December 27, 2024 7:06 PM

views 16

য়েমেনৰত হুটি বিদ্ৰোহীয়ে আটক কৰা ৰাষ্ট্ৰসংঘৰ ১৩গৰাকী কৰ্মচাৰীৰ মুক্তি সন্দৰ্ভত আলোচনা সম্পূৰ্ণ

বিশ্ব স্বাস্থ্য সংস্থা WHO ৰ সঞ্চালক প্রধান টেড্ৰোছ অধোনম ঘেব্ৰেয়ছছে য়েমেনৰ ৰাজধানী ছনাত হুটি বিদ্ৰোহীয়ে আটক কৰা ৰাষ্ট্ৰসংঘৰ ১৩ গৰাকী কৰ্মচাৰীৰ মুক্তি সন্দৰ্ভত আলোচনা সম্পূৰ্ণ হোৱা বুলি প্ৰকাশ কৰিছে। শ্রীঘেব্রেয়ছছে সামাজিক মাধ্যমযোগে কৈছে, যে বিশ্ব স্বাস্থ্য সংস্থাই আটক কৰা লোককেইজনক শীঘ্ৰে মুকল...

December 27, 2024 7:04 PM

views 17

আজমেৰত চুফী সন্ত হজৰত খাজা মইনুদ্দিন চিষ্টিৰ ৮১৩ সংখ্যক উৰুছৰ প্ৰস্তুতি আৰম্ভ

ৰাজস্থানৰ আজমেৰত চুফী সন্ত হজৰত খাজা মইনুদ্দিন চিষ্টিৰ ৮১৩ সংখ্যক উৰুছৰ প্ৰস্তুতি আৰম্ভ হৈছে। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে সামাজিক মাধ্যমযোগে এইকথা প্ৰকাশ কৰিছে। মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, শনিবাৰে আজমেৰৰ দৰগাহত চাদৰ আগবঢ়োৱা পৰম্পৰা সম্পন্ন হ'ব।

December 27, 2024 7:00 PM

views 14

কাইলৈ পুৱা ৯.৩০ বজাত প্ৰাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ অন্তিম যাত্ৰা

নতুন দিল্লীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা কাইলৈ পুৱা চাৰে ন বজাত প্ৰাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ অন্তিম যাত্ৰা আৰম্ভ হ'ব। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে প্রাক্তন প্রধানমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ আজি তেওঁৰ দিল্লীৰ বাসগৃহত জনসাধা...

December 27, 2024 6:37 PM

views 18

ছাব্‌ জুনিয়ৰ ৰাষ্ট্ৰীয় ছেপাকটাক্ৰ’ চেম্পিয়নশ্বিপত অসমৰ ছোৱালী দলৰ সোণৰ পদক অৰ্জন

কেৰালাত অনুষ্ঠিত ২৭ সংখ্যক ছাব্‌ জুনিয়ৰ ৰাষ্ট্ৰীয় ছেপাকটাক্ৰ' চেম্পিয়নশ্বিপত অসমৰ ছোৱালী দলে সোণৰ পদক অৰ্জন কৰিছে। কালি অনুষ্ঠিত কোৱাড ইভেণ্টৰ ফাইনেলত অসমে মণিপুৰক ২-১ ছেটত পৰাস্ত কৰে। ছেমি ফাইনেলত অসমে মণিপুৰক পৰাস্ত কৰিছিল। আনহাতে, ছোৱালী দলটোৱে দলগত শাখাত ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সমৰ্থ হয়। প্ৰত...

December 27, 2024 6:19 PM

views 13

কলিয়াবৰত নৰখাদক বাঘ ধৰাৰ বাবে বন বিভাগৰ অভিযান আৰম্ভ

যোৱা শনিবাৰে কলিয়াবৰ চাহ বাগিচাৰ এজন শ্রমিক বাঘৰ আক্ৰমণত নিহত হোৱাৰ পাছত বন বিভাগে এই নৰখাদক বাঘটো ধৰাৰ বাবে অভিযান আৰম্ভ কৰিছে। শালনা সংমণ্ডলৰ বনাঞ্চলিক বিষয়াগৰাকীৰ উদ্ধৃতি দি আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে বন বিভাগে বনাঞ্চলৰ সমীপত এটা পিঞ্জৰা স্থাপন কৰিছে আৰু বাঘটোৰ গতি-বিধি নিৰীক্ষণৰ ব্যৱস্থা...

