January 21, 2025 8:34 PM

views 11

হাটশিঙিমাৰীত ভূমিকম্প আৰু অগ্নিকাণ্ডৰ সময়ত ল’বলগীয়া ব্যৱস্থা সন্দৰ্ভত ম’ক ড্রিল কাৰ্যসূচী

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত দক্ষিণ শালমাৰা মানকাচৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই আজি হাটশিঙিমাৰীত ভূমিকম্প আৰু অগ্নিকাণ্ডৰ সময়ত কিদৰে সহায় কৰিব সেই সন্দৰ্ভত এটা ম’ক ড্রিল কাৰ্যসূচী অনুষ্ঠিত কৰে। ইয়াৰ জৰিয়তে ভূমিকম্প আৰু অগ্নিকাণ্ডত আহত হোৱা লোকসকলক উদ্ধাৰ কৰা তথা দুৰ্...

January 21, 2025 8:33 PM

views 12

অসমৰ চাৰিনাম চৈধ্য প্ৰসংগৰে মুখৰিত প্ৰয়াগৰাজৰ মহাকুম্ভমেলা

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত বিশ্বাস আৰু সংস্কৃতিৰ মহাকুম্ভমেলাৰ বাকৰি আজি অসমৰ চাৰিনাম চৈধ্য প্ৰসংগৰে মুখৰিত হৈ পৰে। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনার্দন দেৱগোস্বামীৰ নেতৃত্বত কুম্ভমেলালৈ যোৱা সত্ৰাধিকাৰ তথা গায়ন-বায়নৰ দলটোৱে হৰিনামেৰে কুম্ভমেলাস্থলী মুখৰ কৰি তোলে। কুম্ভমেলাস্থলী...

January 21, 2025 8:31 PM

views 12

বিজনীৰ নৰ্থ-ইষ্ট মিলিটেৰী স্কুলৰ নতুন স্থায়ী চৌহদৰ লগতে ছাত্রাৱাস ইৰাকদাও ভৱন উদ্বোধন

বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে আজি চিৰাং জিলাৰ বিজনীৰ নিকটৱৰ্তী হাৱাৰ গাঁৱত অৱস্থিত নৰ্থ-ইষ্ট মিলিটেৰী স্কুলৰ নতুন স্থায়ী চৌহদৰ লগতে ছাত্রাবাস ইৰাকদাও ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত সভাত শ্ৰী বড়োৱে বিদ্যালয়খনে বিটিচিৰ লগতে উত্তৰ-পূবৰ বাবে যথেষ্ট সংখ্যক সেনা-বিষয়া...

January 21, 2025 8:30 PM

views 10

শিৱসাগৰৰ নামতিৰ ছহিদ পিয়লিফুকন মহাবিদ্যালয়ত ৪ দিনীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ

শিৱসাগৰ জিলাৰ নামতিৰ ছহিদ পিয়লিফুকন মহাবিদ্যালয়ত ৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ আজি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য ড০ জীতেন হাজৰিকাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানতে বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই যুৱ মহোৎসৱ উপলক্ষে প্ৰকাশ কৰা স্ম...

January 21, 2025 7:18 PM

views 12

ৰাজ্যৰ ১৩খন জিলাত ২য় পৰ্যায়ৰ গুণোৎসৱৰ বহিঃমূল্যায়নৰ আজি দ্বিতীয় দিন, গুৱাহাটীৰ দুখন বিদ্যালয়ত শিক্ষামন্ত্ৰী ৰণোজ পেগু

চলিত বছৰৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বহিঃমূল্যায়নৰ দ্বিতীয় দিনা আজি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটীৰ কাহিলিপাৰাৰ ফাগুনা ৰাভা উচ্চ মাধ্যমিক বিদ্যালয় আৰু লক্ষ্মীনাথ বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচীত ভাগ লয়। চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী উৰ...

January 21, 2025 7:10 PM

views 9

আই আই টি গুৱাহাটীত ‘পেন আই আই টি ৱৰ্ল্ড অৱ টেকন’লজি মীট-২০২৫’

ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান, আই আই টি গুৱাহাটীত আজি ‘পেন আই আই টি ৱৰ্ল্ড অৱ টেকন'লজি মীট, ২০২৫' শীর্ষক অনুষ্ঠান অনুষ্ঠিত হৈছে। প্ৰতিষ্ঠানটোৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ প্ৰচেষ্টাত প্রযুক্তিবিদ্যা সম্পৰ্কীয় এই সন্মিলনখন আজি পুৱা ৰাজ্য চৰকাৰৰ মুখ্য সচিব ড° ৰবি এছ কোটাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।...

January 21, 2025 7:09 PM

views 13

উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ পৰীক্ষাৰ অনলাইন প্ৰ-পত্ৰ পূৰণৰ বাবে ৩০ জানুৱাৰীলৈ পুনৰ প’ৰ্টেল মুকলি

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ পৰীক্ষাৰ অনলাইন প্ৰ-পত্ৰ পূৰণৰ বাবে কাইলৈৰ পৰা ৩০ জানুৱাৰীলৈ সংশ্লিষ্ট প’ৰ্টেল পুনৰ মুকলি কৰিব। পৰিষদে আজি এখন জাননীযোগে সকলো শিক্ষানুষ্ঠানৰ মুৰব্বীসকলক অনলাইন প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া ৩০ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। পৰ...

January 21, 2025 7:06 PM

views 8

জাগীৰোড-মৰিগাঁও সংযোগী পথৰ কপিলী নৈত নির্মীয়মাণ দলঙৰ কাম-কাজ পৰিদৰ্শন জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাৰ

জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই আজি জাগীৰোড-মৰিগাঁও সংযোগী পথৰ কপিলী নৈৰ ওপৰত নির্মীয়মাণ দলঙৰ কাম-কাজ পৰিদৰ্শন কৰে। তেওঁ লগতে দলংখনৰ কামসমূহ যাতে সুচাৰুৰূপে সম্পন্ন হয়, তাৰবাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়ে। জাগীৰোড আৰু মৰিগাঁওবাসীৰ যাতায়াত-যোগাযোগ ব্যৱস্থাৰ ...

January 21, 2025 7:04 PM

views 13

তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰ উদ্বোধন

সমাগত গণৰাজ্য দিৱস উপলক্ষে তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত আজি এটা ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰৰ শুভউদ্বোধন কৰা হয়। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে এই হস্তনির্মিত ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই অনুষ্ঠানতে দেশপ্রেমমূলক সংগীত...

January 21, 2025 7:03 PM

views 14

যোৰহাটত ‘উৎপাদনশীলতা বৃদ্ধি আৰু উত্তৰ-পূব ভাৰতত ভূমি অৱক্ষয় ৰোধৰ বাবে বহনক্ষম ভূমি ব্যৱস্থাপনা’ শীৰ্ষক প্রশিক্ষণ-কর্মশালা

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত আজিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে উৎপাদনশীলতা বৃদ্ধি আৰু উত্তৰ-পূব ভাৰতত ভূমি অৱক্ষয় ৰোধ কৰাৰ বাবে বহনক্ষম ভূমি ব্যৱস্থাপনা শীৰ্ষক এটা আঞ্চলিক পৰ্যায়ৰ প্রশিক্ষণ তথা কর্মশালা অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অধীনৰ ডেৰাডুনত অৱস্...