December 26, 2024 6:38 PM

views 15

ভাৰত মণ্ডপমত আয়োজিত বীৰ শিশু দিৱসৰ অনুষ্ঠানত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত বীৰ শিশু দিৱসৰ অনুষ্ঠানত অংশগ্রহণ কৰিব। শিশুসকলক দেশৰ ভৱিষ্যতৰ ভেটি হিচাপে সন্মান জনোৱাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তেওঁ লগতে এটা সমাবেশতো ভাষণ দিব। শ্ৰী মোদীয়ে শিখ ধর্মগুৰু গোবিন্দ সিঙৰ পুত্রদ্বয়ৰ সাহসিকতাৰ সোঁৱৰণত ...

December 26, 2024 6:32 PM

views 20

১৭ টি শিশুক প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ প্ৰদান ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত ৭ টা শিতানত ১৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৭ টি শিশুক তেওঁলোকৰ অসাধাৰণ সাফল্যৰ বাবে প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ প্ৰদান কৰে। কলা-সংস্কৃতি, সাহসিকতা, উদ্ভাৱন, বিজ্ঞান আৰু প্ৰযুক্তি, সমাজ সেৱা, ক্ৰীড়া আৰু পৰিবেশ ক্ষেত্ৰত লাভ কৰা...

December 26, 2024 1:15 PM

views 21

কাইলৈৰ পৰা পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ ৪১ সংখ্যক দ্বিবার্ষিক অধিৱেশন

পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ ৪১ সংখ্যক দ্বিবার্ষিক অধিৱেশন কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। মৰিয়নিৰ চেলেংহাটৰ ডামচাও তিলক গগৈ ক্ষেত্ৰত হ'বলগীয়া অধিৱেশনৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। অধিৱেশনস্থলীত গ্ৰন্থমেলা, খাদ্যমেলা আৰু আহোম যুগৰ ঐতিহাসিক সামগ্ৰীসমূহৰ প্ৰদৰ্শনীস্থলী থাকিব।...

December 26, 2024 1:14 PM

views 16

সমগ্ৰ দেশজুৰি আজি বীৰ শিশু দিৱস উদযাপন

আজি বীৰ শিশু দিৱস। শিখসকলৰ ধৰ্মগুৰু গোবিন্দ সিঙৰ দুই বীৰ ছহিদ পুত্র বাবা ফার্টেই সিং আৰু জোৰাৱৰ সিঙৰ সোঁৱৰণত সমগ্ৰ দেশজুৰি এই দিৱস উদযাপন কৰা হৈছে। দেশৰ আন প্ৰান্তৰ লগতে অসমতো এই দিৱস পালন কৰা হৈছে। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত মিৰ্জাস্থিত আৰ বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বীৰ শি...

December 26, 2024 1:13 PM

views 24

কাইলৈৰ পৰা খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেল পথাৰত অসম গ্রন্থমেলা

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত কাইলৈৰ পৰা গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেল পথাৰত অসম গ্রন্থমেলা-২০২৪ অনুষ্ঠিত হ'ব। চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰৰ পৰিৱৰ্তে এইবেলি খানাপাৰালৈ এই গ্ৰন্থমেলা স্থানান্তৰিত কৰা হৈছে। আজি গুৱাহ...

December 26, 2024 1:11 PM

views 23

২০২৪ বৰ্ষৰ সমাপ্তি উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ বিশেষ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ইংৰাজী ২০২৪ বৰ্ষৰ সমাপ্তি উপলক্ষে কেইটামান বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। সেই অনুসৰি অহা ২৮ ডিচেম্বৰৰ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত সমাজৰ নিঃস্ব, আতৰ্জন আৰু অমাতৰ হৈ নীৰৱে কাম কৰি যোৱা তিনিগৰাকী ব্যক্তিৰ বছৰটোৰ সামৰণিৰ উপলব্ধি প্ৰচাৰ কৰা হ'ব। ৩১ ডিচেম্বৰ...

December 26, 2024 1:08 PM

views 26

অহা ৩১ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ পঞ্চম বার্ষিক পর্যটন উৎসৱৰ আয়োজন

ডিগবৈৰ সমীপৰ দিহিং বনাঞ্চলৰ কাষত নাজিৰাটিং তামুলীগাঁৱত অহা ৩১ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ পঞ্চম বার্ষিক পর্যটন উৎসৱৰ আয়োজন কৰা হৈছে। গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ লক্ষ্যৰে আয়োজন কৰা এই পৰ্যটন উৎসৱত এশটা আত্মসহায়ক গোটৰ এহেজাৰ মহিলাই থলুৱা সামগ্ৰীৰ বিপণী মুকলি কৰিব। উৎসৱত লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়ো...

December 26, 2024 12:39 PM

views 29

উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা

বতৰৰ বতৰা– বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰিব যদিও দিনৰ ভাগত বতৰ ফৰকাল হৈ থাকিব। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ২৪.৯ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা আছিল ১৩ দশমিক ২ ডিগ্ৰী ছেলছিয়াছ। আজি গু...

December 26, 2024 12:37 PM

views 32

TET নিযুক্তি পৰীক্ষাত দশম শ্ৰেণী পৰ্যায়ৰ ১৫ নম্বৰৰ গণিতৰ প্ৰশ্ন অন্তৰ্ভুক্ত

TET নিযুক্তি পৰীক্ষাত দশম শ্ৰেণী পৰ্যায়ৰ ১৫ নম্বৰৰ গণিতৰ প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হ'ব। TET নিযুক্তি পৰীক্ষাত আন প্ৰশ্নৰ লগতে গণিতৰ প্ৰশ্নও অন্তৰ্ভুক্ত কৰা হ'ব বুলি নতুন পাঠ্যক্ৰম প্ৰকাশ কৰাৰ পাছতে প্ৰাৰ্থীসকলৰ মাজত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ উত্তৰত কালি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এইদৰে প্ৰকাশ কৰে ।...

December 26, 2024 12:35 PM

views 18

সু-প্রশাসন সপ্তাহৰ সামৰণি উপলক্ষে তিনিচুকীয়া জিলাত বিশেষ কৰ্মশালাৰ অনুষ্ঠিত

১৯ ডিচেম্বৰৰ পৰা চলি থকা সু-প্রশাসন সপ্তাহৰ সামৰণি উপলক্ষে কালি তিনিচুকীয়া জিলাত এখন বিশেষ কৰ্মশালাৰ অনুষ্ঠিত হয়। কর্মশালাত উপস্থিত থাকি জিলা উন্নয়ন আয়ুক্ত পবিত্ৰ কুমাৰ দাসে কয়, যে কেন্দ্ৰীয় চৰকাৰে প্ৰশাসনক ৰাইজৰ অধিক ওচৰ চপাই নিয়াৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰিছে। এইবাৰৰ এই কাৰ্যসূচীৰ মূল বিষয...