January 23, 2025 8:04 PM

views 11

জাপান ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা দেশখনৰ কেইবাখনো মন্ত্ৰী-নেতাক সাক্ষাৎ

জাপান ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি দেশখনৰ ন্যায় বিভাগৰ ৰাজ্যমন্ত্ৰী কোমুৰা মাছাহিৰোক সাক্ষাৎ কৰি জাপানৰ কোম্পানীসমূহৰ বাবে অসমত বিনিয়োগৰ সুচল পৰিবেশ সৃষ্টিৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে জাপানৰ মন্ত্ৰীগৰাকীক অসম চৰকাৰে দেশখনৰ...

January 23, 2025 8:01 PM

views 19

পঞ্চায়ত নির্বাচন সন্দৰ্ভত ৰায় স্থগিত ৰখা ৫খন জিলাত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনুমতি

গুৱাহাটী উচ্চ ন্যায়ালয়ে পূর্বে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰা সন্দৰ্ভত ৰায় স্থগিত ৰখা ৫ খন জিলাতো এই নির্বাচন অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিছে। ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে আজি এটা গুৰুত্বপূৰ্ণ ৰায়যোগে ৰাজ্যখনৰ এই ৫ খন জিলাত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়ে। খণ্ড বিচাৰপীঠে পূৰ্বৰ এ...

January 23, 2025 7:52 PM

views 23

সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত

সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে। ৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি, আম আদমী পাৰ্টী আৰু কংগ্ৰেছ দলে ভোটদাতাক নিজৰ দলীয় প্ৰাৰ্থীৰ প্ৰতি আকৰ্ষণ কৰিবলৈ ৰোড শ্ব', ৰাজহুৱা সভা আৰু জনসাধাৰণৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলাই আছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কিৰাড়ী, কে...

January 23, 2025 7:50 PM

views 18

মহাৰাষ্ট্ৰৰ পছোৰাৰ ৰে’ল দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩লৈ বৃদ্ধি

মহাৰাষ্ট্ৰৰ জলগাঁও জিলাৰ পছোৰাত কালি বিয়লি হোৱা ৰে'ল দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩লৈ বৃদ্ধি পাইছে। ইয়াৰে ১০জনক চিনাক্ত কৰা হৈছে। মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে আজি এই বিষয়ে প্ৰকাশ কৰে। সাংবাদিকৰ আগত শ্ৰীপাৱাৰে কয় যে পুস্পক এক্সপ্ৰেছত জুই লগা বুলি উৰা বাতৰি বিয়পাৰ পাছত চেইন টানি ...

January 23, 2025 7:46 PM

views 19

ভাৰতে পাকিস্তানৰ সৈতে বাণিজ্য পুনৰ আৰম্ভ কৰাত কোনো আলোচনা কৰা নাই : মন্ত্ৰী ড০ এছ জয়শংকৰ

ভাৰতে পাকিস্তানৰ সৈতে বাণিজ্য পুনৰ আৰম্ভ কৰাৰ বাবে কোনো ধৰণৰ আলোচনা কৰা নাই বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰকাশ কৰিছে। তেওঁ কয় যে পাকিস্তানৰ প্ৰশাসনেহে ২০১৯ চনত ভাৰতৰ সৈতে বাণিজ্যিক সম্পর্ক বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল। কালি ৱাশ্বিংটন ডিচিত সংবাদ মাধ্যমৰ আগত ড০ জয়শংকৰে কয় যে ভাৰতে দী...

January 23, 2025 7:43 PM

views 10

নেতাজী সুভাষ চন্দ্ৰ বসুলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ স্মৰণ

অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত আজি নেতাজীক স্মৰণৰ বাবে কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই জন্মবার্ষিকীত নেতাগৰাকীক স্মৰণ কৰি দিয়া এটা বাৰ্তাত নেতাজীৰ জীৱন আৰু আদৰ্শই প্ৰতিগৰাকী ভাৰতীয়ক ৰাষ্ট্ৰসেৱাত উৎসর্গিত হ'বলৈ অনুপ্ৰাণিত কৰে বুলি মন্তব্য কৰে। জাপান ভ্ৰ...

January 23, 2025 7:37 PM

views 23

সমগ্ৰ দেশত আজি পৰাক্ৰম দিৱস পালন

নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৮ সংখ্যক জন্মবার্ষিকীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশত আজি পৰাক্ৰম দিৱস পালন কৰা হৈছে। এই উপলক্ষে সংস্কৃতি মন্ত্ৰ্যালয়ে নেতাজীৰ জন্মস্থান ওড়িশাৰ কটকত তিনিদিনীয়া উদযাপন সমাৰোহৰ আয়োজন কৰিছে। ওড়িশাৰ মুখ্যমন্ত্রী মোহন চৰণ মাঝিয়ে এই সমাৰোহ উদ্বোধন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপ...

January 23, 2025 1:20 PM

views 12

জাপানৰ ১৬০গৰাকীৰো অধিক বিশিষ্ট ব্যৱসায়ীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, এডভাণ্টেজ আছামলৈ আমন্ত্ৰণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি টকিঅ’ত জাপানৰ ১৬০ গৰাকীৰো অধিক বিশিষ্ট ব্যৱসায়ীক সাক্ষাৎ কৰি বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ আমন্ত্ৰণ জনায়। সাক্ষাৎকালত অসমৰ অৰ্থনৈতিক সাফল্য আৰু ব্যৱসায়িক সুচলতাৰ বিষয়ে উল্লেখ কৰি ড° শৰ্মাই ভাৰত আৰু জাপানৰ মাজৰ অৰ্থনৈত...

January 23, 2025 1:19 PM

views 26

ৰাজ্যৰ বিভিন্ন স্থানত গণৰাজ্য দিৱসৰ প্ৰস্তুতি, আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানতো গণৰাজ্য দিৱসৰ প্ৰস্তুতি অব্যাহত আছে। ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ সময়ছোৱাত যাতে কোনোধৰণৰ কূটাঘাতমূলক ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসালয় খেলপথাৰত হ'বলগীয়া কাৰ...

January 23, 2025 1:13 PM

views 18

৭৬সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি শ্ৰীলংকাত ভাৰতীয় উচ্চ আয়োগৰ বিশেষ সংগীতানুষ্ঠান, পাপনৰ গীত পৰিৱেশন

আসন্ন ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি শ্ৰীলংকাত থকা ভাৰতীয় উচ্চ আয়োগে কলম্বোৰ নেলুম পকুনা থিয়েটাৰত কালি বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই গীতেৰে দৰ্শকক মন্ত্রমুগ্ধ কৰে। স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত দেশ...