 18, 2024 1:56 PM

views 29

হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ড° বি আৰ আম্বেদকাৰক অপমান কৰা বুলি অভিযোগ তুলি বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। পুৱাৰ ভাগত লোকসভা মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, ডি এম কে আৰু বাওঁ দলকে ধৰি বিৰোধী পক্ষৰ সাংসদসকলে ...

December 18, 2024 1:50 PM

views 22

অইল ইণ্ডিয়া লিমিটেডৰ পৰিচালন শাখাৰ নতুন সঞ্চালক হিচাপে ত্রৈলোক্য বৰগোঁহাইৰ দায়িত্বভাৰ গ্ৰহণ

ত্রৈলোক্য বৰগোঁহায়ে কালি অইল ইণ্ডিয়া লিমিটেডৰ পৰিচালন শাখাৰ নতুন সঞ্চালক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। ১৯৯৫ চনত অইলৰ দুলীয়াজানৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ ভূতাত্বিক বিভাগত কাৰ্যবাহী নবিচ হিচাপে যোগদান কৰা শ্ৰীবৰগোঁহায়ে অইলৰ ভূবিজ্ঞান আৰু তৈলাশয় শাখাৰ মুখ্য মহা-প্ৰৱন্ধক হিচাপে কাৰ্যনিৰ্বাহ কৰিছ...

December 18, 2024 1:47 PM

views 25

আজিৰে পৰা ৬ দিনীয়া কাৰ্যসূচীৰে পঞ্চম বার্ষিক ঢকুৱাখনা গ্রন্থমেলা

পঞ্চম বার্ষিক ঢকুৱাখনা গ্রন্থমেলা আজিৰে পৰা ৬ দিনীয়া কাৰ্যসূচীৰে ২৩ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব। গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি গ্ৰন্থ উন্মোচনৰ লগতে চিত্রাংকন, কবিতা আবৃত্তি, কুইজ আদি বিভিন্ন প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। এই গ্ৰন্থমেলাত কেৰিয়াৰ সজাগতা অনুষ্ঠান, চিত্ৰ আৰু ভাস্কর্য শিল্পীৰ সৈতে আলাপ, সংবাদ...