January 22, 2025 12:36 PM

views 14

অসমত ২০৩০ চনৰ ভিতৰত ৩ হাজাৰ মেগাৱাট নিকা শক্তি উৎপাদনৰ লক্ষ্যঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অসমে ২০৩০ চনৰ ভিতৰত ৩ হাজাৰ মেগাৱাট নিকা শক্তি উৎপাদন কৰাৰ লক্ষ্য স্থিৰ কৰিছে। দক্ষিণ কোৰিয়া ভ্ৰমণৰ কালি অন্তিম দিনা ছিউলত দেশখনৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ তথা ষ্টার্ট আপ মন্ত্ৰী ইয়ং জুক সাক্ষাৎ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীগৰাকীয়ে দক্ষিণ ...

January 22, 2025 12:34 PM

views 16

বেংগালুৰুত বিনিয়োগকাৰী সন্মিলনত মন্ত্ৰী অশোক সিংহলৰ অংশগ্ৰহণ, এডভাণ্টেজ আছামলৈ ব্যৱসায়ীসকলক আমন্ত্ৰণ

ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংহলে কালি বেংগালুৰুত এখন বিনিয়োগকাৰী সন্মিলনত অংশগ্ৰহণ কৰি অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে শীৰ্ষ ব্যৱসায়ীসকলক আমন্ত্রণ জনায়। এই সন্মিলনত মন্ত্রী সিংহলে ২০০তকৈও অধিক বিনিয়োগকাৰী, ব্যৱসায়িক নেত...

January 22, 2025 12:33 PM

views 8

দ্বীপৰাষ্ট্র ফেডাৰেটেড ষ্টেট্‌ছ অৱ মাইক্ৰ’নেছিয়া ভ্ৰমণ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

পশ্চিম প্রশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্র ফেডাৰেটেড ষ্টেট্‌ছ অব্ মাইক্ৰ’নেছিয়া চমুকৈ এফ এছ এম ভ্ৰমণৰত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই গণৰাজ্যখনৰ ৰাষ্ট্ৰপতিয়ে আয়োজন কৰা অভ্যর্থনাত অংশ লৈ অসমৰ বড়ো জনগোষ্ঠীৰ হস্ততাঁত শিল্পৰ বিষয়ে উল্লেখ কৰে। কেন্দ্ৰীয় হস্ততাঁত বস্ত্র দপ্তৰৰ...

January 22, 2025 12:31 PM

views 13

ৰাজ্যৰ ৩৫৪খন চাহ বাগিচা চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বাবে বুজাবুজিৰ চুক্তি

অসমৰ চাহ বাগিচা অঞ্চলত স্বাস্থ্যসেৱাৰ উন্নয়নৰ বাবে আজি ৩৫৪ খন চাহ বাগিচা চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ'ব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল আৰু চাহ জনজাতি কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাই চাহ বাগিচাৰ কৰ্তৃপক্ষৰ সৈতে আজি বিয়লি দিছপুৰ...

January 22, 2025 12:30 PM

views 12

দক্ষিণ শালমাৰা মানকাচৰত ৩ কোটি টকা মূল্যৰ মাদক দ্রব্যসহ মহিলাক আটক

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সোণাপুৰৰ বেকাৰডোবাত যোৱানিশা আৰক্ষীয়ে অভিযান চলাই প্রায় ৩ কোটি টকা মূল্যৰ মাদক দ্রব্য জব্দ কৰাৰ লগতে এগৰাকী মহিলাক আটক কৰে। যোৱানিশা গাঁওখনৰ নুৰ ইছলাম নামৰ লোকজনৰ ঘৰত চলোৱা অভিযানত আৰক্ষীয়ে বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰে।

January 22, 2025 12:29 PM

views 14

চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি অন্তিম দিন, ৫,৩৬০খন বিদ্যালয়ৰ ৪.৭৪ লাখ শিক্ষাৰ্থীৰ বহিঃমূল্যায়ন

চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি অন্তিম দিন। কাৰ্যসূচীৰ দ্বিতীয় দিনা কালি ৰাজ্যৰ ৫ হাজাৰ ৩৬০ খন বিদ্যালয়ৰ ৪ লাখ ৭৪ হাজাৰৰো অধিক শিক্ষাৰ্থীৰ বহিঃমূল্যায়ন কৰা হয়। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই বিষয়ে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি গুৱাহাটীৰ কাহিলিপাৰাৰ ফাগুনা ৰাভা উচ্চ মাধ্যমিক বিদ...

