January 2, 2025 6:33 PM

views 17

চানডুবি মহোৎসৱৰ আজি দ্বিতীয় দিনাও অগণন লোকৰ সমাগম

চানডুবিত কালিৰে পৰা জনগোষ্ঠীয় খাদ্য সম্ভাৰ, থলুৱা হস্ততাঁত বস্ত্ৰ আৰু বিভিন্ন খেল-ধেমালিৰে পঞ্চদশ চানডুবি মহোৎসৱ অনুষ্ঠিত হৈছে। অহা ৫ জানুৱাৰী পৰ্যন্ত চলিবলগীয়া মহোৎসৱৰ আজি দ্বিতীয় দিনাও অগণন লোকৰ সমাগম হৈছে। সদৌ ৰাভা ছাত্ৰ সন্থাৰ বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজিত এই মহোৎসৱৰ জৰিয়তে...

January 2, 2025 6:32 PM

views 14

গুৱাহাটী মহানগৰীৰ খাৰঘূলিৰ নামঘৰ পথত পানীৰ পাইপ ফুটি বিস্তীর্ণ অঞ্চল জলমগ্ন

গুৱাহাটী মহানগৰীৰ খাৰঘূলিৰ নামঘৰ পথত আজি পুৱা পানীৰ পাইপ ফুটি বিস্তীর্ণ অঞ্চল আকস্মিকভাৱে জলমগ্ন হৈ পৰাৰ ফলত জনসাধাৰণ ভীষণ সমস্যাৰ সন্মুখীন হয়। বহু সময় ধৰি অঞ্চলটোৰে যাতায়াত ব্যাহত হয়। জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আজি খাৰঘূলিত উপস্থিত হৈ এ...

January 2, 2025 6:30 PM

views 20

হস্তী গণনাৰ তথ্য অনুসৰি ৰাজ্যখনত হাতীৰ সংখ্যা ৫,৮২৮লৈ বৃদ্ধি

ৰাজ্যৰ বন বিভাগে বিগত বছৰত কৰা হস্তী গণনাৰ তথ্য অনুসৰি ৰাজ্যখনত হাতীৰ সংখ্যা ৫,৮২৮লৈ বৃদ্ধি হৈছে। মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে প্ৰকাশ কৰি বন বিভাগৰ এই কৃতিত্বৰ বাবে শলাগ লয়। তেওঁ কয়, যে পূর্বে হাতীৰ সংখ্যা ৫,৭১৯ আছিল। এইবাৰৰ পিয়ল অনুসৰি মুঠ হাতীৰ ৩৬ শতাংশ প্রাপ্তবয়স্ক মাখুন্...

January 2, 2025 4:49 PM

views 32

হকী ইণ্ডিয়া লীগত নিশা ৮ বাজি ১৫ মিনিটত চুমা হকী ক্লাব উত্তৰ প্ৰদেশ ৰুদ্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ

হকী ইণ্ডিয়া লীগত আজি ৰুৰকেলাৰ বীৰচামুণ্ডা হকী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চুমা হকী ক্লাবে উত্তৰ প্ৰদেশ ৰুদ্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নিশা ৮ বাজি ১৫ মিনিটত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাৰ যোৱানিশা অনুষ্ঠিত এখন খেলত শ্রাচী ৰাৰ বেংগল টাইগাৰে টীম গোনাচিকাক ২-১ ৰ ব্যৱধানত পৰাস্ত কৰে। বেংগল ...

January 2, 2025 4:47 PM

views 28

পাকিস্তানত ৩ টা পৃথক সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাত এটি শিশুকে ধৰি তিনিজন লোকৰ মৃত্যু, ১১ জন আহত

পাকিস্তানৰ অশান্তিজৰ্জৰ উত্তৰ-পশ্চিম অঞ্চলত কালি তিনিটা পৃথক সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাত এটি শিশুকে ধৰি তিনিজন লোকৰ মৃত্যু হোৱাৰ উপৰি ১১ জন আহত হয়। দেশখনৰ খাইবাৰ পাখটুনখোৱাৰ ডেৰা ইছমাইলখান জিলাৰ ডাৰাবান এলেকাত অচিনাক্ত দুৰ্বৃত্তই এটা আৰক্ষী চকীত চলোৱা আক্ৰমণত এজন আৰক্ষী কনিষ্টবল আৰু এজন শ্রমিক নিহত ...

