January 11, 2025 1:34 PM

views 6

ৰাজ্যত পঞ্চায়ত নির্বাচন হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ পাছতহে পাতিব পৰা হ’বঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি দেখা দিয়া অচলাৱস্থা বৰ্তমানেও অব্যাহত আছে। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হোৱা বিভিন্ন গোচৰক লৈ যোৱা কেইবাদিনো ধৰি শুনানি গ্ৰহণ কৰাৰ পাছত কালিৰ দিনটোত আদালতে এই বিষয়ে ৰায়দান কৰিব বুলি আশা কৰা হৈছিল। সেয়া হ'লেও আদালতে কালি ৰায়দানৰ পৰা বিৰত থকাত অ...

January 11, 2025 1:33 PM

views 15

বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিৱেশনৰ আজি তৃতীয় দিনাৰ কাৰ্যসূচীত শিল্পী-সাহিত্যিকক বঁটা প্ৰদান অনুষ্ঠান

ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমুনগৰ সমন্বয় ক্ষেত্ৰত বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিৱেশনৰ আজি তৃতীয় দিনাৰ কাৰ্যসূচীত বড়ো সাহিত্য সভাৰ প্রয়াত কাণ্ডাৰীসকলক স্মৰণ কৰি শ্রদ্ধাঞ্জলি তৰ্পণৰ লগতে সম্বৰ্ধনা আৰু শিল্পী-সাহিত্যিকক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ১০খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ ল...

January 11, 2025 1:32 PM

views 75

ৰাজ্যজুৰি ভোগালী বিহুৰ ব্যাপক প্রস্তুতি, ভোগালী মেলাৰ আয়োজন

ভোগালী বিহুলৈ মাজত মাথো ২টা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি বিহুৰ ব্যাপক প্রস্তুতি পৰিলক্ষিত হৈছে। জীয়ৰী-বোৱাৰীসকল পিঠা-পনা, সুস্বাদু বিহুৰ জলপানকে ধৰি উপাদেয় সামগ্ৰী প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰাৰ বিপৰীতে ডেকাসকলে মেজি, ভেলাঘৰ সাজি উলিয়াইছে। ভোগালী বিহুৰ উৰুকাৰ বতৰত ৰাজ্যৰ অন্যান্য বজাৰৰ লগতে দৰং জ...

January 11, 2025 1:30 PM

views 12

উৰুকাৰ দিনটো চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰাৰ আহ্বান সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু অসম কলেজ শিক্ষক সংস্থাৰ

ৰাজ্যজুৰি ভোগালী বিহুৰ ব্যাপক প্রস্তুতি পৰিলক্ষিত হৈছে। ভোগালী বিহুৰ উৰুকাৰ দিনটো  চৰকাৰী বন্ধৰ তালিকাত সীমিত বন্ধৰ দিন হিচাপে আছে। যাৰ পৰিপ্ৰেক্ষিতত কার্যালয় বা বিদ্যালয়সমূহ খোলা থাকিব। সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু অসম কলেজ শিক্ষক সংস্থাই সকলোৰে সুবিধা হোৱাকৈ উৰুকাৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে ঘো...

January 11, 2025 1:29 PM

views 14

আকাশবাণী গুৱাহাটীত আজি নিশা ৮ বাজি ২ মিনিটত বিশেষ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সম্পৰ্কত শ্ৰোতাসকলে WHATSAPP NO. ৯৮৬৪০-৫৫৫৬৬ যোগে দিয়া অভিযোগ আৰু পৰামৰ্শৰ উত্তৰ দিয়া হ'ব। অনুষ্ঠানটোত ভাগ ল'ব বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিৱেশিকা অৰুণিমা গোস্...

January 11, 2025 1:27 PM

views 15

অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰাত অহা ২৪ ঘণ্টাত ঘন কুঁৱলীৰ লগতে বতৰ ফৰকাল থাকিব

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠায়ে ঠায়ে ঘন কুঁৱলী পৰাৰ লগতে বতৰ ঘাইকৈ ফৰকাল হৈ থাকিব বুলি আগলি বতৰা জাৰি কৰিছে। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু দাঁতিকাষৰীয়া অঞ্চলসমূহত প...

January 11, 2025 1:24 PM

views 10

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ কাম-কাজৰ পর্যালোচনাৰে মন্ত্ৰী অশোক সিংহলৰ বৈঠক

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে কালি ডিব্ৰুগড়ত জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। মন্ত্রীগৰাকীয়ে ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগৰ কাম-কাজ সবিস্তাৰে পৰ্যালোচনা কৰে। এই পর্যালোচনা বৈঠকত জিলাকেইখনৰ আয়ুক্তসকলৰ উপৰি স্ব...

January 11, 2025 12:25 PM

views 14

নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিকশিত ভাৰত যুৱ নেতা বৈঠকত কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ৩ হাজাৰ যুৱ নেতাৰে বাৰ্তালাপ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে কাইলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিকশিত ভাৰত যুৱ নেতা বৈঠকত অংশগ্ৰহণ কৰিব। ভাৰতৰ মহান আধ্যাত্মিক নেতা তথা যুৱ আইকন স্বামী বিবেকানন্দৰ জন্মবার্ষিকী উপলক্ষে ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয়। এই বৈঠকত প্রধানমন্ত্রী মোদীয়ে সমগ্ৰ দেশৰ ৩ হাজাৰ সক্...

January 11, 2025 12:24 PM

views 20

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কালি ৯গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল; ১৭ জানুৱাৰী মনোনয়ন দাখিলৰ অন্তিম দিন

৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পাছতে মনোনয়ন প্রক্রিয়া কালি আৰম্ভ হয়। মনোনয়নৰ কালি প্ৰথম দিনা বিভিন্ন বিধানসভা সমষ্টিৰ ৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰে। অহা ১৭ জানুৱাৰী মনোনয়ন দাখিলৰ অন্তিম দিন। ইফালে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে নিজ...

January 11, 2025 12:22 PM

views 8

চীনে তিব্বতত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ কৰাৰ তথ্য প্ৰকাশ পোৱাৰ পাছতে অৰুণাচলৰ চিয়াং নদীত বহুমুখী প্রকল্প নিৰ্মাণৰ গুৰুত্ব বৃদ্ধি

চীনে তিব্বতত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ কৰাৰ তথ্য প্ৰকাশ পোৱাৰ পাছতে অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলাৰ চিয়াং নদীত বহুমুখী প্রকল্প নিৰ্মাণৰ গুৰুত্ব বৃদ্ধি পাইছে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৱে কালি পশ্চিম চিয়াং জিলাৰ আল’ত গালো কল্যাণ সমাজৰ ৰূপালী জয়ন্তী উদযাপনৰ উদ্বোধনী অনুষ্ঠিত ...