January 22, 2025 12:27 PM

views 13

প্ৰয়াগৰাজৰ মহাকুম্ভমেলাত অসমৰ কেইবাগৰাকীও সত্ৰাধিকাৰ আৰু ভকত-বৈষ্ণৱৰ সত্ৰীয়া সংস্কৃতি পৰিৱেশন

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত অসমৰ কেইবাগৰাকীও সত্ৰাধিকাৰ আৰু ভকত-বৈষ্ণৱে সত্ৰীয়া সংস্কৃতি পৰিৱেশন কৰিছে। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনার্দন দেৱগোস্বামীৰ নেতৃত্বত যোৱা ৩০ জনীয়া বৈষ্ণৱ সাংস্কৃতিক দলটোৱে প্ৰয়াগৰাজৰ প্ৰাগজ্যোতিষ ক্ষেত্ৰত নিৰ্মাণ কৰা নামঘৰৰ গুৰু আসনত ম...

January 22, 2025 12:26 PM

views 5

নুমলীগড় তিনিআলিৰ পৰা শোধনাগাৰ সংযোগী ৩৯ নম্বৰ ৰাষ্ট্ৰীয় পথত আজিৰে পৰা অহা ৩ দিনৰ বাবে দৈনিক ৬ঘণ্টা গধূৰ যান-বাহনৰ চলাচল বন্ধ

নুমলীগড় তিনিআলিৰ পৰা নুমলীগড় শোধনাগাৰ সংযোগী ৩৯ নম্বৰ ৰাষ্ট্ৰীয় পথেৰে আজিৰে পৰা অহা ৩ দিনৰ বাবে দৈনিক ৬ঘণ্টা গধূৰ যান-বাহন, ট্রাক, বাছ আদিৰ চলাচল বন্ধ থাকিব। পুৱা ৪ বজাৰ পৰা ১০ বজালৈ নুমলীগড় জাহাজ ঘাটৰ পৰা এন আৰ এললৈ বৃহৎ আকাৰৰ যন্ত্ৰ কঢ়িয়াই অনাৰ সময়ত হ'ব পৰা যান-জঁট আৰু জনসাধাৰণৰ অসুবিধাৰ প্...

January 22, 2025 12:25 PM

views 15

সংযুক্ত টাই জনগোষ্ঠীয় সামাজিক-সাংস্কৃতিক সংঘৰ উদ্যোগত তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ

সংযুক্ত টাই জনগোষ্ঠীয় সামাজিক-সাংস্কৃতিক সংঘৰ উদ্যোগত দুলীয়াজান সমষ্টি আৰু টেঙাখাতবাসী ৰাইজৰ সহযোগত কালিৰে পৰা তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ অনুষ্ঠিত হৈছে। বহিঃৰাষ্ট্ৰ থাইলেণ্ড, ম্যানমাৰৰ উপৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ টাই জনগোষ্ঠীৰ প্ৰতিনিধি আৰু ৰাজ্যৰ বিভিন্ন অঞ্চলত বসবাস কৰা অঞ্...

January 22, 2025 12:24 PM

views 18

গুৱাহাটীৰ পাঞ্জাবাৰীৰ শিল্পগ্রামত অনুষ্ঠিত শিল্পগ্রাম মহোৎসৱৰ সামৰণি

কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি মন্ত্ৰ্যালয়ৰ উত্তৰ-পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত যোৱা ১৭ জানুৱাৰীৰ পৰা গুৱাহাটীৰ পাঞ্জাবাৰীৰ শিল্পগ্রামত অনুষ্ঠিত শিল্পগ্রাম মহোৎসৱৰ কালি সামৰণি পৰে। কালি সামৰণী অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ অংশ হিচাপে কালাৰ্ছ অব্ ইণ্ডিয়া শীৰ্ষক বাৰে...