January 2, 2025 4:43 PM

views 25

দুদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীত উপস্থিত আকাশবাণীৰ সঞ্চালকপ্ৰধান প্ৰজ্ঞা পালিৱাল

আকাশবাণীৰ সঞ্চালকপ্ৰধান শ্ৰীমতী প্ৰজ্ঞা পালিৱাল গৌড় দুদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হৈছে। তেওঁ আজি গুৱাহাটীত আকাশবাণী আৰু দূৰদৰ্শনৰ বিষয়াবৰ্গৰ সৈতে মাধ্যম দুটাৰ কাম- কাজৰ পৰ্যালোচনা কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কাইলৈ গুৱাহাটীৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে কোকৰাঝাৰৰ নতুন ...

January 2, 2025 4:40 PM

views 25

গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত এখন নতুন জন শতাব্দী এক্সপ্ৰেছ প্ৰৱৰ্তনৰ সিদ্ধান্ত ভাৰতীয় ৰে’লৱেৰ

ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ সৈতে গুৱাহাটীৰ ৰে'ল যোগাযোগ অধিক সুচল কৰাৰ বাবে ভাৰতীয় ৰে'লৱেই গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত এখন নতুন জন শতাব্দী এক্সপ্ৰেছ প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছে। ৰে’ল বিভাগৰ সূত্ৰই জনোৱা মতে, সপ্তাহত দুবাৰকৈ চলাচল কৰিবলগীয়া এই ৰে'লগাড়ীখনে পুৱা ৯ বাজি ৫০ মিনিটত গুৱাহাটীৰ পৰা যাত্ৰা আৰ...

January 2, 2025 4:29 PM

views 16

কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীত কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰী মোদীয়ে অশোক বিহাৰত প্ৰায় এহেজাৰ ৭০০টা নৱনিৰ্মিত ফ্লেট উদ্বোধন কৰি হিতাধিকাৰীসকলক ফ্লেটৰ চাবি প্ৰদান কৰিব। বস্তি অঞ্চলৰ লোকৰ পুনৰ সংস্থাপন প্ৰকল্পৰ অধীনত দিল্লী উন্নয়ন প্ৰাধিকৰণৰ দ...

January 2, 2025 4:27 PM

views 28

এ আই এম আই এমৰ সভাপতি আশাদুদ্দিন ৱেইচিয়ে উপাসনাস্থলী আইন, ১৯৯১ কাৰ্যকৰী সন্দৰ্ভত দাখিল কৰা আবেদন সংলগ্নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে আজি এ আই এম আই এমৰ সভাপতি আশাদুদ্দিন ৱেইচিয়ে উপাসনাস্থলী আইন, ১৯৯১ কাৰ্যকৰী কৰা সন্দৰ্ভত দাখিল কৰা আবেদন সংলগ্ন কৰাৰ বাবে নিৰ্দেশ দিছে। ১৯৯১ চনৰ এই আইনখনে ১৯৪৭ চনৰ ১৫ আগষ্ট পর্যন্ত প্রচলিত ব্যৱস্থাৰ পৰিৱৰ্তন বিচাৰি উপাসনাস্থলী পুনৰুদ্ধাৰ কৰাৰ ক্ষেত্ৰত গোচৰ ৰুজু কৰিবলৈ নিষেধাজ্ঞা ...

January 2, 2025 4:22 PM

views 15

ONDC-এ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সৱলীকৰণ আৰু ই-বাণিজ্যৰ বৈপ্লৱিক পৰিৱৰ্তন সাধনৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছেঃ প্রধানমন্ত্ৰী

ডিজিটেল বাণিজ্যৰ বাবে মুকলি নেটৱৰ্ক ব্যৱস্থা অর্থাৎ ONDC-এ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সৱলীকৰণ আৰু ই-বাণিজ্যৰ বৈপ্লৱিক পৰিৱৰ্তন সাধনৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয়, যে দেশৰ বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত ই নির্ণায়ক ভূমিকা গ্ৰহণ কৰিছে। বাণ...