January 17, 2025 11:15 AM

views 18

ৰাজ্যৰ ১৪খন জিলাত চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আজিৰে পৰা আৰম্ভ

ৰাজ্যৰ ১৪খন জিলাত চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আজিৰে পৰা ২২ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব। দ্বিতীয় পৰ্যায়ত হ'বলগীয়া জিলাকেইখন ক্রমে বাক্সা, চৰাইদেউ, চিৰাং, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি হোজাই, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া আৰু কাৰ্বি আংলং। আজি আটাইকেইখন জিলাতে গু...

January 17, 2025 11:12 AM

views 17

মহিলাৰ ২৩ বছৰ অনুৰ্দ্ধৰ সৰ্বভাৰতীয় টি-২০ ক্রিকেট প্রতিযোগিতাত অসম কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

অসমে ত্রিবান্দ্রমত অনুষ্ঠিত মহিলাৰ ২৩ বছৰ অনুৰ্দ্ধৰ সৰ্বভাৰতীয় টি-২০ ক্রিকেট প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অসমে কালি ত্রিবান্দ্ৰমৰ ছেইণ্ট জেভিয়াৰ্ছ কে চি এ ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত এখন খেলত বিদর্ভক ৩ উইকেটত পৰাস্ত কৰে। খেলখনত বিদৰ্ভই প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰ...

January 17, 2025 11:06 AM

views 18

অসম প্রদেশ বিজেপিৰ পৰৱৰ্ত্তী সভাপতিৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা

অসম প্রদেশ বিজেপিৰ পৰৱৰ্ত্তী সভাপতিৰ নাম আজি দুপৰীয়া বিজেপি দলে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব। দৰং-ওদালগুৰি জিলাৰ সাংসদ তথা কেন্দ্ৰীয় বিজেপিৰ প্ৰাক্তন সাধাৰণ সম্পাদক দিলীপ শ‍ইকীয়াই ৰাজ্যিক বিজেপিৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হোৱাটো প্ৰায় নিশ্চিত হৈছে। কালি সন্ধিয়া বিজেপিৰ বিদায়ী ৰাজ্যিক সভাপতি ভৱ...

January 17, 2025 11:02 AM

views 13

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা শেষ হ’লেই ৰাজ্যত পঞ্চায়ত নিৰ্বাচন

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা শেষ হ'লেই ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। কালি মৰিগাঁৱত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে। তেওঁ কয়, যে উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ হোৱাৰ পিছদিনাই পঞ্চায়ত নিৰ্বাচনৰ অধিসূ...

January 17, 2025 10:47 AM

views 23

আই এছ এল ফুটবল প্রতিযোগিতাৰ পাঞ্জাৱ এফ চি আৰু মুম্বাই চিটীৰ মাজৰ কালিৰ খেলখন ১-১ গলত ড্র’

আই এছ এল ফুটবল প্রতিযোগিতাত কালি নিশা নতুন দিল্লীৰ জৱাহৰলাল নেহেৰু ষ্টেডিয়ামত পাঞ্জাৱ এফ চি আৰু মুম্বাই চিটীৰ মাজৰ খেলখন ১-১ গলত ড্র' হয়। প্রতিযোগিতাৰ পইণ্ট তালিকাত মুম্বাই চিটী এফ চি ২৪ পইণ্টেৰে ষষ্ঠ স্থানত আৰু পাঞ্জাৱ এফ চি ২০ পইণ্টেৰে অষ্টম স্থানত আছে। প্রতিযোগিতাত আজি জামছেদপুৰৰ জে আৰ ডি টাটা ...

January 17, 2025 10:44 AM

views 25

জনসাধাৰণৰ বাবে পথ সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ : কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰী

জনসাধাৰণৰ বাবে পথ সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰিছে। INDIAN ROADS@ 2030 : THE SAFE SPACE শীৰ্ষক পথ সুৰক্ষা বিষয়ক দ্বিতীয় ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোক...

January 17, 2025 10:41 AM

views 14

ৰাজস্থানৰ তিনিখন বিশ্ববিদ্যালয়ক ৫ বছৰৰ বাবে PHD শিক্ষাৰ্থীৰ নাম পঞ্জীয়নত নিষিদ্ধ

বিশ্ববিদ্যালয় অনুদান আয়োগে ৰাজস্থানৰ তিনিখন বিশ্ববিদ্যালয়ক ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ পৰা পৰৱৰ্তী ৫ বছৰৰ বাবে পি এইচ ডি শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন কৰাৰ পৰা বাৰণ কৰিছে। এই বিশ্ববিদ্যালয় ৩ খন হৈছে– OPJS বিশ্ববিদ্যালয়, ছানৰাইজ বিশ্ববিদ্যালয় আৰু ছিংঘানিয়া বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় কেইখনে পি এইচ ...

January 17, 2025 10:38 AM

views 22

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় তিনিদিনীয়া কাৰ্যসূচীৰে লাক্ষাদ্বীপলৈ ৰাওনা

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় আজি তিনিদিনীয়া কাৰ্যসূচীৰে লাক্ষাদ্বীপলৈ যাব। উপ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত শ্ৰীধনখড়ৰ এয়া হ'ব প্ৰথম লাক্ষাদ্বীপ ভ্রমণ। এই ভ্ৰমণৰ সময়ত শ্ৰীধনখড়ে এখন জনসভাত অংশগ্ৰহণ কৰাৰ লগতে কেইবাটাও প্রকল্প উদ্বোধন কৰিব। ইয়াৰ উপৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে বিভিন্ন আত্মসহা...

January 17, 2025 10:36 AM

views 15

মিদনাপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ উপাধ্যক্ষ আৰু অধীক্ষককে ধৰি ১২ গৰাকী চিকিৎসকক নিলম্বন

পশ্চিমবংগৰ পশ্চিম মেদিনীপুৰ জিলাৰ মিদনাপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এটি শিশু জন্ম দিয়াৰ পাছত মৃত্যু হোৱা মহিলাগৰাকীৰ অস্ত্ৰোপচাৰৰ সময়ত মানবিশিষ্ট কার্য সম্পাদন বিধি পালন নকৰাৰ অভিযোগত হাস্পতালখনৰ উপাধ্যক্ষ আৰু অধীক্ষককে ধৰি ১২ গৰাকী চিকিৎসকক নিলম্বন কৰা হৈছে। মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে কা...

January 17, 2025 10:32 AM

views 14

স্বামিত্ব আঁচনিৰ অধীনত কাইলৈ প্ৰধানমন্ত্ৰীয়ে ৬৫ লাখৰো অধিক সম্পত্তি কার্ড বিতৰণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ১০ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫০ হাজাৰৰো অধিক গাঁৱৰ সম্পত্তিৰ স্বত্বাধিকাৰীক স্বামিত্ব আঁচনিৰ অধীনত ৬৫ লাখৰো অধিক সম্পত্তি কার্ড বিতৰণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জৰীপৰ বাবে অত্যাধুনিক ড্রোণ প্ৰযুক্তিৰ মাধ্যমে...