December 27, 2024 6:16 PM

views 13

পথ দুৰ্ঘটনাত নিহত বেৰী থমছন নামৰ পর্যটকগৰাকীৰ অন্তিম সংস্কাৰ সম্পন্ন

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা মটৰ চাইকেলেৰে বিশ্ব ভ্ৰমণলৈ অহাৰ বাটত লামডিঙৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাত নিহত বেৰী থমছন নামৰ মহিলা পর্যটকগৰাকীৰ অন্তিম সংস্কাৰ আজি নগাঁও চিকিৎসা মহাবিদ্যালয়ত সম্পন্ন কৰা হয়। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে মার্কিন নাগৰিকগৰাকীৰ মৃতদেহ আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুযায়ী যোৱা এস...

December 27, 2024 6:12 PM

views 14

সংস্কৃতিৰ একনিষ্ঠ সাধক দুৰ্গেশ্বৰ সোণোৱাললৈ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান

গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৃতিত সদৌ অসম ছাত্ৰ সন্থাই প্ৰৱৰ্তন কৰা প্ৰতিমা বৰুৱা পাণ্ডে বঁটা আজি লোক সংস্কৃতিৰ একনিষ্ঠ সাধক দুৰ্গেশ্বৰ সোণোৱালক প্ৰদান কৰা হয়। আজি গুৱাহাটীৰ চানমাৰিৰ প্ৰতিমা বৰুৱা পাণ্ডে উদ্যানত আয়োজিত এটা গাম্ভীর্যপূর্ণ অনুষ্ঠানত ছাত্ৰসন্থাৰ মুখ্য উপদেষ্...

December 27, 2024 6:06 PM

views 24

গুৱাহাটীৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আজিৰে পৰা অসম গ্ৰন্থমেলা আৰম্ভ

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক তথা বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত অসম গ্ৰন্থমেলা আজিৰে পৰা অনুষ্ঠিত হৈছে। শিক্ষামন্ত্রী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে আজি আবেলি এই গ্রন্থমেলাৰ দ্বাৰ মুকলি কৰে। অহা ৭ জানুৱাৰীলৈ ১২ দ...

December 27, 2024 5:58 PM

views 14

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বিভিন্ন অঞ্চলত পাতলীয়া বৰষুণ

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বিভিন্ন অঞ্চলত আজি পুৱাৰ ভাগত পাতলীয়া বৰষুণ হয়। অৱশ্যে কুঁৱলীৰ বাবে মহানগৰখনৰ দৃশ্যমানতা হ্ৰাস পায়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজি পুৱা ৮ বজাত চফদজং ষ্টেচনত সর্বনিম্ন তাপমাত্রা ১১ দশমিক ৪ ডিগ্রী ছেলচিয়াছ ৰেকৰ্ড কৰা হয়। বতৰ বিজ্ঞান বিভাগে দিল্লীত কাইলৈও ধুম...

December 27, 2024 5:55 PM

views 13

মেলবর্নত টেষ্টৰ দ্বিতীয় দিনৰ সামৰণিত অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছত ৪৭৪ ৰান

মেলবর্নত অনুষ্ঠিত চতুর্থ টেষ্টৰ আজি দ্বিতীয় দিনাৰ সামৰণিত অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ ৪৭৪ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে ৫ উইকেটৰ বিনিময়ত ১৬৪ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ অপেনাৰ যশস্বী জয়ছোৱালে ৮২ ৰান সংগ্ৰহ কৰে। দিনান্তত ভাৰতৰ ঋষভ পণ্টে ৬ আৰু ৰবীন্দ্ৰ জাদেজাই ৪ ৰান কৰি খেলি আছে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই ক...