January 7, 2025 8:35 PM

views 35

বড়ো আন্দোলনৰ হোতা ডেৰহাগ্ৰা মুছাহাৰীৰ স্মৃতিত কালাঝাৰাস্থিত বাসগৃহত স্মৃতিচাৰণ সভা অনুষ্ঠিত

তামুলপুৰৰ প্ৰাক্তন বিধায়ক তথা বড়ো আন্দোলনৰ হোতা ডেৰহাগ্ৰা মুছাহাৰীৰ স্মৃতিত আজি কালাঝাৰাত থকা তেওঁৰ বাসগৃহত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সভাত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে গোছোখাংথি বিজাব নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰে। বিটিআৰ চৰকাৰৰ...

January 7, 2025 8:32 PM

views 25

১২ দিনীয়া অসম গ্ৰন্থমেলাৰ আজি সামৰণি

সাহিত্য-সংস্কৃতি-ভাষা-ইতিহাস আদিকে ধৰি এলানি বৰ্ণিল কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত ১২ দিনীয়া অসম গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত অনুষ্ঠিত এই গ্রন্থমেলাত প্রায় ৭ কোটি টকাৰ কিতাপ বিক্ৰী হ...

January 7, 2025 8:10 PM

views 43

ৰাজ্যত ভোগালী বিহুৰ প্রস্তুতি আৰম্ভ

ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষ প্রস্তুতি আৰম্ভ হৈছে। সৰুপথাৰ সমজিলাত অসম ৰাজ্যিক জীৱিকা অভিযানৰ উদ্যোগত চেৱাগুৰি সাধনী উদ্যানত আজিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে অসমী ভোগালী মেলাৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী ৰূপেশ গোৱালাই উদ্বোধন...

January 7, 2025 8:04 PM

views 34

জালুকবাৰী উৰণসেতুৰ সমীপত ন’ বাছ ষ্টপ, ন’ পার্কিং আৰু ন’ ভেণ্ডিং জ’ন ঘোষণা মহানগৰ জিলা প্ৰশাসনৰ

কামৰূপ মহানগৰ জিলা প্ৰশাসনে জালুকবাৰী উৰণসেতুৰ সমীপত হোৱা অস্বাভাৱিক যান-জঁট দূৰ কৰাৰ বাবে এই সমগ্ৰ অঞ্চলটো ন’ বাছ ষ্টপ, ন' পার্কিং আৰু ন’ ভেণ্ডিং জ’ন হিচাপে ঘোষণা কৰিছে। অতিৰিক্ত জিলা দণ্ডাধীশ ড° জীৱন কৃষ্ণ গোস্বামীয়ে আজি এই মৰ্মে জাৰি কৰা এটা নিৰ্দেশনা অনুসৰি জালুকবাৰী উৰণ সেতুৰ ওপৰত সকলোধৰণৰ অকর...

January 7, 2025 1:48 PM

views 65

সুমন্ত চলিহাৰ সভাপতিত্বত আজি অসম গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠান

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব। ২৭ ডিচেম্বৰৰ পৰা ১২ দিনীয়াকৈ অনুষ্ঠিত গ্ৰন্থমেলাৰ বাকৰিত আজিও পুৱাৰে পৰা বহু লোকৰ সমাগম হৈছে। আজি অন্তিম দিনা বিয়লি হ'বলগীয়া সামৰ...

January 7, 2025 1:46 PM

views 26

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত দেশৰ অন্যতম ২০ টা প্ৰকল্পৰ ভিতৰত ত্ৰিতিক্ষা শ‍ইকীয়াৰ প্ৰকল্পটো অন্তৰ্ভুক্ত

মধ্যপ্ৰদেশৰ ভূপালত কালি সামৰণি পৰা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অসম দলক প্রতিনিধিত্ব কৰা শিশু বিজ্ঞানী ত্ৰিতিক্ষা শ‍ইকীয়াৰ প্ৰকল্পটো দেশৰ অন্যতম ২০ টা প্ৰকল্পৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই এই বিষয়ে প্ৰকাশ কৰে। তেজপুৰৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰী ...

January 7, 2025 1:43 PM

views 24

আজি পুৱা ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত

আজি পুৱা প্ৰায় ৬ বাজি ৩৭ মিনিটত এটা ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ভূমিকম্পৰ উৎপত্তিৰ স্থল নেপালৰ কাঠমাণ্ডুৰ পৰা প্ৰায় ২৮০ কিলোমিটাৰ উত্তৰ দিশত আৰু মাউণ্ট এভাৰেষ্টৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰত্বত বুলি জানিব পৰা গৈছে। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্রাবল্য ৭ দশমিক ১ বুলি প্ৰকাশ কৰা হৈছে। নেপালৰ লবুছেৰ...

January 7, 2025 1:41 PM

views 13

প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ দ্বিতীয় দিনা ডাঃ ৰণোজ পেগুৰ লখিমপুৰ জিলা পৰিদৰ্শন

ৰাজ্যত কালি আৰম্ভ হোৱা চলিত বছৰৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ আজি দ্বিতীয় দিনা শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে লখিমপুৰ জিলাৰ পদ্মনাথ গোহাঁইবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি কাৰ্যসূচীৰ বুজ লয়। ১১ খন জিলাত হোৱা এই কাৰ্যসূচীৰ অংশ হিচাপে আজি বহিঃমূল্যায়ন কৰা হৈছে। ৭ ফেব্ৰুৱাৰীলৈ তিনিটা পৰ্যায়ত হ'...

January 7, 2025 1:40 PM

views 18

উমৰাংছ’ত কয়লাখনিত ৯ জন শ্রমিকক উদ্ধাৰৰ বাবে নৌ সেনাৰ ডুবাৰু নিয়োজিত

 ডিমাহাচাও জিলাৰ উমৰাংছ’ত ৩০০ ফুট দ’ এটা কয়লাখনিত দ্রুতগতিত পানী সোমোৱাৰ ফলত আৱদ্ধ হৈ পৰা কমেও ৯ জন শ্রমিকক উদ্ধাৰৰ বাবে নৌ সেনাৰ ডুবাৰু নিয়োজিত কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি এই ঘটনাৰ বিষয়ে প্ৰকাশ কৰি কয়, যে দলটোৱে কৰা অনুমান অনুসৰি খনিটোৰ ভিতৰত পানী প্ৰায় ১০০ ফুটলৈ বৃদ্ধি ...

January 7, 2025 1:21 PM

views 39

মাজুলীত ১০ জানুৱাৰীৰ পৰা ৩ দিনীয়াকৈ দিবা-নৈশ টেনিছ বল ক্রিকেট প্রতিযোগিতা

মাজুলীৰ বনগাঁও টাউন ক্লাবৰ উদ্যোগত অহা ১০ জানুৱাৰীৰ পৰা ৩ দিনীয়াকৈ এখন দিবা-নৈশ টেনিছ বল ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখনৰ চূড়ান্ত বিজয়ীলৈ ট্ৰফীসহ নগদ এক লাখ টকাৰ পুৰস্কাৰ আগবঢ়োৱাৰ লগতে বিজেতা দলক ট্ৰফীসহ নগদ ৭০ হাজাৰ টকা প্ৰদান কৰা হ'ব। আনহাতে মেন অব দ্যা ছিৰিজলৈ ১০ হাজাৰ টকা আৰু...